জৰাজীৰ্ণ পথে জীয়াতু ভোগাইছে ডুমডুমাৰ টিংখাং গাঁৱৰ ৰাইজক

author img

By

Published : Jun 23, 2022, 10:14 PM IST

people of dumdum are suffering for damaged road

চৰকাৰে ৰাজ্যৰ বাট-পথৰ উন্নয়ণৰ কথা যিমানেই নকওক কিয় এতিয়াও ৰাজ্যৰ একাংশ পথে উন্নয়ণৰ প্ৰকৃত ছবিখন দাঙি ধৰিছে সাধাৰণ জনতাৰ সন্মুখত । আজি আমি আপোনালোকক এনে এক জৰাজীৰ্ণ পথৰ কথা উল্লেখ কৰিম, যি পথে জীয়াতু ভোগাইছে ডুমডুমা বিধান সভাৰ অন্তৰ্গত গাভৰুভেটি গাঁও পঞ্চায়তৰ অন্তৰ্গত শীতলপুৰ টিংখাং গাঁৱৰ ৰাইজক(Damage road in Doomdoma) ।

ডুমডুমা,২৩ জুন: তিনিচুকীয়া জিলাৰ ডুমডুমা বিধান সভাৰ অন্তৰ্গত গাভৰুভেটি গাঁও পঞ্চায়তৰ শীতলপুৰ টিংখাং গাঁৱৰ ৰাইজে এটি জৰাজীৰ্ণ পথৰ বাবে জীয়াতু ভুগিব লগাত পৰিছে(Damage road in Doomdoma) । ভাৰতে স্বাধীনতা লাভ কৰাৰে পৰা ৰাইজে বসবাস কৰি অহা গাঁওখনৰ এই পথটো দেখিলে আপোনাৰো চকু কপালত উঠিব । একাঁঠু বোকা-পানী খচকি কণ-কণ ছাত্ৰ-ছাত্ৰীৰ পৰা বৃদ্ধজনেও পাৰ হয় এই পথটো (Poor road condition have troubled people) ।

জৰাজীৰ্ণ পথে জীয়াতু ভোগাইছে ডুমডুমাৰ টিংখাং গাঁৱৰ ৰাইজক

গাঁওবাসীয়ে এই পথটোৰ বাবে চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন-নিবেদন কৰি আহিছে যদিও আজি পৰ্য্যন্ত কোনো গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ পৰা দেখা গৈছে গাঁওবাসীক । উল্লেখ্য যে, চাহখেতি প্ৰধান এই এই গাঁওখনে কেঁচা চাহপাত উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যত এক বিশেষ ভূমিকা পালন কৰি আহিছে ।

কিন্তু এই পথটোৰ দুৰৱস্থাৰ বাবে কেঁচা চাহপাত চাইকেলেৰে নি গাড়ীত উঠোৱালৈকে বহু সমস্যাৰ সন্মুখীন হৈছে ক্ষুদ্ৰ চাহ খেতিয়ক তথা ব্যৱসায়ীসকলো । অতি শীঘ্ৰে এই পথটো নিৰ্মাণ কৰি ৰাইজক যাতায়াতৰ বাবে সুবিধা কৰি দিবলৈ ডুমডুমা বিধান সভা সমষ্টিৰ স্থানীয় বিধায়ক ৰূপেশ গোৱালাক ৰাইজে দাবী জনাইছে ।

লগতে পঢ়ক: পাঠ্যপুথি ক্ৰয়ৰ বাবে ৰাজ্যৰ শিক্ষাৰ্থীলৈ এহাজাৰ টকাকৈ অনুদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.