ETV Bharat / state

ৰাজ্য চৰকাৰে লাইকা-দধিয়াবাসীৰ অৱস্থাৰ বিষয়ে অৱগত নকৰিলে প্ৰধানমন্ত্ৰীক !

author img

By

Published : Jan 24, 2021, 12:34 PM IST

ৰাজ্য চৰকাৰে লাইকা-দধিয়াবাসীৰ অৱস্থাৰ বিষয়ে অৱগত নকৰিলে প্ৰধানমন্ত্ৰীক
ৰাজ্য চৰকাৰে লাইকা-দধিয়াবাসীৰ অৱস্থাৰ বিষয়ে অৱগত নকৰিলে প্ৰধানমন্ত্ৰীক

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগত লাইকা-দধিয়াবাসীৰ অৱস্থাৰ কথা নজনোৱাৰ বাবেই ক্ষোভিত হৈ পৰিছে লাইকা-দধিয়াবাসী ৷ লাইকা-দধিয়াবাসীয়ে আজি ৩৪ টাকৈ দিনে অব্যাহত ৰাখিছে সংগ্ৰাম । জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কোৱা বিজেপি নেতৃত্বাধীন চৰকাৰ খনে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মিচিং জনজাতি লোকসকলক।

তিনিচুকীয়া, 24 জানুবাৰী : প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগত লাইকা-দধিয়াবাসীৰ অৱস্থাৰ কথা নজনোৱাৰ বাবেই ক্ষোভিত হৈ পৰিছে লাইকা-দধিয়াবাসী ৰাইজ । উল্লেখযোগ্য যে, ১ মাহ ৪ টাকৈ দিন অতিক্ৰম কৰিলে লাইকা-দধিয়াবাসীৰ প্রতিবাদে । তাৰ মাজতে লাইকা-দধিয়াবাসীৰ পুনৰ সংস্থাপন আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঢ়ি তোলাৰ দাবীত TMPK, MMK, TMMKৰ উদ্যোগত লাইকা-দধিয়াবাসীয়ে যোৱা ২০ ডিচেম্বৰ তাৰিখে বিশাল গণ বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰি ২১ ডিচেম্বৰৰ (২০২০) পৰা তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ জানমুখ লেজাইহোলা চৰকাৰী ১২ নং দাগৰ প্ৰায় ১০ বিঘাতকৈ অধিক চৰকাৰী ভূমিত অস্থায়ী শিবিৰ স্থাপন কৰি অনিৰ্দিষ্ট কালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । এনেদৰে আজি ৩৪ টাকৈ দিনে অব্যাহত ৰাখিছে সংগ্ৰাম। জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কোৱা বিজেপি নেতৃত্বাধীন চৰকাৰখনে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মিচিং জনজাতি লোকসকলক ।

ৰাজ্য চৰকাৰে লাইকা-দধিয়াবাসীৰ অৱস্থাৰ বিষয়ে অৱগত নকৰিলে প্ৰধানমন্ত্ৰীক

ইফালে শনিবাৰে শিৱসাগৰৰ জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত, বিশাল জনসভা আয়োজন কৰি, ১ লাখ ৬ হাজাৰ পৰিয়ালক ভূমি পট্টা প্ৰদান কৰিছে ৰাজ্য চৰকাৰখনে । অথচ লাইকা-দধিয়াৰ ভূমিপুত্ৰৰ কথা এবাৰো চিন্তা নকৰিলে, এবাৰো উল্লেখ নকৰিলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নতুবা প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অসমৰ প্ৰতিজন মন্ত্ৰী-বিধায়ক আৰু অসমৰ সৰ্বস্তৰৰ ৰাইজে জানে যে, লাইকা-দধিয়াবাসী ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি আছে। কিন্তু আজি লাইকা-দধিয়াৰ পুনৰ সংস্থাপনৰ বিষয়ে প্ৰধানমন্ত্ৰীৰ আগত কোনো এজন মন্ত্ৰী-বিধায়কে কিয় উত্থাপন নকৰিলে ৷ ইয়াৰ আঁৰত আচলতে কি ৰহস্য থাকিব পাৰে ৷ ইয়াকে লৈ অত্যন্ত দুখ কৰাৰ লগতে ক্ষোভ উজাৰিছে লাইকা-দধীয়াবাসী ৰাইজে ।

লগতে পঢ়কঃ ধুবুৰীত বিজেপিৰ জন সম্পৰ্ক অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.