ETV Bharat / state

Panch Swahid of Tinsukia: 29 বছৰীয়া আইনী যুঁজ; তিনিচুকীয়াৰ পঞ্চ শ্বহীদৰ পৰিয়াললৈ ক্ষতিপূৰণৰ নিৰ্দেশ

author img

By

Published : Mar 9, 2023, 6:28 PM IST

Etv BharatPanch Swahid of Tinsukia
29 বছৰীয়া আইনী যুঁজ; তিনিচুকীয়াৰ পঞ্চ শ্বহীদৰ পৰিয়াললৈ ক্ষতিপূৰণ

ভাৰতীয়া সেনাই আলফা সজাই ভুৱা সংঘৰ্ষৰ ৰূপ দি হত্যা কৰা তিনিচুকীয়াৰ পঞ্চ শ্বহীদৰ পৰিয়াললৈ 20 লাখ টকাকৈ ক্ষতিপূৰণৰ নিৰ্দেশ (Panch Swahid of Tinsukia) ৷ ক্ষতিপূৰণ প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৷ 1994 চনৰ ফেব্ৰুৱাৰী মাহত হত্যা কৰা হৈছিল নিৰস্ত্ৰ যুৱককেইজনক ৷

গুৱাহাটী, 9 মাৰ্চ: আলফা দমনৰ নামত সমগ্ৰ অসমত নমাই অনা সেনাৰ বৰ্বৰতাৰ বলি হৈ অকাল মৃত্যুক সাবটি ল’ব লগা হৈছিল বহু নিৰীহ জনতাই ৷ বহু লোক চিৰ দিনৰ বাবে হৈ পৰিছিল পংগু ৷ তাৰেই এক জলন্ত উদাহৰণ হ’ল তিনিচুকীয়াৰ পঞ্চ শ্বহীদ (Panch Swahid of Tinsukia) ৷

অৱশেষত সুদীৰ্ঘ 29 বছৰৰ পাচত ন্যায় পাবলৈ সক্ষম হ’ল পঞ্চ শ্বহীদৰ পৰিয়ালে ৷ পঞ্চ শ্বহীদৰ পৰিয়ালক 20 লাখ টকাকৈ ক্ষতিপূৰণ দিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ (compensation to Panch Swahid family) ৷ অনাগত দুমাহৰ ভিতৰত কেন্দ্ৰই পৰিয়াল কেইটাক দিব লাগিব ক্ষতিপূৰণ ৷ পাঁচগৰাকী শ্বহীদৰ পৰিয়ালে তিনিচুকীয়া জিলা ন্যায়াধীশৰ ওচৰত এই ক্ষতিপূৰণৰ বাবে জনাব লাগিব আবেদন (Dangari encounter case) ৷

উল্লেখ্য যে, 29 বছৰৰ পূৰ্বে তিনিচুকীয়া জিলাৰ ডাঙৰীৰ পাঁচজন নিৰীহ যুৱকক হত্যা কৰি ভুৱা সংঘৰ্ষৰ ৰূপ দিছিল ভাৰতীয় সেনাই ৷ 1994 চনৰ 22 ফ্ৰেব্ৰুৱাৰীত শোৱাপাটীৰ পৰা উঠাই নি 23 ফ্ৰেব্ৰুৱাৰীত ডিব্ৰুছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত আলফা সজাই নিৰ্মমভাৱে হত্যা কৰিছিল ভাৰতীয় সেনা বাহিনীৰ 18নং পঞ্জাৱ ৰেজিমেণ্টে ৷ সেনাই হত্যা কৰা এই পাঁচগৰাকী যুৱক আছিল আছুৰ কৰ্মী (Fake encounter by Indian Army in Assam) ৷

সেনাৰ গুলীত নিহত হোৱা যুৱককেইদন আছিল প্ৰবীন সোণোৱাল, প্ৰদীপ দত্ত, দেৱজিৎ বিশ্বাস, অখিল সোণোৱাল আৰু ভৱেন মৰাণ ৷ পৰৱৰ্তী পৰ্যায়ত আটাইকেইজনকে শ্বহীদ ঘোষণা কৰি দোষীক উপযুক্ত শাস্তিৰ দাবীৰে আন্দোলন কৰিছিল সদৌ অসম ছাত্ৰ সন্থাই ৷ সেই সময়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি জগদীশ ভূঞাই গুৱাহাটী উচ্চ ন্যায়ালয়ত পঞ্চ শ্বহীদৰ ন্যায় বিচাৰি এক গোচৰ তৰিছিল ৷

জগদীশ ভূঞাৰ গোচৰৰ ভিত্তিত চিবিআইক ন্যায়ালয়ে নিৰ্দেশ দিছিল গোচৰ নিষ্পত্তি কৰিবলৈ ৷ গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত চিবিআইয়ে (CBI) ভাৰতীয় সেনাৰ দিনজানস্থিত মাৰ্ছেল আদালতৰ জৰিয়তে ঘটনাৰ 24 বছৰৰ পাচত 18 নং পঞ্জাৱ ৰেজিমেণ্টৰ 7 গৰাকী দোষী বিষয়া-জোৱানক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিছিল ৷

উল্লেখ্য যে, পঞ্চ শ্বহীদৰ দৰে বহু নিৰীহ যুৱকক ভুৱা সংঘৰ্ষৰ ৰূপ দি আলফা সজাই সেনাই হত্যা কৰিছিল । আনহাতে প্ৰবীন সোণোৱাল, প্ৰদীপ দত্ত,দেৱজিৎ বিশ্বাস, অখিল সোণোৱাল আৰু ভৱেন মৰাণক সেনাই কৰায়ত্ত কৰি আৰক্ষীৰ ওচৰতো হাজিৰ কৰোৱা নাছিল (Operation against ULFA in Assam) ৷

লগতে পঢ়ক: Guinness World Records: গিনিজ বুকত স্থান লাভ কৰিলে মহাবীৰ লাচিত বৰফুকনৰ ওপৰত আধাৰিত ৰচনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.