ETV Bharat / state

Assam Gunotsav 2023: তিনিচুকীয়া জিলাত গুণোৎসৱৰ প্ৰশিক্ষণ আৰম্ভ

author img

By

Published : Jan 11, 2023, 8:22 PM IST

Assam Gunotsav 2023
তিনিচুকীয়া জিলাত গুণোৎসৱৰ প্ৰশিক্ষণ আৰম্ভ

18 জানুৱাৰীৰ পৰা তিনিটা পৰ্যায়ত ৰাজ্যত এমাহ ধৰি অনুষ্ঠিত হ’ব লগা গুণোৎসৱৰ বাবে ইতিমধ্যেই প্ৰায় সংখ্যক জিলাতে অনুষ্ঠিত হৈছে প্ৰশিক্ষণ ৷ বুধবাৰে তিনিচুকীয়া জিলাতো বৰ্হিমূল্যায়নকাৰীসকলৰ প্ৰশিক্ষণ আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয় ৷ জিলা কৰ্তনৰ বাবে এইবাৰ 31খন জিলাত অনুষ্ঠিত হ’ব গুণোৎসৱ ৷

তিনিচুকীয়া, 11 জানুৱাৰী: 18 জানুৱাৰীৰ পৰা 18 ফেব্ৰুৱাৰীলৈ ৰাজ্যত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ(Assam Gunotsav 2023) ৷ এই গুণোৎসৱৰ তাৰিখ ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে(Minister Ranoj Pegu) ৷ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব লগা এই গুণোৎসৱ 2023ৰ প্ৰশিক্ষণৰ আৰম্ভ কৰা হৈছে তিনিচুকীয়া জিলাত ৷

বৰ্হিমূল্যায়নৰ দ্বাৰা বিদ্যালয় শিক্ষাৰ গুণগত মান নিৰূপনৰ বাবে সমগ্ৰ ৰাজ্য খনতে চতুৰ্থবাৰৰ বাবে আয়োজিত গুণোৎসৱ 2023ৰ প্ৰস্তুতি তিনিচুকীয়া জিলাতো পূৰ্ণ গতিত আগবাঢ়িছে(Gunotsav preparation in Tinsukia District) । এইবাৰ তিনিচুকীয়া জিলাত 1135 খন চৰকাৰী/প্ৰাদেশীকৃত প্ৰাথমিক বিদ্যালয়, ১২২ খন চাহ বাগিচাৰ কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত বিদ্যালয় আৰু চাহ বাগিচা অঞ্চলৰ আদৰ্শ বিদ্যালয় আৰু কস্তুৰবা গান্ধী বালিকা বিদ্যালয় সামৰি ১১০ খন মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ত অনুষ্ঠিত হ’ব গুণোৎসৱ ৷ যাৰ বাবে ইতিমধ্যেই আৰম্ভ হৈছে প্ৰস্তুতি ৷

Assam Gunotsav 2023
তিনিচুকীয়া জিলাত গুণোৎসৱৰ প্ৰশিক্ষণ আৰম্ভ

ইয়াৰে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী পৰ্যন্ত 138347 গৰাকী আৰু নৱম শ্ৰেণীত 11135 গৰাকী ছাত্ৰ-ছাত্ৰী এই বৰ্হিমূল্যায়নত অৱতীৰ্ণ হ’ব । 1 ফেব্ৰুৱাৰীত প্ৰতিখন বিদ্যালয়ত পৰিচালনা সমিতিসমূহৰ সহযোগত ছাত্ৰ-ছাত্ৰীৰ পঠন অৰ্হতা আৰু বিদ্যালয়খনৰ সহ বিদ্যায়তনিক, আন্তঃগাঠনি আদিৰ স্ব-মূল্যায়ন কৰা হ’ব ।

2, 3 আৰু 4 ফেব্ৰুৱাৰীত একোখনকৈ বিদ্যালয়ত নিৰীক্ষকৰ উপস্থিতিত সমগ্ৰ বৰ্হিমূল্যায়ন প্ৰক্ৰিয়াটো সম্পন্ন কৰা হ'ব । এই মূল্যায়নৰ অধীনত ছাত্ৰ ছাত্ৰীৰ পঠনৰ বুনিয়াদী অৰ্হতাৰ লগতে বিষয় ভিত্তিক শিকন অৰ্হতা সমূহকো সামৰি লোৱা হ'ব ।

ইয়াৰ উদ্দেশ্যে বিভিন্ন দায়িত্ব পালনৰ বাবে শিক্ষা বিভাগৰ পৰা নিয়োজিত লিয়াইজনিঙ বিষয়া আৰু ন'ডেল শিক্ষকসকলৰ প্ৰশিক্ষণ ইতিমধ্যে খণ্ড পৰ্যায়ত সম্পন্ন কৰা হৈছে(Gunotsav in Tinsukia) । বুধবাৰে তিনিচুকীয়াৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বৰ্হিমূল্যায়নকাৰীসকলৰ প্ৰশিক্ষণ(Gunotsav training in Tinsukia) আনুষ্ঠানিকভাৱে আৰম্ভ কৰি অতিৰিক্ত উপায়ুক্ত মনজিত বৰকাকতিয়ে সকলোকে শুভেচ্ছা জনাই বিদ্যালয় শিক্ষাৰ গুণগত মান বৃদ্ধিৰ বাবে শিক্ষা বিভাগে আয়োজন কৰা বৰ্হিমূল্যায়ন প্ৰক্ৰিয়াত নিষ্ঠাৰে অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

বুধবাৰৰ এই প্ৰশিক্ষণত মুখ্য সমল ব্যক্তি হিচাপে উপস্থিত থাকি মাৰ্ঘেৰিটা মহকুমাৰ কৃষি বিষয়া ৰজিত দত্ত, সমগ্ৰ শিক্ষাৰ জিলা আঁচনি বিষয়া ত্ৰিদিব শৰ্মা তামুলী আৰু খণ্ড সমল ব্যক্তি বিপুল উপধ্যায়ে প্ৰশিক্ষণৰ বিষয় বস্তু সমূহৰ বিস্তৃত আলোচনা আগবঢ়ায় ।

উল্লেখ্য যে, গুণোৎসৱৰ এই বৰ্হিমূল্যায়ন প্ৰক্ৰিয়াত ভাৰতীয় অসামৰিক সেৱা ,ভাৰতীয় বন সেৱা ,অসম অসামৰিক সেৱা , চৰকাৰী প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বিষয়াসকলৰ লগতে মহাবিদ্যালয় তথা বিশ্ব বিদ্যালয়ৰ অধ্যাপকসকল আৰু বিধানসভা তথা লোকসভাৰ নিৰ্বাচিত প্ৰতিনিধিসকলে অংশ গ্ৰহণ কৰিব ।

লগতে পঢ়ক: Assam Gunotsav 2023: 18 জানুৱাৰীৰ পৰা 18ফেব্ৰুৱাৰীলৈ তিনিটা পৰ্যায়ত হ’ব গুণোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.