ETV Bharat / state

Republic Day 2023: তিনিচুকীয়াত ৭৪তম গণৰাজ্য দিৱসৰ পতাকা উত্তোলন শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ

author img

By

Published : Jan 26, 2023, 12:29 PM IST

Updated : Jan 26, 2023, 12:35 PM IST

Republic Day observed in Tinsukia
৭৪তম গণৰাজ্য দিৱসৰ পতাকা উত্তোলন শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ

ৰাজ্যজুৰি গণৰাজ্য দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী ৷ তিনিচুকীয়াত কটকটীয়া নিৰাপত্তাৰ মাজেৰে বৰগুৰিস্থিত উদ্যোগিক প্ৰশিক্ষণ খেলপথাৰত আয়োজন কৰা ৭৪ তম গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে (Republic Day observed in Tinsukia)৷

৭৪তম গণৰাজ্য দিৱসৰ পতাকা উত্তোলন শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ

তিনিচুকীয়া, 26 জানুৱাৰী: আজি সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি পালন কৰা হৈছে গণৰাজ্য দিৱস (Republic Day 2023) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়াত জিলা প্ৰশাসনৰ দ্বাৰা বৰগুৰিস্থিত উদ্যোগিক প্ৰশিক্ষণ খেলপথাৰত আয়োজন কৰা ৭৪তম গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে (Republic Day observed in Tinsukia)৷

এই গণৰাজ্য দিৱসৰ বিশেষ আয়োজনত অতিথি হিচাপে উপস্থিত থাকে ৰাজ্য চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ (Labour Welfare Department minister Sanjay Kishan)৷ মন্ত্ৰীগৰাকীয়ে গণৰাজ্য দিৱসত উপস্থিত হৈ শ্বহীদ তৰ্পন, ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে উপস্থিত ৰাইজক সম্বোধন কৰি বক্তব্য আগবঢ়ায় ৷ লগতে তেওঁ আৰক্ষী, অৰ্ধসামৰিক বাহিনী, এন চি চি, বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ অভিবাদন গ্ৰহণ কৰে ৷

এই সমগ্ৰ কায্যসূচীত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণক সহযোগিতা আগবঢ়াই তিনিচুকীয়া জিলাৰ উপায়ুক্ত নৰ্ছিং পৱাৰ, আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপে। ইয়াৰ সমান্তৰালভাৱে জিলাখনৰ কেইবাগৰাকীও স্বাধীনতা সংগ্ৰামী নেতা-নেত্ৰীৰ লগতে বিশেষ ব্যক্তিক জিলা প্ৰশাসনে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰে ৷

আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপে কয় যে, আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্য অনুসৰি জিলাখনত কুটাঘাতমূলক ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰিছিল ৷ যদিও আৰক্ষীয়ে এতিয়ালৈ কোনোধৰণৰ কূটাঘাতমূলক ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰা নাই ৷ জিলখনৰ সুৰক্ষাৰ বাবে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে তিনিচুকীয়া আৰক্ষীয়ে ৷

সমগ্ৰ দেশৰ লগতে অসমত উলহ-মালহেৰে উদযাপন কৰা হয় গণৰাজ্য দিৱস (Republic Day in Assam)। প্ৰত্যেক বছৰে গণৰাজ্য দিৱসত ৰাজ্য চৰকাৰৰ মূল অনুষ্ঠানত কেন্দ্ৰীয়ভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজ্যপালে । আনহাতে এইবাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma)।

ইফালে দেশৰ ৰাজধানী দিল্লীতো গণৰাজ্য দিৱসৰ কাৰ্যসূচী উলহ মালহেৰে আয়োজন কৰা হয় (Republic Day in Delhi)। ইয়াত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৷ দেশ-বিদেশৰ বহু নেতাক এই দিৱসৰ কাৰ্যসূচীলৈ আমন্ত্ৰণ জনোৱা হৈছিল । ইজিপ্ত ৰাষ্ট্ৰপতি এইবাৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি । ইফালে এইবাৰৰ পেৰেডত অসমৰ কামাখ্যা মন্দিৰ আৰু বীৰ লাচিত বৰফুকনৰ প্ৰতীকপট প্ৰদৰ্শন কৰা হয় ।

লগতে পঢ়ক: Republic Day 2023: বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱস পালন

Last Updated :Jan 26, 2023, 12:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.