ETV Bharat / state

বান-খহনীয়া প্ৰতিৰোধৰ দাবীৰে কৃষক মুক্তিৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Aug 24, 2021, 9:25 AM IST

Updated : Aug 25, 2021, 11:44 PM IST

খহনীয়া(Erosion) সমস্যাৰ স্থায়ী সমাধানৰ দাবীৰে তিনিচুকীয়াত সোমবাৰে বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে(KMSS) ৷ বানাক্ৰান্তসকলক ক্ষতিপূৰণ, সংস্থাপন আৰু বান-খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায় সংগঠনটোৱে ৷

kmss-protest
কৃষক মুক্তিৰ প্ৰতিবাদ

তিনিচুকীয়া, 24 আগষ্ট : তিনিচুকীয়াত সোমবাৰে বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৃষক মুক্তি সংগ্ৰাম সমিতি(KMSS), ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ(SMSS) লগতে কেইবাটাও সংগঠনৰ ৷ খহনীয়া(Erosion) সমস্যাৰ স্থায়ী সমাধানৰ দাবীৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তিয়ে ৷

প্ৰতিবাদৰ জৰিয়তে বানাক্ৰান্ত পৰিয়ালক ক্ষতিপূৰণ, সংস্থাপন আৰু বান-খহনীয়াৰ সমস্যাৰ স্থায়ী সমাধান কৰিবলৈ চৰকাৰক দাবী জনায় সংগঠনকেইটাই ৷ 1992 চনৰ পৰা তিনিচুকীয়াৰ কৰ্দৈগুৰি অঞ্চল বান আৰু খহনীয়াৰ কবলত পৰি আহিছে । ডাঙৰী নৈৰ গৰাখহনীয়াৰ ফলত নৈৰ বুকুত বিলীন হৈছে অঞ্চলটোৰ প্ৰায় 22 খনকৈ গাঁও ।

কৃষক মুক্তিৰ প্ৰতিবাদ

লগতে পঢ়ক: দিখৌমুখত এখন বিদ্যালয় জাহ যোৱাৰ উপক্ৰম; গৰাখহনীয়াৰ স্থায়ী সমাধান কেতিয়া ?

বিগত বহু বছৰ ধৰি অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজে নিজৰ ঘৰ-বাৰী হেৰুৱাই বাস কৰি আছে অস্থায়ী শিবিৰত । অঞ্চলটোৰ এই সমস্যা সমাধানৰ কাৰণে কোনো এখন চৰকাৰেই কোনোধৰণৰ ইতিবাচক ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে । সেয়েহে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma) নেতৃত্বাধীন চৰকাৰক খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰি আশ্ৰয়হীন গাঁওবাসীক উদ্ধাৰ কৰিবলৈ আহ্বান জনায় কৃষক মুক্তিয়ে ৷

উক্ত প্ৰতিবাদত কৃষক মুক্তিৰ লগতে অংশগ্ৰহণ কৰে তালাব কৰ্দৈগুৰি অঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীয় দল-সংগঠন আৰু যুৱ সংঘসমূহে ৷

লগতে পঢ়ক: মানচিত্ৰৰ পৰা হেৰাই যাব নেকি পাভ অভয়াৰণ্য ?

Last Updated : Aug 25, 2021, 11:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.