ETV Bharat / state

টিংখাঙত গণৰাজ্য দিৱস উপলক্ষে আৰক্ষীৰ ব্যাপক তৎপৰতা

author img

By

Published : Jan 25, 2020, 9:29 AM IST

Updated : Jan 25, 2020, 9:49 AM IST

টিংখাং
টিংখাঙত গণৰাজ্য দিৱস উপলক্ষে আৰক্ষীৰ ব্যাপক তৎপৰতা

দেওবাৰে উদযাপন কৰা হ'ব দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱস ৷ যাৰ বাবে ৰাজ্যজুৰি চলোৱা হৈছে ব্যাপক প্ৰস্তুতি ৷ টিংখাঙত কোনো উগ্ৰপন্থীয়ে যাতে কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰাকৈ আৰক্ষীৰ কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে ৷ এছএছবিৰ জোৱানক লগত লৈ দিচাং নৈৰ পাৰত নিৰাপত্তা বেহু গঢ়ি তুলিছে ৰাজগড় আৰক্ষীয়ে ৷

টিংখাং, 25 জানুৱাৰীঃ ৭১ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যজুৰি চলোৱা হৈছে ব্যাপক প্ৰস্তুতি ৷ গণৰাজ্য দিৱসত উগ্ৰপন্থী সংগঠনে যাতে কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে টিংখাঙত আৰক্ষীৰ ব্যাপক তৎপৰতা । টিংখাঙৰ দিচাং নদীৰ পাৰৰ হাবিতলীয়া অঞ্চলৰ ঘৰ সমূহত যাতে কোনো উগ্ৰপন্থী সংগঠনৰ সদস্যই আশ্ৰয় লৈ থাকিব নোৱাৰে তাৰবাবে প্ৰতিটো ঘৰত তন্ন-তন্নকৈ তালাচী চলায় আৰক্ষীয়ে ৷

টিংখাঙত গণৰাজ্য দিৱস উপলক্ষে আৰক্ষীৰ ব্যাপক তৎপৰতা

উল্লেখ্য যে, বিগত সময়ছোৱাত টিংখাঙৰ ৰাজগড়কে ধৰি বিভিন্ন ঠাইত কূটাঘাতমূলক ঘটনা সংঘটিত হৈ আহিছে । যাৰ পৰিপ্ৰেক্ষিতত টিংখাং, ৰাজগড় আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি তোলাৰ পৰিলক্ষিত হৈছে । ৰাজগড় আৰক্ষীয়ে এছএছবিৰ জোৱানক লগত লৈ দিচাং নৈৰ পাৰত নিৰাপত্তা বেহু গঢ়ি তুলিছে । অৰুণাচল, নাগালেণ্ডৰ পৰা সোণাৰি সাপেখাতি হৈ যাতে টিংখাঙত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে নদী পথতো দিনে নিশাই পহৰা দিছে আৰক্ষীয়ে ৷

আৰু পঢ়কঃ ওদালগুৰিত গণৰাজ্য দিৱসৰ প্ৰস্তুতি

Intro:গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত টিংখাঙত আৰক্ষীৰ ব্যাপক তৎপৰতা । SSB জোৱানক লৈ দিচাং নৈৰ পাৰত নিৰাপত্তা বেহু ।

Body:Anchor- কাইলৈ দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱস । এই গণৰাজ্য দিৱসত উগ্ৰপন্থী সংগঠনে যাতে কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে টিংখাঙত আৰক্ষীৰ ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে। দিচাং নদীৰ পাৰৰ হাবিতলীয়া অঞ্চলৰ ঘৰ সমূহত যাতে কোনো উগ্ৰপন্থী সংগঠনৰ সদস্যই আশ্ৰয় লৈ থাকিব নোৱাৰে তাৰবাবে প্ৰতিটো ঘৰত তন্ন-তন্নকৈ তালাচি চলাই থকা হৈছে। বিগত সময়ছোৱাত টিংখাঙৰ ৰাজগড়কে ধৰি বিভিন্ন ঠাইত বিভিন্ন কূটাঘাত মূলক ঘটনা সংঘটিত হৈ আহিছে। এই সমূহৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ টিংখাং , ৰাজগড় আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি তোলাৰ পৰিলক্ষিত হৈছে। ৰাজগড় আৰক্ষীয়ে SSB জোৱানক লগত লৈ দিচাং নৈৰ পাৰত নিৰাপত্তা বেহু গঢ়ি তুলিছে । অৰুণাচল , নাগালেণ্ড আদি পাহাৰীয়া ৰাজ্য কেইখনৰ পৰা সোনাৰি সাপেখাতি হৈ যাতে টিংখাঙত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে এনেদৰে নদী পথতো আৰক্ষে দিনে নিশাই পহৰা দিয়া দেখিবলৈ পোৱা গৈছে -

বাইট- আৰক্ষী

টিংখাঙৰ পৰা দীপক গগৈ।Conclusion:Doo
Last Updated :Jan 25, 2020, 9:49 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.