Awareness Programme for Farmers : গোগামুখস্থিত ভাৰতীয় কৃষি অনুসন্ধান সংস্থা অসমৰ উদ্যোগত সজাগতা সভা সম্পন্ন

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 4:19 PM IST

thumbnail

ধেমাজি, 14 অক্টোবৰ : ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ অধীনৰ তথা ধেমাজি জিলাৰ গোগামুখস্থিত ভাৰতীয় কৃষি অনুসন্ধান সংস্থা চমুকৈ IARI য়ে অসমৰ কৃষকসকলক উপকৃত কৰিব পৰাকৈ কাৰিকৰী আৰু জৈৱিক পদ্ধতিৰে কেনেদৰে খেতি কৰি লাভান্বিত হ’ব পাৰি তাৰ ওপৰত গৱেষণা আৰু অধ্যয়ন অব্যাহত ৰাখিছে ৷ এই উদ্দেশ্যৰে সংস্থাই বগীনদীৰ টাদাং প্ৰাথমিক বিদ্যালয়ত এখন সজাগতা সভা অনুষ্ঠিত কৰে ৷  

সভাত ধান খেতিৰ উপৰিও উদ্যান শস্য, মীন পালন আৰু পশু পালনৰ জৰিয়তে কেনেদৰে উপকৃত হ’ব পাৰি তাৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰে বিশিষ্ট কৃষি বিজ্ঞানীসকলে ৷ গোগামুখস্থিত IARIৰ সমন্বয়ক তথা বিজ্ঞানী অৰ্পন ভৌমিকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সজাগতা সভাত IARI ৰ মুৰব্বী ড৹ লোহিত বৈশ্য , কৃষি বিজ্ঞানী আমজাদ বালাংগী, দীপজ্যোতি বৰুৱা, ড৹ সুনীল মাণ্ডীকে ধৰি কেইবাগৰাকী কৃষি বিজ্ঞানী আৰু ভালেসংখ্যক কৃষক উপস্থিত থাকে ৷ 

লগতে পঢ়ক : Foundation Day of AGP: বৰপেটাত অগপৰ প্ৰতিষ্ঠা দিৱসত শ্বহীদ পৰিয়ালক সম্বৰ্ধনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.