ETV Bharat / state

Drugs paddler arrested: তিনিচুকীয়াত ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

author img

By

Published : Feb 26, 2023, 7:39 AM IST

তিনিচুকীয়াত আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান (Drugs paddler arrested at Tinsukia) ৷ ড্ৰাগছসহ আটক সৰবৰাহকাৰী ৷ লগতে জব্দ কৰা হয় ড্ৰাগছ ৷

Anti drugs mission at Tinsukia
ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আৰক্ষীৰ অভিযান

তিনিচুকীয়াত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

তিনিচুকীয়া, 25 ফেব্ৰুৱাৰী : মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যৰ আন প্ৰান্তৰ লগতে তিনিচুকীয়াতো অব্যাহত আছে আৰক্ষীৰ অভিযান (Operation against drugs) ৷ শনিবাৰে পুনৰ তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোঁহাইৰ নেতৃত্বত, চহৰ পৰিদৰ্শক ভাস্কৰৰাজ বৰুৱাৰ সহযোগত তিনিচুকীয়া আৰক্ষীয়ে চহৰখনৰ ৰঙাগড়া পথত অৱস্থিত মা কামাখ্যা অপটিকেলচ্‌ নামৰ এখন চছমা দোকানত বিশেষ খবৰৰ ভিত্তিত অভিযান চলাই ড্ৰাগছসহ এজন লোকক আটক কৰে (Drugs paddler arrested at Tinsukia)।

আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী গৰাকী মা কামাখ্যা অপটিকেলচ্‌ নামৰ চছমা দোকানখনৰ কৰ্মচাৰী অজয় ঠাকুৰীয়া । আটকাধীন লোক জনৰ পকেটৰ পৰা আৰক্ষীয়ে ২.৩ গ্ৰাম ড্ৰাগছ, ৭ টা ছিৰিঞ্জ, নগদ ২৩,৫২০ টকা জব্দ কৰিবলৈ সক্ষম হৈছে ৷ এই সন্দৰ্ভত তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি আটকাধীন অজয় ঠাকুৰীয়াই জিলাখনৰ বিভিন্ন স্থানত ড্ৰাগছ সৰবৰাহ কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, জিলাখনত শেহতীয়াভাৱে তিনিচুকীয়া আৰক্ষীয়ে ১৩ টাকৈ স্থানত চলাইছিল ড্ৰাগছ বিৰোধী অভিযান ৷ বিগত ২৪ ঘণ্টাত চলোৱা এই অভিযানত ১৭ টাকৈ ড্ৰাগছৰ সৈতে জড়িত লোকক আটক কৰিছিল আৰু আটায়ে আৰক্ষীৰ জেৰাত এই বেহাত অজয় ঠাকুৰীয়া জড়িত থকাৰ তথ্য প্ৰকাশ কৰিছিল ৷ ইয়াৰ পিচতে তিনিচুকীয়া আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই অজয় ঠাকুৰীয়াক আটক কৰে ৷

অধিক তথ্য লাভৰ বাবে তিনিচুকীয়া আৰক্ষীয়ে অজয় ঠাকুৰীয়াক জেৰা অব্যাহত ৰাখিছে ৷ তাৎপৰ্যপূৰ্ণভাৱে, শনিবাৰৰ আবেলি পুনৰ আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী অজয় ঠাকুৰীয়াৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে বৰদলৈ নগৰস্থিত ঠাকুৰীয়াৰ বাসগৃহত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় ১১.৭ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷ বিভিন্ন কৰ্মক্ষেত্ৰত জড়িত হোৱাৰ পিছতো বিভিন্ন বেশভূষাৰে চহৰখনত মাৰাত্মক ড্ৰাগছৰ বেহা অব্যাহত ৰখা হোৱা পৰিলক্ষিত হৈছে ৷ কিছুদিন পূৰ্বে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল বিলাসী বাহনত ড্ৰাগছৰ সৰবৰাহ কৰা সৰবৰাহকাৰীক ৷

অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰাৰ পিচতো ৰাজ্যত ড্ৰাগছৰ সৰবৰাহ নিয়ন্ত্ৰণ কৰিব নোৱাৰা কথাটোৱে সচেতন মহলত লাভ কৰিছে বিশেষ চৰ্চা ৷ নিত্য নতুন কৌশল, পদ্ধতি অৱলম্বন কৰি হ’লেও ড্ৰাগছ সৰবৰাহকাৰীসকলে ৰাজ্যত গোপনে অব্যাহত ৰাখিবলৈ সক্ষম হৈছে ড্ৰাগছৰ সৰবৰাহ ৷

লগতে পঢ়ক : Kaziranga National Park: প্ৰয়োজন মাথোঁ সাহসৰ; কাজিৰঙাত বনৰীয়া ম’হে খেদি পঠিয়ালে বনৰজাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.