ETV Bharat / state

লাইকা-দধিয়াবাসীৰ আশ্ৰয় শিবিৰত সংকটজনক অৱস্থাত গৰ্ভৱতী মহিলা

author img

By

Published : Jan 6, 2021, 8:44 PM IST

তিনিচুকীয়া জিলাৰ বৃহত্তৰ লাইকা-দধিয়াবাসীয়ে নিজৰ পুনৰ সংস্থাপন বিচাৰি আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ দাবীত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ এডোখৰ চৰকাৰী ভূমিত শিবিৰ স্থাপন কৰি ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ বুধবাৰে ১৭টা দিন অতিক্ৰম কৰা আশ্ৰয় শিবিৰতে অসুস্থ হৈ পৰে এগৰাকী গৰ্ভৱতী মহিলা ৷ মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসামৰিক চিকিৎসালৈ প্ৰেৰণ কৰে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ চিকিৎসকে ৷

Pregnant woman in distress at laika dadhia shelter camp
লাইকা-দধিয়াবাসীৰ আশ্ৰয় শিবিৰত সংকট জনক অৱস্থাত গৰ্ভৱতী মহিলা

তিনিচুকীয়া,6 জানুৱাৰী: ২১ ডিচেম্বৰৰ পৰা তিনিচুকীয়া লাইকা-দধিয়া অঞ্চলৰ প্ৰায় ১৪ শ পৰিয়ালে পুনৰ সংস্থাপনৰ দাবীত তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ এডোখৰ চৰকাৰী ভূমিত অস্থায়ী শিবিৰ স্থাপন কৰি ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ মাজতে অস্থায়ী আশ্ৰয় শিবিৰতে অসুস্থ হৈ পৰে এগৰাকী গৰ্ভৱতী মহিলা ৷ কুস্মিতা মৰাং নামৰ 24 বছৰীয়া মহিলা গৰাকীক মঙলবাৰে নিশা তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল ৷ কিন্তু উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসামৰিক চিকিৎসালৈ প্ৰেৰণ কৰে। বৰ্তমান ICU ত জীৱন-মৰণৰ সৈতে যুঁজি আছে মহিলাগৰাকী ৷

লাইকা-দধিয়াবাসীৰ আশ্ৰয় শিবিৰত সংকট জনক অৱস্থাত গৰ্ভৱতী মহিলা

উল্লেখযোগ্য যে, তিনিচুকীয়া জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপত লেজাইহোলাত TMPK,MMK,TMMK তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত বৃহত্তৰ লাইকা-দধিয়াবাসীয়ে নিজৰ পুনৰ সংস্থাপন বিচাৰি আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ দাবীত কৰি অহা অনিৰ্দিষ্ট কালীন অৱস্থান ধৰ্মঘট প্ৰতিবাদী কাৰ্যসূচীয়ে বুধবাৰে ১৭ টা দিন অতিক্ৰম কৰিলে । তাৰ পাচতো এই পৰ্যন্ত চৰকাৰ-প্ৰশাসনৰ কোনো ধৰণৰ সঁহাৰি পোৱা নাই লাইকা-দধিয়াবাসী মিচিং সম্প্ৰদায়ৰ ৰাইজে।

লগতে পঢ়ক: বৰঘূলীৰ খহনীয়া পীড়িত অঞ্চলত গাইড-বান্ধ নিৰ্মাণত দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.