ETV Bharat / state

Beef seized in Doom Dooma: ডুমডুমাৰ বৰহাপজানত বেআইনীভাৱে বিক্ৰী কৰা গো-মাংস জব্দ

author img

By

Published : Dec 11, 2022, 4:17 PM IST

নীতি বৰ্হিভূতভাৱে ডুমডুমাত গো-মাংসৰ ৰমৰমীয়া বেহা ৷ বজৰং দলৰ অভিযোগৰ ভিত্তিত ডুমডুমা আৰক্ষীয়ে দেওবাৰে জব্দ কৰে গো-মাংস(Beef seized at Doom Dooma) ৷ উল্লেখ্য যে ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত বৰহাপজানস্থিত ঠাকুৰবাড়ী মন্দিৰৰ একেবাৰে সমীপতেই দীৰ্ঘ দিনৰ পৰা চলি আহিছিল গো-মাংসৰ বেহা(Doom Dooma Police) ৷ ৰে’ল বিভাগৰ মাটি অবৈধভাৱে দখল কৰি স্থাপন কৰা এখন হোটেলত বিক্ৰী হৈ আহিছিল গো-মাংস ৷

Beef seized in Doomdooma
ডুমডুমাৰ বৰহাপজানত নীতি বৰ্হিভূতভাৱে বিক্ৰী কৰা গো-মাংস জব্দ

ডুমডুমাৰ বৰহাপজানত নীতি বৰ্হিভূতভাৱে বিক্ৰী কৰা গো-মাংস জব্দ

ডুমডুমা, 11 ডিচেম্বৰ: গো-মাংস বিক্ৰীক কেন্দ্ৰ কৰি তিনিচুকীয়া জিলাৰ ডুমডুমাৰ বৰহাপজানত উত্তপ্ত পৰিস্থিতি ৷ প্ৰশাসনৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই নীতি বৰ্হিভূতভাৱে ৰাজ্যৰ বহু স্থানত অব্যাহত আছে গো-মাংসৰ ৰমৰমীয়া বেহা(Illegal beef selling) ৷

বজৰং দলৰ অভিযোগৰ ভিত্তিত ডুমডুমা আৰক্ষীয়ে দেওবাৰে জব্দ কৰে গো-মাংস(Beef seized at Doom Dooma) ৷ উল্লেখ্য যে ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত বৰহাপজানস্থিত ঠাকুৰবাড়ী মন্দিৰৰ একেবাৰে সমীপতেই দীৰ্ঘ দিনৰ পৰা চলি আহিছিল গো-মাংসৰ বেহা(Doom Dooma Police) ৷ ৰে’ল বিভাগৰ মাটি অবৈধ ভাৱে দখল কৰি স্থাপন কৰা এখন হোটেলত বিক্ৰী হৈ আহিছিল গো-মাংস ৷

দেওবাৰে বজৰং দলৰ তিনিচুকীয়া জিলা সমিতিৰ এটা সজাতি দলৰ অভিযোগৰ ভিত্তিত ডুমডুমা আৰক্ষীয়ে বৰহাপজানৰ নিৰ্দিষ্ট দোকানখনৰ পৰা গো-মাংসখিনি জব্দ কৰে ৷ উল্লেখ্য যে হোটেলখনৰ স্বত্বাধিকাৰী মাইনু আহমেদ সম্প্ৰতি পলাতক অৱস্থাত আছে ৷

স্মৰ্তব্য যে হিন্দু বসতি প্ৰধান এলেকা আৰু মন্দিৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধলৈকে গো-মাংসৰ বিক্ৰী আৰু গো-হত্যা সম্পূৰ্ণৰূপে বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰি থৈছে চৰকাৰ তথা প্ৰশাসনে(Ban on beef selling) ৷ কিন্তু চৰকাৰৰ নীতি-নিৰ্দেশনা উপক্ষা কৰি হোটেলখনত দীৰ্ঘদিনৰ পৰা বিক্ৰী কৰি অহা হৈছিল গো-মাংস ৷

অবৈধভাৱে বিক্ৰী কৰি অহা গো-মাংসখিনি জব্দ কৰাৰ পিছতে বিক্ৰেতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সদৰী কৰিছে আৰক্ষীয়ে ৷ হোটেলখনৰ স্বত্বাধিকাৰী মাইনু আহমেদক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷

ইফালে ৰাজ্যত দৈনিক ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ ৷ গো-সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতো ন ন কৌশল অৱলম্বন কৰি বহিঃৰাজ্যলৈ চলি আহিছে গৰুৰ সৰৱৰাহ ৷ কেৱল ট্ৰাকতেই নহয়, সম্প্ৰতি চোৰাং গৰু সৰবৰাহৰ মাধ্যম হিচাপে বাচি লৈছে বিলাসী বাসনো ৷ উল্লেখ্য যে গো-মাফিয়াক শাস্তি হিচাপে কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ লগতে প্ৰশাসনে বাজেয়াপ্ত কৰি আহিছে গো-মাফিয়াৰ সকলো সম্পত্তি ৷

লগতে পঢ়ক: AASU observed Black Day : কা' বিৰোধী আন্দোলনৰ তিনি বছৰ উপলক্ষে আছুৱে উৰুৱালে ক'লা পতাকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.