ETV Bharat / state

অইলৰ নিযুক্তি কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবী ছাত্র মুক্তিৰ

author img

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 7:36 PM IST

অইল ইণ্ডিয়া লিমিটেডৰ নিযুক্তিত কেলেংকাৰী । অইল ইণ্ডিয়া লিমিটেডে দায়িত্ব দিয়া Edu Test নামৰ ব্যক্তিগত গুজৰাটী কোম্পানীটো সম্পূর্ণৰূপে বিফল বুলি দাবী ছাত্র মুক্তি সংগ্রাম সমিতিৰ ।

Press meet of SMSS
ছাত্র মুক্তি সংগ্রাম সমিতিৰ সংবাদমেল

ছাত্র মুক্তি সংগ্রাম সমিতিৰ সংবাদমেল

তিনিচুকীয়া, ২৯ ডিচেম্বৰ: ছাত্র মুক্তি সংগ্রাম সমিতিয়ে আজি তিনিচুকীয়াত এখন সংবাদমেলৰ জৰিয়তে অইল ইণ্ডিয়া লিমিটেডৰ নিযুক্তিৰ কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবী উত্থাপন কৰে ৷ সংগঠনটোৰ উপ সভাপতি মাধুৰ্য্য বৰুৱা,সম্পাদক জগজিৎ গোঁহাই,পাপু দত্তকে আদি কৰি কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰা সংবাদমেলখনত তেওঁলোকে কয় যে অইল ইণ্ডিয়া লিমিটেডৰ শেহতীয়া কাৰিকৰী পদৰ বিজ্ঞাপন নং HRAQ/REC- WP-B/2023-66 DATED 28/03/2023 ৰ জৰিয়তে অইল অধ্যুষিত অঞ্চলৰ শিক্ষিত নিবনুৱা বাবে পৰীক্ষা অনুষ্ঠিত কৰিছিল । দেশৰ ভিতৰতে লাভজনক মহাৰত্ন কোম্পানী অইল ইণ্ডিয়াই এটা নিযুক্তি প্রক্রিয়া সুকলমে খেলি-মেলি নোহোৱাকৈ অনুষ্ঠিত কৰিব নোৱাৰিলে বুলি ক্ষোভেৰে কয় ছাত্র মুক্তি সংগ্রাম সমিতিৰ নেতাকেইগৰাকীয়ে ।

তেওঁলোকে কয় যে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ অইল ইণ্ডিয়া লিমিটেডে দায়িত্ব দিয়া Edu Test নামৰ ব্যক্তিগত গুজৰাটী কোম্পানীটো সম্পূর্ণৰূপে বিফল হ'ল । পৰীক্ষা অনুষ্ঠিত হোৱা কেন্দ্রসমূহৰ ভিতৰত তিনিচুকীয়া কেন্দ্ৰৰ পৰা পৰীক্ষা হোৱাৰ সময়ত কোনো প্রার্থীয়ে Whats App যোগে প্রশ্ন সমূহ প্ৰেৰণ কৰা ফটোকপি দেখা গৈছে । এইক্ষেত্রত অইল ইণ্ডিয়া লিমিটেডে কি ধৰণে ব্যৱস্থা গ্রহণ কৰিছে উক্ত কেন্দ্রটো লগতে Edu Test নামৰ পৰীক্ষা অনুষ্ঠিত কৰা ব্যক্তিগত প্রতিষ্ঠানটো বিৰুদ্ধে সেই কথা এতিয়ালৈকে স্পষ্ট কৈ ৰাজহুৱা কৰা নাই ।

এই ঘটনাৰ মাজতে অইলে নিয়মিতভাৱে বাতৰি কাকতত প্রদান কৰা দুর্নীতি বিৰোধী বিজ্ঞাপন প্রদান কৰিয়ে দায়িত্ব সামৰি ৰাখিছে বুলি তেওঁলোকে মন্তব্য় কৰে । সংগঠনটোৰ উপ সভাপতি মাধুৰ্য্য বৰুৱাই কয় যে অতি গুৰুত্বপূর্ণ কথা যে ২০২০ বৰ্ষত পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে অইল ইণ্ডিয়া লিমিটেডে আহ্বান জনোৱা নিবিদাত ভাগ লৈ Technical Bidত Edu Test নামৰ কোম্পানীটোৱে পুনৰ ২০২২ বৰ্ষত অনুষ্ঠিত হোৱা নিবিদাক কেনেকৈ যোগ্যতা অর্জন কৰিলে সেইটো অতি আশ্চর্য্যজনক ঘটনা । এনে ধৰণৰ বিষয়সমূহক লৈ ছাত্র মুক্তিয়ে ধাৰাবাহিকভাৱে গণতান্ত্রিক আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ পিছত অইল ইণ্ডিয়াৰ লগত যোৱা ১৪ ডিচেম্বৰত দ্বিপাক্ষিক আলোচনা হৈছিল যদিও অইল ইণ্ডিয়াই অনাগত পৰীক্ষা সমূহত কোনো বেমেজালি নোহোৱাকৈ অনুষ্ঠিত কৰা হ'ব বুলি গা এৰা মন্তব্য দিয়ে । এই কাৰ্যত ছাত্ৰ মুক্তিয়ে আলোচনা গৃহ ত্যাগ কৰি সংবাদ মাধ্যমৰ জৰিয়তে অইলক এই সন্দৰ্ভত কি ধৰণৰ তদন্ত আগবাঢ়িছে সেয়া ৰাজহুৱা কৰিব বাবে আহ্বান জনাইছিল যদিও অইল ইণ্ডিয়াই আজি পর্যন্ত কোনো ধৰণৰ সুদুত্তৰ দিব পৰা নাই ।

লগতে পঢ়ক:কাছাৰত পুনৰ মৰণাতেই জ্বলিল অট’সহ ধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.