ETV Bharat / state

জনতাক নিৰাপত্তা দিবলৈ যোৱা আৰক্ষীয়ে নিজে নিৰাপত্তাহীনতাত ভুগিছে

author img

By

Published : Aug 27, 2021, 10:48 PM IST

জনতাক নিৰাপত্তা দিবলৈ যোৱা আৰক্ষীয়ে নিজে নিৰাপত্তাহীনতাত ভুগিছে
জনতাক নিৰাপত্তা দিবলৈ যোৱা আৰক্ষীয়ে নিজে নিৰাপত্তাহীনতাত ভুগিছে

1996 চনতে ডিব্ৰু চৈখোৱা আৰু গুইজানৰ বান বিধস্ত লোক সকলক নিৰাপত্তা দিবৰ বাবে গুইজানত পেট্ৰলিং পষ্টটো স্থাপন কৰিছিল অসম চৰকাৰে । কিন্তু বান বিধস্ত ৰাইজক নিৰাপত্তা দিয়াৰ সলনি আৰক্ষী চকীটোত নিযোজিত আৰক্ষী সকলে আজি নিজে নিৰাপত্তাহীনতাত ভুগিছে ।

তিনিচুকীয়া,27 আগষ্ট: তিনিচুকীয়া জিলাৰ ঐতিহাসিক ডিব্ৰু চৈখোৱাৰ সমীপৰ গুইজানত থকা গুইজান পেট্ৰলিং পষ্টটো (গুইজান আৰক্ষী চকী) প্ৰতিটো বাৰিষাত অহা বানত পানীৰ তলত থাকে ৷ উক্ত অঞ্চলটোত প্ৰতি বছৰে কমেও চাৰিটাকৈ বানৰ কৱলত পৰে আৰু প্ৰতিটো বানতে নাজল-নাথল অৱস্থাৰ সৃষ্টি হয় ৷ নাও লৈ আহ যাহ কৰিব লগীয়া হয় আৰক্ষীৰ লোক সকলে ।

উল্লেখযোগ্য যে, 1996 চনতে ডিব্ৰু চৈখোৱা আৰু গুইজানৰ বান বিধস্ত লোক সকলক নিৰাপত্তা দিবৰ বাবে গুইজানত পেট্ৰলিং পষ্টটো স্থাপন কৰিছিল অসম চৰকাৰে । কিন্তু বান বিধস্ত ৰাইজক নিৰাপত্তা দিয়াৰ সলনি আৰক্ষী চকীটোত নিযোজিত আৰক্ষী সকলে আজি নিজে নিৰাপত্তাহীনতাত ভুগিছে ।

জনতাক নিৰাপত্তা দিবলৈ যোৱা আৰক্ষীয়ে নিজে নিৰাপত্তাহীনতাত ভুগিছে

লগতে পঢ়কঃ চামগুৰিত উপদ্ৰৱ ৰোধ কৰিবলৈ সাজু বিক্ৰম আৰু ৰাজুমালা

প্ৰতিটো বানত আৰক্ষী চকীৰ চৌহদটো বানে বুৰাই পেলাই । ফলত গুইজান আৰক্ষী চকীৰ কাম-কাজ চলাবলৈ চাৰিআলিলৈ আহি দোকানত আশ্ৰয় ল’ব লগীয়া হয় আৰক্ষীৰ লোক সকল । জানিবপৰা মতে, কেইবছৰ মানৰ পূৰ্বতে গুইজানৰ এই আৰক্ষী চকীখনক 'টুৰিষ্ট পুলিচ ষ্টেচন' কৰিব লাগে বুলি বিভাগীয় ভাৱে উদ্ধতম কৰ্তৃপক্ষলৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰিছিল স্থানীয় লোকে । কিন্তু কাৰ্যত আজিও একো নহ’ল ।

ইপিনে আৰক্ষী চকীখনত আছে দুগৰাকী আৰক্ষী বিষয়াৰ লগতে কনিষ্টবল 4 গৰাকী, বেটেলিয়নৰ জোৱান 6 গৰাকী আৰু গৃহৰক্ষী আছে 1 গৰাকী । কিন্তু আৰক্ষী লোক সকল থকাৰ কোনো উপযুক্ত সা-সুবিধা নাই আৰক্ষী চকীখনত । সম্প্ৰতি এই আৰক্ষী চকীখন এক সুবিধাজনক ঠাইত অথবা বানে চুব নোৱৰাকৈ ওখকৈ নিৰ্মাণ কৰিবলৈ গুইজানবাসীয়ে দাবী জনাইছে ।

আনহাতে চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত এই আৰক্ষী চকীখনক উদ্ধাৰৰ ক্ষেত্ৰত চাবুৱা সমষ্টিৰ বিধায়ক গৰাকী মুঠেই চিন্তিত নহয় বুলিও ৰাইজে অভিযোগ উত্থাপন কৰিছে ।

একেদৰে ডিব্ৰু নদীৰ বাঢ়নী পানীয়ে লাইকা-দধিয়া, ডিব্ৰু ছৈখোৱা আদি অঞ্চলতো সম্প্ৰতি বাৰুকৈয়ে প্ৰভাৱ পেলাইছে ।

লগতে পঢ়কঃ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ দাবীত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.