ETV Bharat / state

ভাৰতীয় সেনাৰ সাক্ষাৎকাৰলৈ যোৱা শ শ যুৱক আবদ্ধ অৰুণাচল সীমান্তত

author img

By

Published : Aug 1, 2020, 8:30 PM IST

ভাৰতীয় সেনাৰ পৰ্টাৰ পদৰ বাবে অসমৰ বিভিন্ন জিলাৰ সহস্ৰাধিক যুৱক অৰুণাচল প্ৰদেশৰ নামচাইলৈ গৈ সীমান্তৰ গেটত শনিবাৰে পুৱাৰে পৰা ঘন্টাজুৰি আবদ্ধ হৈ থাকিব লগীয়া হৈছে ৷

porter-interview-assames-boys-block-at-arunachal
ভাৰতীয় সেনাৰ সাক্ষাৎকাৰলৈ যোৱা শ শ যুৱক আবদ্ধ অৰুণাচল সীমান্তত

শদিয়া,1আগষ্টঃ তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৰ কাকপথাৰ ডিৰাক গেটত আবদ্ধ হৈ পৰিছে প্ৰায় সহস্ৰাধিক অসমৰ নিবনুৱা যুৱক ৷ ভাৰতীয় সেনাৰ পৰ্টাৰ ৰিক্ৰুইটমেন্ট পদৰ বাবে অসমৰ বিভিন্ন জিলাৰ সহস্ৰাধিক যুৱক অৰুণাচল প্ৰদেশৰ নামচাইলৈ আহি সীমান্তৰ গেটত পুৱাৰে পৰা ঘন্টাজুৰি আবদ্ধ হৈ থাকিব লগীয়া হৈছে ৷

ভাৰতীয় সেনাৰ সাক্ষাৎকাৰলৈ যোৱা শ শ যুৱক আবদ্ধ অৰুণাচল সীমান্তত

ইপিনে গোলাঘাট,লখিমপুৰ,দেৰগাঁও,ডিব্ৰুগড়, আদি বিভিন্ন ঠাইৰ সহস্ৰাধিক যুৱক আভদ্ধ হৈ থকাৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰাণ ছাত্ৰ সন্থাই ৷ সংগঠনটোৱে অৰুণাচলৰ লগতে অসম চৰকাৰ আৰু ভাৰতীয় সেনাকো উক্ত সমস্যাটোৰ ওপৰত ক্ষীপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ সীমান্তৰ পৰাই আহ্বান জনায় ৷

উল্লেখযোগ্য যে,আবদ্ধ হৈ থকা যুৱকে ক’ভিড স্বাৱ টেষ্টৰ নামত অৰুণাচল চৰকাৰে হাজাৰ হাজাৰ অসমৰ নিবনুৱা যুৱকক হাৰশাস্তি প্ৰদান কৰিছে বুলি অভিযোগ কৰে ৷ লগতে অসমৰ সলনি ক’ৰণাৰ আতংকৰ সময়ত কি কাৰণত অৰুণাচল প্ৰদেশত প্ৰৱেশত বাধা থকা স্বত্বেও ভাৰতীয় সেনাৰ উক্ত পদৰ বাবে অৰুণাচল প্ৰদেশত ব্যৱস্থা কৰিলে বুলি মৰাণ ছাত্ৰ সন্থাৰ লগতে আবদ্ধ হৈ থকা যুৱকসকলে প্ৰশ্ন কৰিছে প্ৰশাসনক ৷

লগতে পঢ়কঃ ডিফুত অনুষ্টুপীয়াকৈ উদযাপন কৰা হ'ল ঈদ-উদ-জোহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.