ETV Bharat / state

Kaziranga National Park: প্ৰয়োজন মাথোঁ সাহসৰ; কাজিৰঙাত বনৰীয়া ম’হে খেদি পঠিয়ালে বনৰজাক

author img

By

Published : Feb 26, 2023, 6:54 AM IST

এটা ম'হৰ চোঁচাত বনৰজাৰ পৃষ্ঠভংগ । কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত ঘটিল এই ঘটনা (Kaziranga National Park) । বুঢ়াপাহাৰ বনাঞ্চলৰ তিনিমুখনিত এই শিহৰণকাৰী দৃশ্য বন্দী কৰিলে এজন বনকৰ্মীয়ে । জীপ ছাফাৰীত পৰ্যটকৰ সুৰক্ষাৰ কাৰ্যত নিয়োজিত আছিল অনিল ৰংফাৰ নামৰ বনকৰ্মীজন ।

buffalo chased a royal Bengal tiger
Kaziranga National Park

কাজিৰঙাত শিহৰণকাৰী দৃশ্যৰ সাক্ষী পৰ্যটক

কলিয়াবৰ, ২৫ ফেব্ৰুৱাৰী : এতিয়া কাজিৰঙাত দেশী-বিদেশী পৰ্যটকৰ ভিৰ (Kaziranga National Park) । কাজিৰঙাৰ নৈসৰ্গিক শোভা আৰু জীৱ-জন্তু দৰ্শনৰ বাবে এই সময়ছোৱাত কাজিৰঙাত ভৰি পৰে দেশী-বিদেশী পৰ্যটক (national and foreign tourist at Kaziranga National Park) । বিশেষকৈ বিশ্বৰ একমাত্ৰ এশিঙীয়া গঁড়ৰ বাসস্থান কাজিৰঙাত গঁড় দৰ্শনৰ বাবে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন স্থান তথা বিদেশৰ পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰে (one horned rhinoceros in Kaziranga) ।

কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলত সঘনে বাঘৰ দৰ্শনে আকৰ্ষিত কৰি আহিছে দেশী-বিদেশী পৰ্যটকক । কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানত এতিয়া এশিঙীয়া গঁড়ৰ সমান্তৰালকৈ বুঢ়াপাহাৰ বনাঞ্চলত ঢেকীয়াপতীয়াৰ সঘন দৰ্শন লাভ কৰিবলৈ সক্ষম হৈছে এই দেশী-বিদেশী পৰ্যটকসকলে (tiger and buffallo in Kaziranga National Park) । অৱশ্যে কাজিৰঙাৰ বুকুত বন্যপ্ৰাণী দৰ্শনৰ বাবে হাতী বা জীপ ছাফাৰী কৰা পৰ্যটকসকল বিভিন্ন সময়ত অনাহূত পৰিস্থিতিৰো সন্মুখীন হ'বলগা হয় ।

শেহতীয়াকৈ জীপ ছাফাৰী কৰিবলৈ যোৱা এদল পৰ্যটকে বুঢ়াপাহাৰ বনাঞ্চলৰ তিনিমুখনিত এটা সুঁতিত এজাক ম'হে বিচৰণ কৰি থকাৰ সময়তে একে স্থানৰে কিছু নিলগৰ পৰা এটা বাঘে বিচৰণ কৰি ম'হৰ জাকটোৰ ওচৰ চাপিছিল । ম'হৰ জাকটো আৰু ঢেকীয়াপতীয়াটো প্ৰত্যক্ষ কৰি পৰ্যটকৰ বাহনখন নিৰাপদ দূৰত্বত ৰখাই পৰ্যটকসকলে উপভোগ কৰিছিল এক বিৰল অথচ শিহৰণকাৰী দৃশ‍্য । পৰ্যটক, গাইড আৰু বনকৰ্মীসকল ব‍্যস্ত হৈ পৰিছিল নিজৰ কেমেৰাৰে এই দৃশ‍্য বন্দী কৰাত । আনহাতে, ম'হৰ জাকটোৱে ঢেকীয়পতীয়াটো দেখি সেই ঠাইৰ পৰা লাহে লাহে আঁতৰি গৈছিল । তেনে ক্ষেত্ৰত বাঘটোৱেও যেন ভাবিছিল ময়েই শ্ৰেষ্ঠ, ময়েই বনৰ ৰজা ।

পিছে সকলোকে আচৰিত কৰি বাঘটোৰ দম্ভ ক্ষন্তকতে মষিমূৰ কৰি ম'হৰ জাকটোৰ মাজৰ পৰা এটা ম'হে পানী ফালি চোঁচা ল'লে বনৰজালৈ । কিন্তু বাঘটোৱে এখোজ-দুখোজকৈ সেই স্থানৰ পৰা আঁতৰিবলৈ লওঁতেই অপ্ৰত‍্যাশিতভাৱে ম'হে তীব্ৰ গতিৰে বনৰজাৰ দিশে চোঁচা লোৱাত পৃষ্ঠভংগ দিয়ে বাঘটোৱে । ইফালে আশ্চৰ্যচকিত নেত্ৰৰে এই দৃশ্য মাথোঁ চাই ৰয় পৰ্যটকৰ দলটোৱে ।

এই দৃশ্য প্ৰত্যক্ষ কৰি পৰ্যটকৰ দলটোৱে জীৱনৰ এক অনন‍্য অভিজ্ঞতা সঞ্চিত কৰি গোটেই জীৱনটো ধন‍্য কৰিলে । তাৰ মাজতে কেমেৰাত বন্দী হ'ল সেই ৰোমহৰ্ষক বিৰল দৃশ‍্য । বনৰক্ষী অনিল ৰংফাৰৰ মোবাইল কেমেৰাত বন্দী হয় এই সমগ্ৰ দৃশ‍্য । আনহাতে, এই শিহৰণকাৰী ঘটনা তথা বিৰল অভিজ্ঞতাৰ কথা কথা বনৰক্ষী অনিল ৰংফাৰে ব‍্যক্ত কৰে ।

উল্লেখ্য, যে কাজিৰঙাত মাজে-সময়ে এনে বিৰল দৃশ্য উপভোগৰ সৌভাগ্য ঘটে পৰ্যটকৰ । অৱশ্যে তাৰ মাজতে কেতিয়াবা দুই-অটা অপ্ৰত্য়াশিত ঘটনাও সংঘটিত হয় । গঁড়, বাঘ বা বনৰীয়া ম'হে অতৰ্কিতে পৰ্যটকৰ বাহনলৈ চোঁচা লোৱাৰ লগতে কথমপি পৰ্যটকৰ প্ৰাণৰক্ষাৰ ঘটনাও পূৰ্বতে ঘটিছে কাজিৰঙাত ।

লগতে পঢ়ক :Unying Aran Festival of Arunachal : চিয়াঙৰ উনয়িং আৰণ মহোৎসৱত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.