ETV Bharat / state

বানাক্ৰান্তক দুৰ্ব্যৱহাৰ বিধায়ক বলিন চেতিয়াৰ

author img

By

Published : Aug 4, 2020, 10:54 AM IST

Updated : Aug 4, 2020, 11:03 AM IST

জনগোষ্ঠীয় সংগঠন সমূহে বিধায়ক বলিন চেতিয়াক বান ৰোধৰ সন্দৰ্ভত প্ৰশ্ন কৰাত বিধায়ক গৰাকীৰ লগত অহা একাংশ চামচাই চোচা লয় ৰাইজ তথা জনগোষ্ঠীয় সংগঠনৰ নেতালৈ ৷

Flood effected people being assaulted by MLA Bolin Chetia
বানাক্ৰান্তক দুৰ্ব্যৱহাৰ বিধায়ক বলিন চেতিয়াৰ

শদিয়া, 4 আগষ্ট: গৰাখহনীয়া ৰোধ কৰাৰ উদ্দেশ্যে কুণ্ডিল নৈৰ গতিপথ সলাবলৈ অহৰ্নিশে কাম কৰি থকা বিভিন্ন জনগোষ্ঠীৰ সংগঠনৰ কৰ্মীৰ লগতে ৰাইজৰ লগত স্থানীয় বিধায়ক বলিন চেতিয়াৰ বাক বিতণ্ডা ৷ জনগোষ্ঠীয় সংগঠনৰ সহযোগত ৰাইজে নদীখনৰ গতি পথ সলাবৰ বাবে কাম কৰি থকাৰ মাজতে সোমবাৰে হঠাৎ উক্ত স্থানত উপস্থিত হয় বহু বিতৰ্কিত বিধায়ক বলিন চেতিয়াৰ লগতে বিধায়কজনৰ একাংশ সাংগোপাংগ ৷ জনগোষ্ঠীয় সংগঠন সমূহে বিধায়ক বলিন চেতিয়াক বান ৰোধৰ সন্দৰ্ভত প্ৰশ্ন কৰাত বিধায়ক গৰাকীৰ লগত অহা একাংশ চামচাই চোচা লয় ৰাইজ তথা জনগোষ্ঠীয় সংগঠনৰ নেতালৈ ৷ আনকি ৰাইজক উদ্দেশ্যি অশ্লীল ভাষাৰে গালিগালাজ কৰে বিধায়ক গৰাকীৰ লগতে তেখেতৰ লগত অহা একাংশ চামছাই ৷

বানাক্ৰান্তক দুৰ্ব্যৱহাৰ বিধায়ক বলিন চেতিয়াৰ

এই ঘটনাই এতিয়া সমগ্ৰ মৰাণতে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ বানৰ কৱলত ককবকাই থকা বানাক্ৰান্তৰ খবৰ ল'বলৈ আহৰি নোপোৱা বিধায়ক গৰাকীয়ে এনেদৰে হঠাৎ আহি বান ৰোধৰ বাবে চেষ্টা কৰি থকা সকলক গালি গালাজ দিয়াৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে সচেতন ৰাইজে ৷

লগতে পঢ়কঃ ক'ভিড-19ৰ গণ সংক্ৰমণৰ দিশে বিলাসীপাৰা

Last Updated : Aug 4, 2020, 11:03 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.