ETV Bharat / state

উত্তৰ পূব কয়লা ক্ষেত্ৰ বন্ধৰ বিৰুদ্ধে মাৰ্ঘেৰিটাত প্ৰতিবাদ

author img

By

Published : Jun 8, 2020, 4:05 PM IST

এই সন্দৰ্ভত পুনৰ বিবেচনা কৰিবৰ বাবে সোমবাৰে উত্তৰ পূৱ কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ মহাপ্ৰৱন্ধকৰ কাৰ্যালয়ৰ দ্বাৰত শ্ৰমিকসকলে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷

Margherita coal India potibbad
উত্তৰ পূব কয়লা ক্ষেত্ৰ বন্ধৰ বিৰুদ্ধে মাৰ্ঘেৰিটাত প্ৰতিবাদ

মাৰ্ঘেৰিটা,8 জুন: দিহিং পাটকাই অভয়াৰণ্যত কয়লাৰ মুক্তখননৰ অনুমতিৰ প্ৰসংগক কেন্দ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ হৈ থকাৰ মাজতেই উত্তৰ পূব কয়লা ক্ষেত্ৰৰ ভৱিষ্যতলৈ নামি আহিছে চৰম অনিশ্চয়তা । বিগত 6 জুন তাৰিখৰ পৰা মাৰ্ঘেৰিটাৰ অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৰ উৎপাদন প্ৰক্ৰিয়া সাময়িক ভাৱে অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিছে চৰকাৰে ৷

উত্তৰ পূব কয়লা ক্ষেত্ৰ বন্ধৰ বিৰুদ্ধে মাৰ্ঘেৰিটাত প্ৰতিবাদ

এই খবৰ বিয়পি পৰাৰ পাছতেই উক্ত প্ৰতিষ্ঠানটোৰ শ্ৰমিকসকলৰ মাজত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়া ৷ এই সন্দৰ্ভত পুনৰ বিবেচনা কৰিবৰ বাবে সোমবাৰে উত্তৰ পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ মহাপ্ৰৱন্ধকৰ কাৰ্যালয়ৰ দ্বাৰত শ্ৰমিক সকলে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷

উত্তৰ পূব কয়লা ক্ষেত্ৰ বন্ধৰ বিৰুদ্ধে মাৰ্ঘেৰিটাত প্ৰতিবাদ

উল্লেখ্য যে,এই প্ৰতিবাদত শ্ৰমিক সকলৰ লগতে অংশগ্ৰহণ কৰে মাইনিং কোম্পানীৰ কৰ্মৰত বিভিন্ন জনৰ লগতে অঞ্চলটোৰ দোকান পোহাৰৰ মালিক কৰ্মচাৰীয়ে ৷ প্ৰতিষ্ঠানটোৰ বন্ধ হ'লে মাৰ্ঘেৰিটাত যে এক অভাৱনীয় পৰিস্থিতি সৃষ্টি হ'ব সেই কথা প্ৰকাশ কৰি এই সিদ্ধান্ত সন্দৰ্ভত চৰকাৰক পুনৰ বিবেচনা কৰাৰ আহ্বান জনাইছে প্ৰতিবাদকাৰী সকলে ৷ উল্লেখ্য যে,উত্তৰ পূব কয়লা ক্ষেত্ৰটো বন্ধ হৈ পৰিছে কৰ্মসংস্থাপন হেৰুৱাব প্ৰায় 2 হাজাৰ শ্ৰমিকে ৷

লগতে পঢ়কঃ ছেৱা নৈত পৰি এজনৰ সলিল সমাধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.