ETV Bharat / state

Protest in Tinsukia: দলং নিৰ্মাণৰ দাবীত ধলাত বিক্ষোভ

author img

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 7:15 PM IST

Sonowal Kachari Students Union protest in Tinsukia
ধলাৰ পুৰণি ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ

ধলাৰ পুৰণি ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু কলীয়াপানী বান্দৰনলা দলং নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ ৷ বীৰ চিলাৰায় সেতুৰ নামত আবন্টিত তিনি কোটি ৮৯ লাখ ৩২ হাজাৰ টকা ক'ত হেৰাল বুলি ৰাইজৰ প্ৰশ্ন ।

ধলাৰ পুৰণি ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ

তিনিচুকীয়া, ১৪ অক্টোবৰ: এখন দলং নিৰ্মাণৰ দাবীত ৰাইজৰ সহযোগত স্থানীয় কেইবাটাও দল সংগঠনে তিনিচুকীয়া জিলাৰ ধলাত শনিবাৰে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । আছু, অসম সেনা, আটছা, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, আটাছু, ভোজপুৰী যুৱ পৰিষদৰ লগতে স্থানীয় যুৱ সংঘই ৰূপায়ন কৰা এই বিক্ষোভ কাৰ্যসূচীত স্বতঃস্ফূতভাৱে অংশগ্ৰহণ কৰে ভুক্তভোগী ছাত্ৰ-ছাত্ৰীয়ে ।

প্ৰতিবাদকাৰী ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে এলাগী হৈ পৰিল বহুতো ইতিহাস বহন কৰা শদিয়া সমষ্টিৰ ঐতিহাসিক ছৈখোৱা-ধলাৰ পুৰণি ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু কলীয়াপানী বান্দৰনলা দলং ৷ দল সংগঠন তথা স্থানীয় ৰাইজে উক্ত দলঙখন নিৰ্মাণৰ নামত ২০১৭-২০১৮ বৰ্ষত “বীৰ চিলাৰায় সেতু” নামেৰে আবন্টিত হোৱা তিনি কোটি ৮৯ লাখ ৩২ হাজাৰ টকা কোনে উদৰস্থ কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে ৷ এই দলঙখনেৰেই কিছু বছৰ পূৰ্বলৈকে ৰাইজে যাতায়ত কৰিছিল ছৈখোৱাঘাট হৈ শদিয়ালৈ ।

এই দলঙখনৰ গাতে লাগি আছে ঐতিহাসিক জাগ্ৰত কেঁচাখাইটী শাল ৷ সেই পথেৰে প্ৰায় ৯ খনকৈ গাঁৱৰ ছাত্ৰ-ছাত্ৰী, ৰোগী, প্ৰসূতি, কৃষিজীৱী ৰাইজে যাত্ৰা কৰে ৷ বিভিন্ন সময়ত ছাত্ৰ-ছাত্ৰীকে ধৰি সাধাৰণ ৰাইজ দূৰ্ঘটনাত পতিত হ'বলগীয়া হৈছে জহি-খহি যাবলৈ ধৰা এই দলঙখনত ৷ এজাক বৰষুণ দিলে বিপদসংকুল ভাৱে টুলুঙা নাৱেৰে বিদ্যালয়লৈ অহা যোৱা কৰিবলগীয়া হয় ছাত্ৰ-ছাত্ৰী ৷

লগতে পঢ়ক:6th Foundation Day of HS Principals Forum: তিনিচুকীয়াত উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চৰ ষষ্ঠ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

এই দলং নিৰ্মাণৰ দাবীত ৰাইজৰ সহযোগত স্থানীয় কেইবাটাও দল সংগঠনে বিক্ষোভ কাৰ্যসূচীৰ জড়িয়তে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে দীৰ্ঘদিনৰ পৰা ভূগি অহা এই সমস্যাৰ কথা ক্ষোভেৰে কয় ৷ বিদ্যালয়ৰ ছাত্ৰসকলে অহা ডিচেম্বৰৰ ভিতৰত এই জহি-খহি যাবলৈ ধৰা ভগ্নপ্ৰায় দলঙখন নিৰ্মাণ কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক:Awareness Programme for Farmers : গোগামুখস্থিত ভাৰতীয় কৃষি অনুসন্ধান সংস্থা অসমৰ উদ্যোগত সজাগতা সভা সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.