ETV Bharat / state

পাঠ্যপুথি ক্ৰয়ৰ বাবে ৰাজ্যৰ শিক্ষাৰ্থীলৈ এহাজাৰ টকাকৈ অনুদান

author img

By

Published : Jun 23, 2022, 5:42 PM IST

Ranoj Pegu at janata bhawan
পাঠ্যপুথি ক্ৰয়ৰ বাবে ৩৫৪৩৪১ গৰাকী শিক্ষাৰ্থীলৈ এহাজাৰ টকাকৈ অনুদান

শিক্ষাৰ্থীসকলক ধনৰাশিৰ সদ-ব্যৱহাৰৰ আহ্বান শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ । এল আই চি এজেণ্ট হিচাপে কাম কৰা শিক্ষকৰ বিৰুদ্ধে কঠোৰ হ'ব শিক্ষা বিভাগ । চৰকাৰী শিক্ষকসকলে চৰকাৰে প্ৰদান কৰা প্ৰতিটো দায়িত্ব পালন কৰিব লাগে । শিক্ষকসকলে মন গ’লেই স্কুল বন্ধ দিব নালাগে ।

গুৱাহাটী, ২৩ জুন : প্ৰজ্ঞান ভাৰতীৰ অধীনত আণ্ডাৰ গ্ৰেজুৱেট শিক্ষাৰ্থীক পাঠ্যপুথি ক্ৰয়ৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এহাজাৰ টকাকৈ আগবঢ়োৱা হৈছে (Pragyan Bharati scheme) । ৰাজ্যৰ ৩ লাখ ৫৪ হাজাৰ ৩৪১গৰাকী শিক্ষাৰ্থীলৈ এই অনুদান আগবঢ়োৱা হৈছে । দিছপুৰৰ জনতা ভৱনত আয়োজন কৰা এক অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অনুদান প্ৰদানৰ এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে (Ranoj Pegu at janata bhawan)।

শিক্ষাৰ্থীসকলৰ একাউণ্টত দিয়া এই ধনৰাশিৰ সদ-ব্যৱহাৰৰ বাবে শিক্ষামন্ত্ৰীয়ে শিক্ষাৰ্থীসকলৰ প্ৰতি আহ্বান জনায় । সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিৰ বাবে এইবাৰ চৰকাৰী বিদ্যালয়ৰ গৰম বন্ধ কিছু আগুৱাই ২৫ জুনৰ পৰা ২৫ জুলাই লৈ কৰা হৈছে (Education minister declared summer vacation)। মহাবিদ্যালয়ৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই বুলি তেওঁ জনায় ।

পাঠ্যপুথি ক্ৰয়ৰ বাবে ৩৫৪৩৪১ গৰাকী শিক্ষাৰ্থীলৈ এহাজাৰ টকাকৈ অনুদান

আনহাতে, এল আই চি এজেণ্ট হিচাপে কাম কৰা শিক্ষকৰ বিৰুদ্ধে শিক্ষা বিভাগ কঠোৰ হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে, প্ৰথম পৰ্যায়ত সকলো শিক্ষকক screening কৰি থকা হৈছে । প্ৰথম পৰ্যায়ৰ এজেণ্টৰ তালিকা ৰাজহুৱা হৈছে । আগলৈ আৰু কৰা হ'ব । নিয়মৰ বিৰুদ্ধে যোৱা সকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ ।

লগতে পঢ়ক : আকাশ মাৰ্গেৰে কাছাৰৰ বান পৰিস্থিতি বুজ লয় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই

চৰকাৰী শিক্ষকসকলে চৰকাৰে প্ৰদান কৰা প্ৰতিটো দায়িত্ব পালন কৰিব লাগে বুলি উল্লেখ কৰি তেওঁ কয় যে, প্ৰয়োজনত বিভাগৰ বাহিৰৰ কামও কৰিব লাগে । চৰকাৰে আমাক সকলো সুবিধা প্ৰদান কৰিছে । দুদিন অম্বুবাচী মেলাৰ ডিউটি আৰু এদিন নিৰ্বাচনৰ ডিউটি কৰিলে শিক্ষাৰ্থীৰ ওপৰত তাৰ প্ৰভাৱ নপৰে । বৰঞ্চ শিক্ষকসকলে মন গ’লেই স্কুল বন্ধ দিব নালাগে বুলি তেওঁ কয় ।

সময় মতে বিদ্যালয়ত উপস্থিত থাকি শিক্ষকতা কৰিব লাগে বুলি উল্লেখ কৰি তেওঁ গুণোৎসৱৰ প্ৰসংগত কয় যে, গুণোৎসৱৰ ফলাফল এতিয়াও ঘোষণা কৰিবলৈ বাকী আছে । বানপানী হোৱাৰ বাবে কিছুমান জিলাত গুণোৎসৱ অনুষ্ঠিত কৰিব পৰা নাই । কিন্তু তাতো কিছুদিনৰ পিছত হ’লেও গুণোৎসৱ আৰম্ভ হ’ব ।

পূৰ্বতকৈ এইবাৰ সোনকালে হ’ব গুণোৎসৱ । নৱেম্বৰ মাহত গুণোৎসৱ আৰম্ভ কৰাৰ চিন্তা চৰ্চা কৰা হৈছে বুলিও সংবাদ মাধ্যমৰ আগত সদৰি কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।

লগতে পঢ়ক : শিক্ষামন্ত্ৰীৰ ঘোষণা: ২৫ জুনৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানত গৰমৰ বন্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.