ETV Bharat / state

ডুমডুমা-ফিল'বাৰী সংযোগী পথৰ আধাৰশিলা স্থাপন

author img

By

Published : Feb 14, 2021, 8:09 PM IST

লোক নিৰ্মাণ বিভাগ তিনিচুকীয়া, ডুমডুমা আৰু শদিয়া ক্ষেত্ৰীয় পথ সংমণ্ডলৰ আৰ.আই.ডি. এফ আৰু পথ নিৰ্মাণৰ আঁচনি চিগনেছাৰ আঁচনিৰ অধীনত ডুমডুমৰ পৰা ফিল'বাৰীলৈ প্ৰায় ১৮ কোটি ৭৫ লাখ ব্যয় সাপেক্ষে দুই লেনযুক্ত পথ নিৰ্মাণ কৰা হ'ব ।

ডুমডুমা-ফিল'বাৰী সংযোগী পথৰ আধাৰশিলা স্থাপন
ডুমডুমা-ফিল'বাৰী সংযোগী পথৰ আধাৰশিলা স্থাপন

ডুমডুমা, ১৪ ফেব্ৰুৱাৰী: দেওবাৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই তিনিচুকীয়া জিলাৰ ডুমডুমৰ পৰা ফিল'বাৰীলৈ সংযোগী মুখ্য পথৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে । লোকনিৰ্মাণ বিভাগ তিনিচুকীয়া, ডুমডুমা আৰু শদিয়া ক্ষেত্ৰীয় পথ সংমণ্ডলৰ আৰ.আই.ডি.এফ আৰু পথ নিৰ্মাণৰ আঁচনি ‘চিগনেছাৰ আঁচনি’ৰ অধীনত ডুমডুমৰ পৰা ফিল'বাৰীলৈ দুই লেনযুক্ত পথ নিৰ্মাণ কৰা হ'ব । প্ৰায় ১৮ কোটি ৭৫ লাখ ব্যয় সাপেক্ষে এই পথচোৱা নিৰ্মাণ কৰা হ'ব ।

বাইক ৰেলী
বাইক ৰেলী

ডুমডুমা-ফিল'বাৰী সংযোগী মুখ্য পথটো দুই লেনযুক্তভাৱে নিৰ্মানৰ আধাৰশিলা স্থাপন হোৱাত ফিল'বাৰীবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান হ'ব বুলি আশা কৰা হৈছে । লগতে শীঘ্ৰেই নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব ডুমডুমা-ফিল'বাৰী সংযোগী দুই লেনযুক্ত পথৰ ।

আধাৰশিলা স্থাপনৰ পাছতেই ফিল'বাৰী গাভৰুভেটি ৰাস মঞ্চত এখন সভা অনুষ্ঠিত কৰা হয় । উক্ত সভাত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ লগতে ডুমডুমা সমষ্টিৰ সাংসদ প্ৰতিনিধি মুলেন্দ্ৰ মৰাণ, বিজেপি নেতা দেৱজিত মৰাণৰ লগতে বহুসংখ্যক বিজেপি কৰ্মকৰ্তা উপস্থিত থাকে । ইফালে, সাংসদ গৰাকীক বহুসংখ্যক দলীয় কৰ্মকৰ্তাই ডুমডুমাৰ পৰা ফিল'বাৰীলৈ এক বাইক ৰেলীৰে আদৰণি জনায় ।

লগতে পঢ়ক:নিৰ্মাণৰ পাচতেই চপৰা-চপৰে খহিছে পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.