ETV Bharat / state

কাকপথাৰত ভয়ংকৰ দুৰ্ঘটনা

author img

By

Published : Jun 10, 2021, 8:16 AM IST

accident
কাকপথাৰত ভয়ংকৰ দুৰ্ঘটনা

কাকপথাৰৰ লাজুম গাঁৱত এক ভযংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ AS-23AA-3231 নম্বৰৰ এখন চাৰিচকীয়া বাহনে এটা কেঁকুৰীত নিয়ন্ত্ৰণ হেৰুৱাই এখম দোকানত ভিতৰত সোমাই যোৱা ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷

শদিয়া, 10 জুন : তিনিচুকীয়া জিলাৰ কাকপথাৰত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা ৷ AS-23AA-3231 নম্বৰৰ এখন চাৰিচকীয়া বাহনে এটা কেঁকুৰীত নিয়ন্ত্ৰণ হেৰুৱাই এখম দোকানত ভিতৰত সোমাই যায় ৷ এই দুৰ্ঘটনাটো সংঘটিত হৈছে কাকপথাৰৰ লাজুম গাঁৱত ৷

road-accident-in-kakopathar
কাকপথাৰত ভয়ংকৰ দুৰ্ঘটনা

দুৰ্ঘটনাত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় দোকানখন ৷ বাহন খনৰ চালক ৰাজকুমাৰ দাস আৰু সহায়ক নাৰায়ণ বৰুৱাই জানিবলৈ দিয়া মতে তিনিচুকীয়া গোপাল ফাৰ্মা নামৰ এখন ফাৰ্মাচীৰ পৰা অৰুণাচলৰ নামচাইত ঔষধ থৈ ওভতি আঁহোতে সংঘটিত হয় এই দুৰ্ঘটনাটো ৷

ৰাইজৰ অভিযোগ অনুসৰি চালক কেইজনে অৰুণাচল প্ৰদেশৰ পৰা সুৰা সেৱন কৰি সম্পূৰ্ণ সুৰাসক্ত অৱস্থাত আছিল ৷ যাৰ বাবে দুৰ্ঘটনাটো সংঘটিত হয় ৷ দুৰ্ঘটনাত চালক আৰু সহযোগী দুয়োগৰাকী কম-বেছি পৰিমাণে আঘাট প্ৰাপ্ত হৈছে ৷

লগতে পঢ়ক: নিচা আৰু অপৰাধমুক্ত অসম গঢ়াৰ পণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.