ETV Bharat / state

বিষয় কেব: ৰাজ্যজুৰি অব্যাহত বিভিন্ন দলৰ প্ৰতিবাদী কাৰ্যসূচী

author img

By

Published : Dec 2, 2019, 12:31 AM IST

Updated : Dec 2, 2019, 8:03 AM IST

কেব প্ৰসংগত ক্ৰমে উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য,বিভিন্ন স্থানত কেবৰ বিৰোধিতাৰে বিভিন্ন দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে,ডুমডুমাত প্ৰতিবাদ সাব্যস্ত কৰে বীৰ লাচিত সেনাই,চামগুৰিত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতীকী শৱদেহ দাহনেৰে এই বিধেয়কৰ বিৰোধিতা কৰে,ইপিনে ধনশিৰি মহকুমাৰ সৰুপথাৰতো ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে স্থানীয় ৰাইজৰ সহযোগত জোঁৰ সমদল কাৰ্যসূচী গ্ৰহণ কৰে

CAB PROTEST
বিষয় কেব: ৰাজ্যজুৰি অব্যাহত বিভিন্ন দলৰ প্ৰতিবাদী কাৰ্যসূচী

নিউজ ডেস্ক, ১ ডিচেম্বৰ: কেব প্ৰসংগত ক্ৰমে উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ ৰাজ্যৰ বিভিন্ন স্থানত কেবৰ বিৰোধিতাৰে বিভিন্ন দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ ডুমডুমাত দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে বীৰ লাচিত সেনাই ৷ ডুমডুমাস্থিত বীৰ লাচিত সেনাৰ আঞ্চলিক সমিতিয়ে গান্ধী প্ৰতিমূৰ্তিৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ সংগঠনটোৱে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল,দেশৰ অৰ্থনৈতিক দুৰৱস্থাৰ দূৰীকৰণ আৰু ডাঃ প্ৰিয়ংকা ৰেড্ডীৰ ধৰ্ষণকাৰীক উপযুক্ত শাস্তিৰ দাবী তুলি এই কাৰ্যসূচী হাতত লয় ৷ ‘নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক,নৰেন্দ্ৰ মোডী মুৰ্দাবাদ,অমিত শ্বাহ হুঁচিয়াৰ,বীৰ লাচিত সেনা জিন্দাবাদ ইত্যাদি শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বীৰ লাচিত সেনাৰ জোঁৰ সমদল

সমান্তৰালকৈ নগাঁৱৰ চামগুৰিত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতীকী শৱদেহ দাহনেৰে বিধেয়কখনৰ বিৰোধিতা কৰে ৷ প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্ৰী সোণোৱাল গ’বেক,হিমন্ত বিশ্ব শৰ্মা গ’বেক আদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। তদুপৰি ভৱিষ্যতেও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি যাব বুলি বিজেপি চৰকাৰক সকীয়নি প্ৰদান কৰে ৷

আমগুৰিত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অসম জাতীয়তা বাদী যুৱ ছাত্ৰ পৰিষদৰ জোঁৰ সমদল

ইপিনে ধনশিৰি মহকুমাৰ সৰুপথাৰতো ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে স্থানীয় ৰাইজৰ সহযোগত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত জোঁৰ সমদল কাৰ্যসূচী গ্ৰহণ কৰে ৷ অসমে কোনো কাৰণতে ১৯৭১ চনৰ পিছত অহা অবৈধ বাংলাদেশীৰ বোজা গ্ৰহণ নকৰে বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ৷ যদি এই বিধেয়ক গৃহীত হয় তেন্তে মুখ্যমন্ত্ৰী সোণোৱাল আৰু অসম চৰকাৰ দায়ী হব বুলিও হুংকাৰ প্ৰদান কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।

গোলাঘাটৰ সৰুপথাৰত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জোঁৰ সমদল

লগতে চাওক:ডা৹ মৃগাংক তালুকদাৰ নলবাৰী জিলা বিজেপিৰ নতুন সভাপতি

Intro:Slug : দেশৰ প্ৰধানমন্ত্ৰী, গৃহ মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ লাচিত সেনাৰ


V:O: দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহ মন্ত্ৰী অমৃত শ্বাহৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে বীৰ লাচিত সেনাই ৷ বীৰ লাচিত সেনা ডুমডুমা আঞ্চলিক সমিতিয়ে আজি ডুমডুমা গান্ধী মূৰ্তিৰ সন্মুখত মন্ত্ৰী দুজনৰ প্ৰতিকৃতি দাহ কৰি পৰিবেশ উত্তাল কৰি তুলে ৷ কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বকভাবে হিন্দু নাগৰিকত্ব বিধেয়ক২০১৬ বাতিল কৰা, দেশৰ বৰ্তমানৰ অৰ্থনীতি দুৰৱস্তা দূৰকৰা আৰু চিকিৎসক প্ৰিয়ংকা ৰেড্ডীৰ ধৰ্ষণকাৰীক উপযুক্ত শাস্তিৰ দাবীত এই কাৰ্যসুচী হাতত লয় সংগঠনটোৱে ৷ "হিন্দু নাগৰিকত্ব বিধেয়ক বাতিল কৰক" "নৰেন্দ্ৰ মোডী মুৰ্দাবাদ" "অমিত শ্বাহ হুছিয়াৰ" " বীৰ লাচিত সেনা জিন্দাবাদ" ইত্যাদি শ্লগানে ডুমডুমাৰ আকাশ বতাহ কপাঁই তুলে প্ৰতিবাদকাৰীয়ে ৷Body:Byte : leader, lachit henaConclusion:Mintu Talukdar
Sadiya
Last Updated :Dec 2, 2019, 8:03 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.