ETV Bharat / state

তিনিচুকীয়াত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু জিলা প্ৰশাসন

author img

By

Published : Mar 26, 2021, 10:36 PM IST

district administration is ready for first phase vote
তিনিচুকীয়াত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু জিলা প্ৰশাসন

শনিবাৰে মুঠ 1 লাখ 73 হাজাৰ 446 গৰাকী ভোটাৰে নিৰ্ধাৰণ কৰিব তিনিচুকীয়াৰ প্ৰাৰ্থীৰ ভাগ্য ৷ ভোটগ্ৰহণৰ বাবে সাজু হৈছে জিলা প্ৰশাসন ৷

তিনিচুকীয়া,26 মাৰ্চ : শনিবাৰে ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু হৈছে তিনিচুকীয়া জিলা প্ৰশাসন ৷ জিলাখনৰ 122 নং তিনিচুকীয়া বিধানসভা সমষ্টিত এইবাৰ মুঠ 1,73,446 গৰাকী ভোটাৰে নিৰ্ধাৰণ কৰিব প্ৰাৰ্থীৰ ভাগ্য । এইসকল ভোটাৰৰ ভিতৰত পুৰুষ ভোটাৰ হ’ল 87,139 গৰাকী আৰু মহিলা ভোটাৰ 86,295 গৰাকী । ইফালে সমষ্টিটোত ডি ভোটাৰৰ সংখ্যা হ’ল 402 গৰাকী ।

এইবাৰ তিনিচুকীয়া সমষ্টিত 4,304 গৰাকী ভোটাৰৰ নাম কৰ্তন কৰাৰ বিপৰীতে 5,614 গৰাকী নতুন ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে । সমষ্টিটোত 246 টা ভোটকেন্দ্ৰত এইবাৰ ভোটদান সম্পন্ন হ’ব ৷ মন কৰিবলগীয়া যে, 122 নং তিনিচুকীয়া বিধানসভা সমষ্টিত এইবাৰ সৰ্বমুঠ 10 গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ ইয়াৰে ভিতৰত বিজেপিৰ হৈ সঞ্জয় কিশান, কংগ্ৰেছ আৰ জেডি মিত্ৰজোঁটোৰ হৈ হীৰা দেৱী চৌধুৰী, অসম জাতীয় পৰিষদৰ হৈ চামচেৰ সিং, এনচিপিৰ হৈ ৰৱীন চন্দ্ৰ কছাৰী, ৰাষ্ট্ৰীয় লোক সমতা পাৰ্টিৰ হৈ প্ৰৱীন কুমাৰ হাজৰিকা, পলিটিকেল জাষ্টিছ পাৰ্টিৰ হৈ বুদ্ধিনাথ প্ৰজাপতি, ভাৰতীয় গণ পৰিষদৰ হৈ স্বপন পাল, লোক জনশক্তি পাৰ্টিৰ হৈ চিন্টু বৰুৱা, আম্বেদকাৰ ৰাইট পাৰ্টিৰ হৈ ফাগু খাৰিয়া, জনতা দলৰ হৈ আলোক ৰয় আৰু নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰাক্তন কংগ্ৰেছী নেতা সুভাশীষ ভট্টাচাৰ্যীয়ে প্ৰতিদ্বন্দিতা আগবঢ়ায় ৷

district administration is ready for first phase vote
তিনিচুকীয়াত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু জিলা প্ৰশাসন

নিৰ্বাচনত 1,73,446 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব এইসকল প্ৰাৰ্থীৰ ভাগ্য ৷ সেইদৰে তিনিচুকীয়া জিলাৰ এটা অতি গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি হৈছে 123 নং ডিগবৈ বিধানসভা সমষ্টি । ডিগবৈ বিধানসভা সমষ্টিত এইবাৰ 1,40,132 গৰাকী ভোটাৰে নিৰ্ধাৰণ কৰিব প্ৰাৰ্থীৰ ভাগ্য । ইয়াৰে পুৰুষ ভোটাৰ হ’ল 69,298 গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা 70,825 গৰাকী । আনহাতে সমষ্টিটোত ডি ভোটাৰৰ সংখ্যা 326 গৰাকী । ডিগবৈ বিধানসভা সমষ্টিত এইবাৰ 4,763 গৰাকী ভোটাৰৰ নাম কৰ্তন কৰাৰ বিপৰীতে 4,480 গৰাকী ভোটাৰ নতুনকৈ অন্তৰ্ভুক্ত হৈছে ।

সমষ্টিটোত মুঠ ভোটকেন্দ্ৰ হ’ল 205 টা ৷ এইবাৰ সমষ্টিটোত মুঠ তিনিগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ বিজেপিৰ হৈ সুৰেণ ফুকন, কংগ্ৰেছৰ শিৱনাথ চেতিয়া আৰু অসম জাতীয় পৰিষদৰ হৈ প্ৰহ্লাদ নায়কে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ সেইদৰে 125 নং ডুমডুমা বিধানসভা সমষ্টিত এইবাৰ 1,52,470 গৰাকী ভোটাৰে প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। ইয়াৰ ভিতৰত পুৰুষ ভোটাৰ হ’ল 75,507 গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হ’ল 76,956 গৰাকী । সমষ্টিটোত ডি ভোটাৰ আছে 373 গৰাকী ।

এইবাৰ ভোটাৰ তালিকাৰ পৰা 4,460 গৰাকী ভোটাৰৰ নাম কৰ্তন কৰাৰ বিপৰীতে 4,425 গৰাকী ভোটাৰৰ নাম নতুনকৈ অন্তৰ্ভুক্ত হৈছে । ডুমডুমা বিধানসভা সমষ্টিত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা 220 টা। সমষ্টিটোত মুঠ প্ৰতিদ্বন্দী 7 গৰাকী ৷ তেওঁলোক ক্ৰমে- কংগ্ৰেছৰ দূৰ্গা ভূমিজ, বিজেপিৰ ৰূপেশ গোৱালা, অসম জাতীয় পৰিষদৰ সুৰেশ ভূমিজ আৰু নিৰ্দলীয় প্ৰাৰ্থী লক্ষেশ্বৰ মৰাণ, দেৱজিত মৰাণ, কনক চেতিয়া আৰু ৰাজেশ কিশান ৷

লগতে পঢ়ক : প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ: বিশ্বনাথত ভোটকেন্দ্ৰলৈ ৰাওনা প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.