ETV Bharat / state

খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৃষ্ঠপোষকতাত চলিছে কয়লা ছিণ্ডিকেটঃ প্ৰদুৎ বৰদলৈ

author img

By

Published : Oct 3, 2019, 5:32 PM IST

Updated : Oct 3, 2019, 6:12 PM IST

কয়লা ছিণ্ডিকেটকলৈ বিস্ফোৰক মন্তব্য নগাঁৱৰ সাংসদ প্ৰদুৎ বৰদলৈৰ ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৃষ্ঠপোষকতাতে তিনিচুকীয়াত চলিছে কয়লা ছিণ্ডিকেট ৷

খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৃষ্ঠপোষকতা চলিছে কয়লা ছিণ্ডিকেটঃ প্ৰদুৎ বৰদলৈ

তিনিচুকীয়া, ৩ অক্টোবৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে উজনিত সংঘটিত হোৱা কয়লা ছিণ্ডিকেটকলৈ বিস্ফোৰক মন্তব্য কংগ্ৰেছৰ নগাঁৱৰ সাংসদ প্ৰদুৎ বৰদলৈৰ ৷ উজনি অসমৰ মাৰ্ঘেৰিটা, জয়পুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চত্ৰ-ছায়াতে চলিছে কয়লা ছিণ্ডিকেট ৷ এই গুৰুতৰ অভিযোগ নগাঁৱৰ সাংসদ প্ৰদুৎ বৰদলৈৰ ৷

বুধবাৰে তিনিচুকীয়াত উপস্থিত হৈয়ে উজনিৰ কয়লা ছিণ্ডিকেটকলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ওপৰত গুৰতৰ অভিযোগ উত্থাপন কৰে সাংসদগৰাকীয়ে ৷ সাংসদগৰাকীয়ে কয়,

খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৃষ্ঠপোষকতাত চলিছে কয়লা ছিণ্ডিকেটঃ প্ৰদুৎ বৰদলৈ

‘‘মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যেক পোন্ধৰ দিনৰ মূৰে-মূৰে মাজুলীলৈ যোৱাৰ পৰিৱৰ্তে তিনিচুকীয়ালৈ আহে ৷’’

লগতে কয়,

''যদিহে মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতা নাই তেন্তে কেনেই শ-শ গাড়ী, এক্সেভেটৰে বনাঞ্চল ধ্বংস কাৰ্য চলাবলৈ সাহস পাইছে ? গৃহবিভাগে এই বিষয়ে একো নাজানে নেকি ? ''

খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৃষ্ঠপোষকতাত চলিছে কয়লা ছিণ্ডিকেটঃ প্ৰদুৎ বৰদলৈ

গতিকে ৰিম’ট চেঞ্চিং এঞ্জেছিৰ তৰফৰ পৰা ছেটেলাইট চিত্ৰ গ্ৰহণ কৰিলেও সকলো কথা পোহৰলৈ আহিব বুলি কয় মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান গ্ৰহণৰ আহ্বান জনায় প্ৰদুৎ বৰদলৈয়ে ৷

Intro:STORY:- উজনিৰ কয়লা ছিণ্ডিকেট মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৃষ্ঠপোষকতা চলেঃ সাংসদ প্ৰদুৎ বৰদলৈ

তিনিচুকীয়া,৩ অক্টোবৰ:- উজনি অসমৰ মাৰ্ঘেৰিটা,জয়পুৰত কয়লা ছিণ্ডিকেট মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৃষ্ঠপোষকতা চলে৷ মুখ্যমন্ত্ৰীয়ে ইয়াৰ তদাৰক কৰে৷ প্ৰত্যেক পোন্ধৰ দিনৰ মোৰে মোৰে তিনিচুকীয়ালৈ মুখ্যমন্ত্ৰী আহে তদাৰক কৰিবলৈ"এই মন্তব্য নগাঁৱৰ সাংসদ প্ৰদুৎ বৰদলৈৰ৷ বুধবাৰে তিনিচুকীয়া উপস্থিত হৈ উজনিৰ কয়লা ছিণ্ডিকেটকলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক পুনৰ কটাক্ষ কৰে সাংসদ গৰাকীয়ে৷ সাংসদ বৰদলৈয়ে কয় যে,মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰত্যেক পোন্ধৰ দিনৰ মোৰে মোৰে মাজুলীলৈ যোৱাৰ পৰিৱৰ্তে তিনিচুকীয়ালৈ আহে কয়লা ছিণ্ডিকেটৰ তদাৰক কৰিবলৈ বুলি বিষ্ফোৰক মন্তব্য কৰে সাংবাদিকৰ আগত৷ ইপিনে নগাঁৱৰ সাংসদ গৰাকীৰ এই মন্তব্যৰ প্ৰতুত্তৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কেনেদৰে দিয়ে সেয়া লক্ষণীয় হ’ব৷Body:BYET:- প্ৰদুৎ বৰদলৈ,সাংসদ,নগাঁৱConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত৷
Last Updated :Oct 3, 2019, 6:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.