ETV Bharat / state

Babu puja: ছৈখোৱা ধলাৰ ঐতিহাসিক কেঁচা খাইটী শালৰ বাবু পূজা সম্পন্ন

author img

By

Published : Dec 11, 2022, 2:01 PM IST

Updated : Dec 11, 2022, 2:07 PM IST

historic babu puja at dhola
ছৈখোৱা ধলাৰ ঐতিহাসিক কেঁচা খাইটী শালৰ বাবু পূজা সম্পন্ন

তিনিচুকীয়া জিলাৰ ছৈখোৱা ধলাৰ ঐতিহাসিক কেঁচা খাইটী শালত অনুষ্ঠিত কৰা হয় বাবু পূজা(Historic Kesai Khaiti Shaal of Tinsukia) । প্ৰতি বছৰৰ দৰে এইবাৰো ডিচেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ দেওবাৰে অনুষ্ঠিত কৰা হয় বাবু পূজা (Historic Babu Puja at Dhola) । বাবু পূজাত উপস্থিত হৈ সেৱা ল'লে শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াই ।

ছৈখোৱা ধলাৰ ঐতিহাসিক কেঁচা খাইটী শালৰ বাবু পূজা সম্পন্ন

শদিয়া,১১ ডিচেম্বৰ: প্ৰতি বছৰৰ দৰে এইবাৰো তিনিচুকীয়াৰ ছৈখোৱা কেঁচা খাইটী গোসাঁনী আই শালত অনুষ্ঠিত কৰা হয় বাবু পূজা(Historic Kesai Khaiti Shaal of Tinsukia) ৷ ডিচেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ দেওবাৰে বাবু পূজা অনুষ্ঠিত কৰে ৷ ভক্তগণে এই গোসাঁনী আই শালত পূজা অৰ্চনা কৰি ভোজ খায় ৷ ভক্ত সকলৰ মনৰ কামনাৰ সিদ্ধিৰ বাবে হাঁহ, ছাগলী বলি দিয়ে আৰু পাৰ এহাল উৰুৱাই ৷ এই পূজাত পুৱতি নিশাৰ পৰা বন্তি প্ৰজ্বলন আৰম্ভ হোৱাৰ লগতে পুৱা ৮ বজাৰ পৰা বলি আৰম্ভ হয় ৷ হাজাৰ হাজাৰ ভক্তগণৰ উপস্থিতিত উদুলি মুদুলি হৈ পাৰে শালৰ বাকৰি । ভূপেন হাজৰিকা সেঁতুৰ কাষতে বহ্মপুত্ৰৰ পাৰত সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত এই শাল ৷

বিগত বৰ্ষসমূহৰ দৰে এইবাৰো তিনিচুকীয়া জিলাৰ ছৈখোৱা ধলাৰ ঐতিহাসিক কেঁচা খাইটী শালৰ বাবু পূজাত সমাগম ঘটে লাখ লাখ ভক্তৰ(Historic Babu Puja at Dhola) ৷ বাবু পূজা পূজাস্থলীত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ আগমন ঘটে ৷ ঐতিহ্যমণ্ডিত শদিয়াৰ ঐতিহাসিক চাৰিশাল গোঁসানীৰ ভিতৰত অন্যতম এই কেঁচা খাইটী শাল ৷ বছৰত চাৰিবাৰ শালৰ দ্বাৰ ভক্ত সকলৰ বাবে মুকলি কৰা হয় ৷ প্ৰতি বছৰৰ বহাগ, কাতি, আঘোন আৰু মাঘ মাহত মুকলি কৰা হয় শালৰ মূল দ্বাৰ ৷ ইয়াৰ ভিতৰত আঘোন মাহত সম্পন্ন হোৱা বাবু পূজাত অত্যাধিক ভক্তৰ আগমন হয় ৷

প্ৰাপ্ত তথ্য অনুসৰি আঘোন মাহৰ দ্বিতীয় দেওবাৰে অনুষ্ঠিত কৰা এই বাবু পূজা মূলত চাহ বাগিছাৰ চাহাব, বাবু সকলৰ বাবে আৰম্ভ কৰা হৈছিল ৷ যিহেতু চাহ বাগিছাৰ বাবু সকলে দেওবাৰৰ বাহিৰে অন্য বাৰত আজৰি নাপায় ৷ সেই গতিকে বাবু সকলৰ বাবে আঘোন মাহৰ দ্বিতীয় দেওবাৰত এই পূজা ভাগ আৰম্ভ কৰে ৷ পূৰ্ব প্ৰচলিত এই পূজাত বৰ্তমান লাখ লাখ ভক্তৰ আগমন হয় ৷ এটা দিনৰ বাবে মেলাসদৃশ পৰিৱেশ গঢ় লৈ উঠে কেঁচা খাইটী শাল প্ৰাংগনৰ লগতে সমগ্ৰ ধলা অঞ্চল ৷

জনবিশ্বাস অনুসৰি শুদ্ধ মনেৰে সেৱা অৰ্চনা কৰিলে ভক্তৰ মনোকামনা পূৰ্ণ হয় এই বাবু পূজাত ৷ আন বৰ্ষসমূহৰ দৰে এইবাৰো এই পূজাত শদিয়া আৰক্ষী, জিলা প্ৰশাসনে পূৰ্ণ সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হয় ৷ ইফালে দেওবাৰে পুৱাই এই বাবু পূজা স্থলীত শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া(MLA Bolin Chetia) উপস্থিত হৈ পূজা আৰ্চনা কৰে । সালত সেৱা জনাই সকলোৰে মংগল কামনা কৰে বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক: Hauri lua tradition of Assam : শিলপুটাত আঘোণী পথাৰত জাক জাক দাৱনীয়ে লৈছে হাউৰি

Last Updated :Dec 11, 2022, 2:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.