ETV Bharat / state

Kidnapping at Namsai: 48 ঘণ্টাৰ পিচতো সন্ধান নাই অপহৃত দীনেশ শৰ্মাৰ

author img

By

Published : Apr 29, 2023, 9:40 PM IST

ক’লৈ গ’ল দীনেশ শৰ্মা ? অপহৰণ কৰাৰ 48 ঘণ্টাৰ পিচতো সন্ধান পোৱা নাই তেল ডিপোৰ কৰ্মচাৰী দীনেশ শৰ্মাৰ (no trace of abducted Dinesh Sharma) ৷ অঞ্চলটোত তীব্ৰ উত্তেজনা...

After 48 hours, no trace of abducted Dinesh Sharma
48 ঘণ্টাৰ পিচতো সন্ধান নাই অপহৃত দীনেশ শৰ্মাৰ

48 ঘণ্টাৰ পিচতো সন্ধান নাই অপহৃত দীনেশ শৰ্মাৰ

তিনিচুকীয়া, 29 এপ্ৰিল: অপহৰণৰ 48 ঘণ্টাৰ পাচতো সন্ধান নাই দীনেশ শৰ্মাৰ (Kidnapping at Arunachal) ৷ বুধবাৰে অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ চৌখামৰ তেলৰ ডিপোত নিশা প্ৰায় 7.50 বজাত ডিপোটোৰ কৰ্মচাৰী (কেচিয়াৰ) বিহাৰৰ দীনেশ শৰ্মাক 3 জনীয়া অস্ত্ৰধাৰী এটা দলে অপহৰণ কৰি নিয়াৰ পিচতেই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে (no trace of abducted Dinesh Sharma) ৷ হাতত উদ্যত মাৰণাস্ত্ৰ লৈ তিনিজনীয়া অচিনাক্ত বন্দুকধাৰীয়ে দীনেশ শৰ্মাক অপহৰণ কৰাৰ পাচতেই অৰুণাচলৰ গৃহ বিভাগতো জোকাৰণিৰ সৃষ্টি হৈছে (Kidnapping at Namsai) ৷

শনিবাৰে এই সন্দৰ্ভত নামচাই জিলাৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া অনুসৰি, অপহৰণকাৰী দলটোৱে পেট্ৰ’ল ডিপুৰ মেনেজাৰৰ সন্মুখতে মালিকক 5 কোটি টকাৰ মুক্তিপণ দিবলৈ কৈ গৈছিল (kidnappers demand 5 crore) ৷ এই পৰ্যন্ত কোনো এটা বিদ্ৰোহী সংগঠনে অপহৰণৰ দ্বায়িত্ব স্বীকাৰ কৰা নাই ৷ গতিকে এতিয়ালৈ কাকো সন্দেহ কৰিব পৰা নাই ৷

নামচাই চৌখামৰ ভাৰত পেট্ৰলিয়ামৰ তেলৰ ডিপোটোৰ পৰা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে গোপন কেমেৰাৰ দৃশ্য সংগ্ৰহ কৰি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে (CCTV footage of kidnapping) । অপহৰণকাণ্ড সংঘটিত হোৱাৰ সময়ত ডিপোৰ গোপন কেমেৰাত বন্দী হোৱা দৃশ্য অনুসৰি সম্পূৰ্ণ সুসজ্জিত হৈ আহিছিল দলটো ৷ দলটোৱে হাতত AK47 ৰ দৰে মাৰণাস্ত্ৰ লৈ অহাৰ লগতে বুলেটপ্ৰুফ পৰিধান কৰি আহিছিল ৷ ইয়াৰ পৰা এটাই অনুমান কৰিব পাৰি যে এয়া সহজভাৱে ল’ব পৰা ঘটনা নহয় ৷ এয়া নিশ্চয় শক্তিশালী সংগঠনে সম্পূৰ্ণ পৰিকল্পিতভাৱেই কৰা অপহৰণকাণ্ড ৷

ইয়াৰ পিচতে আৰক্ষী-অৰ্ধসামৰিক বাহিনীয়ে বিভিন্ন স্থানত তালাচী চকী বহুৱাইছে ৷ যাতে অপহৰণকাৰী দলটোৱে পলায়ন কৰিব নোৱাৰে ৷ ইতিমধ্যে অভিযানকাৰী দলটোৱে অঞ্চলটোৰ আশে পাশে থকা ঘন বনাঞ্চলসমূহতো চলাইছে অপহৰণকাৰী দলটোৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Namsai Kidnapping case: কোনে অপহৰণ কৰিলে তেল ডিপোৰ কৰ্মচাৰীক ?

ইফালে, দীনেশ শৰ্মাক অপহৰণ কৰি অপহৰণকাৰী দলটোৱে খোজকাঢ়ি লৈ যোৱাৰ সময়ত জেড পি এমৰ বাহনৰ চালক মিঠাই মাৰাণ্ডীয়ে (২৮) অপহৰণকাৰীৰ ওপৰত ফোনৰ ফ্লেছ লাইটৰ পোহৰ দিবলৈ চেষ্টা কৰিছিল যদিও তিনিটাকৈ গুলীচালনা কৰে দলটোৱে ৷ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মাৰাণ্ডী ৷ পৰৱৰ্তী সময়ত আহত মাৰাণ্ডীক সংকটজনক অৱস্থাত নিশাই নামচাই চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ কাৰণে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.