ETV Bharat / state

Tense situation for Drugs: ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰৰ দাবীত বাঘজান থানা ঘেৰাও

author img

By

Published : Apr 6, 2023, 8:25 AM IST

তিনিচুকীয়া জিলাৰ বৃহত্তৰ কৰ্দৈগুৰি অঞ্চলৰ জকাইচুক গাঁও নৱজ্যোতি যুৱ সংঘ, মহিলা সমিতি আৰু জকাইচুক গাঁওৰক্ষী বাহিনীৰ লগতে গাঁওবাসী ৰাইজৰ প্ৰতিকূল বতৰৰ মাজতে ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে বাঘজান থানা ঘেৰাও কাৰ্য্যসূচী ৷ অভিযুক্ত ড্ৰাগছ ব্যৱসায়ী মণ্টু মৰাণ আৰু কোমল মৰাণক গ্ৰেপ্তাৰৰ দাবী ৰাইজৰ ৷ বুধবাৰে ফিল’বাৰীৰ নাজিৰাটিং বহুমুখী উন্নয়ন সংঘৰ কৰ্মকৰ্তাসকলে এক গোপন খবৰৰ ভিত্তিত আমগুৰি গাঁৱৰ দেবেন মৰাণৰ ঘৰত অভিযান চলাই ড্ৰাগছসহ পাঁচজনকৈ যুৱকক ড্ৰাগছ সেৱন কৰি থকাৰ সময়ত হাতে-লোটে কৰায়ত্ত কৰে (Public Caught Drug Addict in Tinsukia) ৷

Public Caught Drug Addict in Tinsukia
ৰাইজে হাতে-লোটে ধৰিলে ড্ৰাগছ আসক্তক

ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰৰ দাবীত বাঘজান থানা ঘেৰাও

তিনিচুকীয়া, 6 এপ্ৰিল: যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া বৰবিহ সদৃশ মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে অভিযান ৷ ইয়াৰ পাছতো আৰক্ষীৰ চকুত ধূলি দি ৰাজ্যৰ চুকে-কোণে বৰ্তমানেও উপলব্ধ হৈ আছে এই বৰবিহ ৷ আৰক্ষীয়ে যিমানেই অপৰাধীক আটক কৰিছে, সিমানেই বেলেগ বেলেগ পদ্ধতিৰে সৰবৰাহকাৰীয়ে সৰবৰাহ কৰি আহিছে এই বৰবিহ (Assam Police drive against drugs) ৷ কেৱল চহৰ অথবা নগৰেই নহয়, বৰ্তমান ৰাজ্যৰ গাঁৱে-ভূঁঞে, বহু ভিতৰুৱা অঞ্চললৈও প্ৰসাৰিত হৈছে ড্ৰাগছৰ প্ৰচলন ৷ মাৰাত্মক ড্ৰাগছৰ কবলত পৰি বহুতৰে জীৱন ধ্বংস হোৱাৰ লগতে বহু সময়ত ড্ৰাগছ আসক্তৰ পৰিয়ালো ধ্বংসৰ মুখলৈ গতি কৰা পৰিলক্ষিত হৈছে (Anti Drugs Mission)৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাতো ভয়াৱহ ৰূপ লৈছে মাৰাত্মক ড্ৰাগছৰ প্ৰচলনে৷ জিলাখনৰ বহু ভিতৰুৱা অঞ্চললৈও শিপাইছে ড্ৰাগছৰ প্ৰচলন ৷ মঙলবাৰে তিনিচুকীয়া জিলাৰ বৃহত্তৰ কৰ্দৈগুৰি অঞ্চলৰ জকাইচুক গাঁও নৱজ্যোতি যুৱ সংঘ, মহিলা সমিতি আৰু জকাইচুক গাঁওৰক্ষী বাহিনীৰ লগতে গাঁওবাসী ৰাইজে প্ৰতিকূল বতৰৰ মাজতে ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে বাঘজান থানা ঘেৰাও কাৰ্য্যসূচী ৰূপায়ণ কৰে (Public Protest Against Drugs in Tinsukia)৷

এই কাৰ্যসূচীৰ জৰিয়তে অভিযুক্ত ড্ৰাগছ ব্যৱসায়ী মণ্টু মৰাণ আৰু কোমল মৰাণক গ্ৰেপ্তাৰৰ দাবী জনাই ৰাইজে ৷ ইয়াৰ পূৰ্বে ৰঞ্জিত মৰাণ নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিছিল ৷ গতিকে ড্ৰাগছৰ প্ৰচলনেৰে অঞ্চলটোৰ সামাজিক বাতাবৰণ বিনষ্ট কৰা বাকী সকলকো অতি সোনকালে আৰক্ষীয়ে কৰায়ত্ব কৰি উচিত শাস্তি বিহাৰ দাবী কৰে ৰাইজে ৷ অন্যথা অনাগত দিনত ইয়াতকৈও অধিক তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে (Heated situation over drugs in Tinsukia) ৷

ইফালে বুধবাৰে ফিল’বাৰীৰ নাজিৰাটিং বহুমুখী উন্নয়ন সংঘৰ কৰ্মকৰ্তাসকলে এক গোপন খবৰৰ ভিত্তিত আমগুৰি গাঁৱৰ দেবেন মৰাণৰ ঘৰত অভিযান চলাই ড্ৰাগছসহ পাঁচজনকৈ যুৱকক ড্ৰাগছ সেৱন কৰি থকাৰ সময়ত হাতে-লোটে কৰায়ত্ত কৰে ৷ যুৱক কেইজনৰ পৰা কিছু পৰিমানৰ ড্ৰাগছৰ লগতে ড্ৰাগছ সেৱন কৰাত ব্যবহৃত সামগ্ৰীও জব্দ কৰিবলৈ সক্ষম হয় (Public Caught Drug Addict in Tinsukia)।

পৰৱৰ্তী সময়ত নাজিৰাটিং বহুমুখী উন্নয়ন সংঘৰ কাৰ্যালয়ৰ সমীপত থকা ৰংগমঞ্চত শ-শ পুৰুষ-মহিলাৰ উপস্থিতিত পাঁচ যুৱকক সোধা-পোছা কৰাত যুৱক কেইজনে ফিল'বাৰীত মাৰাত্মক ড্ৰাগছৰ বেহা চলাই থকা 6 টাকৈ ড্ৰাগছ ব্যৱসায়ীৰ নাম উল্লেখ কৰে । ৰাইজৰ আগত যুৱককেইজনে আমগুৰি গাঁৱৰ দেৱ মৰাণ, আমগুৰি মাজগাঁৱৰ নেত্ৰ বুঢ়াথোকী, আমগুৰি গাঁৱৰ আনন্দ বড়া, ফিল'বাৰী ৰবৰগুৰি গাঁৱৰ হৰেণ সোণোৱাল, ৰুমাই গাভৰুৰ বিতুপন দহোতীয়া আৰু ৰতনী পথাৰৰ চক্ৰেশ্বৰ মৰাণে ফিল'বাৰী অঞ্চলত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ বেহা চলাই থকা বুলি ৰাইজৰ আগত স্বীকাৰোক্তি দিয়ে । ৰাইজে কৰায়ক্ত কৰা পাঁচজন যুৱকক পৰৱৰ্তী সময়ত ফিল'বাৰী আৰক্ষী থানাত গতাই দিয়াৰ লগতে আন ড্ৰাগছ সৰবৰাহকাৰীসকলক শীঘ্ৰেই কৰায়ত্ব কৰিবলৈ আৰক্ষীক দাবী জনায় (Tense situation for Drugs in Tinsukia)।

উল্লেখযোগ্য যে, কেইদিনমান পূৰ্বে তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ কৰ্দৈগুৰিৰ জকাইচুক গাঁৱত নিশা ড্ৰাগছক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ ৷ স্থানীয় ৰাইজে এটা ড্ৰাগছ সেৱনকাৰীকো কৰায়ত্ত কৰিছিল । মন্টু মৰাণ আৰু ৰঞ্জিত মৰাণ নামৰ দুজন লোকে ড্ৰাগছ সেৱন কৰি থকাৰ সময়তেই গাঁৱৰ ৰাইজ উপস্থিত হোৱাত মন্টু মৰাণ নামৰ লোকজন পলায়ন কৰে যদিও ৰঞ্জিত মৰাণক ৰাইজে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছিল (Tense situation prevailed in Tinsukia over drugs) ৷

লগতে পঢ়ক: Assam Arunachal Border Issue : চলিত বছৰৰ শেষত সমাধানৰ দিশে সীমান্ত সমস্যা, বিধানসভাত মন্ত্ৰী অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.