ETV Bharat / state

ডিগবৈৰ ক'ভিড টিকাকৰণ কেন্দ্ৰত কৃষিমন্ত্ৰী অতুল বৰা

author img

By

Published : Jun 22, 2021, 9:09 PM IST

তিনিচুকীয়া জিলাখনত ক'ভিড পৰিস্থিতি সন্তোষজনক ৷ জিলাখনত সদ্যহতে সম্পূৰ্ণ লকডাউন দিয়াৰ পৰিকল্পনা নাই ৷ এই কথা জনালে ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী তথা কৃষিমন্ত্ৰী অতুল বৰাই ৷

minister-atul-bora-inspected-covid-19-vaccination-center-at-digboi
ডিগবৈৰ ক'ভিড টিকাকৰণ কেন্দ্ৰত কৃষিমন্ত্ৰী অতুল বৰা

ডিগবৈ,22 জুন: কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে সোমবাৰৰ পৰা দেশত আৰম্ভ হৈছে মেগা ভেকচিনেচন ড্ৰাইভ ৷ সমান্তৰালকৈ সোমবাৰৰ দিনটোৰ পৰা অসমতো আৰম্ভ হৈছে ক'ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৷ ইয়াৰ মাজতে মঙলবাৰে 123 নং বিধানসভা সমষ্টিৰ অধীনৰ ডিগবৈত উপস্থিত হয় তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী তথা কৃষিমন্ত্ৰী অতুল বৰা ৷ ডিগবৈত উপস্থিত হৈ ক'ভিড টীকাকৰণ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী গৰাকীয়ে ৷

পৰিদৰ্শনৰ অন্তত তিনিচুকীয়া জিলাখনত বৰ্তমান ক'ভিড পৰিস্থিতি সন্তোষজনক বুলি উল্লেখ কৰে মন্ত্ৰী অতুল বৰাই ৷ লগতে জিলাখনত সদ্যহতে সম্পূৰ্ণ লকডাউন দিয়াৰ পৰিকল্পনা নাই বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷ টীকাকৰণ সন্দৰ্ভত মন্তব্য কৰি বৰাই লগতে উল্লেখ কৰে যে, তিনিচুকীয়াত সোমবাৰৰ দিনটোত নিৰ্ধাৰিত লক্ষ্যতকৈ অধিক ভেকচিন প্ৰদান কৰা হৈছে ৷ এইয়া নিশ্চিতভাৱে এক শুভ লক্ষণ ৷

ডিগবৈৰ ক'ভিড টিকাকৰণ কেন্দ্ৰত কৃষিমন্ত্ৰী অতুল বৰা

উল্লেখ্য যে,ক'ভিড টীকাকৰণ কেন্দ্ৰসমূহ পৰিদৰ্শনৰ সময়ত কৃষি মন্ত্ৰী অতুল বৰাক সংগ দিয়ে সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলি, তিনিচুকীয়াৰ জিলা উপায়ুক্তকে আদি কৰি ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেন ফুকনে ৷ অচিৰেই ৰাজ্যৰ ক'ভিড পৰিস্থিতি অধিক উন্নত হ'ব বুলি উল্লেখ কৰি ৰাজ্যত ইতিমধ্যেই ক'ভিড সংক্ৰমণৰ হাৰ কমিছে বুলি উল্লেখ কৰে মন্ত্ৰী অতুল বৰাই ৷

আনহাতে জিলা খনৰ ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে অহৰহ কাম কৰি থকা হৈছে বুলি উল্লেখ কৰি জিলাখনত কভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ ভিতৰতে আছে বুলি উল্লেখ কৰে ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেন ফুকনে ৷ লগতে চাহ বাগিচা অঞ্চলৰ লোক সকলৰ মাজত ক'ভিড সংক্ৰমণ ৰোধ কৰিবৰ বাবে বিশেষভাৱে কাম কৰি থকা হৈছে বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে ৷

মন কৰিবলগীয়া যে, দেশৰ কেইবাখনো ৰাজ্যৰ সমান্তৰালকৈ অসমতো বৰ্তমানেও অব্যাহত আছে ক'ভিডৰ সংক্ৰমণ ৷ প্ৰতিদিনাই ৰাজ্যৰ প্ৰতিখন জিলাতেই নতুনকৈ আক্ৰান্ত হৈছে শ শ লোক ৷ ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে কঠোৰ নীতি ৰূপায়ন কৰাৰ পাছতো ৰাজ্যত সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ অহা নাই ক'ভিড পৰিস্থিতি ৷

লগতে পঢ়কঃ ক'ভিডত ক্ষতিগ্ৰস্ত সৰ্বসাধাৰণ জনতা: ইটিভি ভাৰতৰ বিশেষ প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.