ETV Bharat / state

ফোন ধৰিলে "হেল্ল'"ৰ পৰিৱৰ্তে কওক "জয় আই অসম"

author img

By

Published : Dec 29, 2019, 5:23 PM IST

তিনিচুকীয়াৰ মাকুমত আছুৰ লগতে 30 টা সংগঠনৰ আহ্বানত "জনতাৰ গৰ্জন" ৷ প্ৰত্যেক অসমীয়াকে ম'বাইলত কথা পতাৰ সময়ত হেল্ল'ৰ পৰিৱৰ্তে জয় আই অসম ক'বৰ বাবে আহ্বান জনালে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সম্পাদক উদয়ণ কুমাৰ গগৈয়ে ৷

protest against caa in tinisukia
মাকুমত জনতাৰ গৰ্জন

তিনিচুকীয়া, 29 ডিচেম্বৰঃ ৰাজ্যত অব্যাহত আছে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ দেওবাৰে তিনিচুকীয়া জিলাৰ মাকুমত সদৌ অসম ছাত্ৰ সন্থাসহ 30 টা সংগঠনে বিধেয়ক খনৰ বিৰোধিতাৰে ৰূপায়ণ কৰিলে "জনতাৰ কণ্ঠ" নামে প্ৰতিবাদী কাৰ্যসূচী ৷ একেদৰে মাৰ্ঘেৰিটাত আছুৱে পালন কৰে "মাৰ্ঘেৰিটা গৰ্জন" নামে প্ৰতিবাদী কাৰ্যসূচী ৷ মাৰ্ঘেৰিটাৰ টাউন হাইস্কুল খেলপথাৰত ৫ সহস্ৰাধিকৰো অধিক প্ৰতিবাদী ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ৷

মাকুমত জনতাৰ গৰ্জন

মাকুমৰ ৰজনীকান্ত বৰদলৈ খেলপথাৰত সাব্যস্ত প্ৰতিবাদত অংশগ্ৰহণ কৰি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সম্পাদক উদয়ণ কুমাৰ গগৈয়ে অসমবাসীক আইনখনৰ বিৰোধিতাৰে এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে আহ্বান জনায় ৷

মাকুমত জনতাৰ গৰ্জন

প্ৰত্যেক অসমীয়াকে ম'বাইলত কথা পতাৰ সময়ত হেল্ল' ৰ পৰিৱৰ্তে জয় আই অসম ক'বৰ বাবে আহ্বান জনায় নেতাগৰাকীয়ে ৷ অনুষ্ঠানত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণৰ লগতে কেইবাটাও সংগঠনৰ কেইবাগৰাকীও নেতাৰ লগতে বহু সংখ্যক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়কঃ CAA সমৰ্থন কৰাৰ বাবেই বিধায়কক দলৰ পৰা বহিস্কাৰ কৰিলে মায়াৱতীয়ে

Intro:BREAKING NEWS

ৰাজ্যজুৰি অব্যাহত জাতিধ্বংসী কা' ৰ বিৰুদ্ধে প্ৰতিবাদ

কা' বাতিলৰ দাবীৰে তিনিচুকীয়াৰ মাকুমত আছু সহ ৩০ সংগঠনৰ "জনতাৰ কন্ঠ" কাৰ্য্যসূচী

মাকুমৰ ৰজনীকান্ত বৰদলৈ খেলপথাৰত প্ৰায় ৪ সহস্ৰাধিক ৰাইজ একত্ৰিত হৈ সাৱস্ত্য কৰিলে প্ৰতিবাদ ।

ইফালে কাৰ্য্যসূচীত উপস্থিত হৈ অসমীয়াই ম'বাইলত কথা পতাৰ সময়ত হেল্ল'ৰ পৰিৱৰ্তে "জ‌ই আই অসম" কোৱাৰ অহ্বান অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সম্পাদক উদয়ণ কুমাৰ গগৈৰ

অনুষ্ঠানত অংশগ্ৰহণ সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণBody:BYET:-অৰুণজ্যোতি মৰাণ,সভাপতি,সদৌ মৰাণ ছাত্ৰ সন্থা

BYET:- উদয়ণ কুমাৰ গগৈ,সাধাৰণ সম্পাদক,AJYPConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.