ETV Bharat / state

বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত বয়োজ্যেষ্ঠ মহিলা

author img

By

Published : Jul 4, 2021, 5:05 PM IST

তৈলনগৰী ডিগবৈত বন্যহস্তীয়ে আতংক সৃষ্টি কৰাৰ প্ৰধান কাৰণ হিচাপে গোলাইত যি হাতী দণ্ডি আছিল সেই হাতীদণ্ডীত ভাৰতীয় তেল নিগম অসম তেল সংমণ্ডলে অইল টাৰ্মিনেল নিৰ্মাণ কৰাৰ লগতে হাতীৰ অহা যোৱা কৰা পথত পকী বেৰ নিৰ্মাণ কৰাত হাতীৰ দণ্ডী বন্ধ হৈ পৰে ৷ যাৰবাবে হাতীৰ জাকটোৱে বাট হেৰুৱাই জনাঞ্চলত প্ৰৱেশ কৰি মানুহক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে ।

ডিগবৈত বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাবে আহত বয়োজ্যেষ্ঠ মহিলা
ডিগবৈত বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাবে আহত বয়োজ্যেষ্ঠ মহিলা

তিনিচুকীয়া, 4 জুলাই : তিনিচুকীয়া জিলাৰ তৈলনগৰী ডিগবৈত দেওবাৰে পুৱা বন্যহস্তীৰ আক্ৰমণত এগৰাকী বয়োজ্যেষ্ঠ মহিলা গুৰুতভাৱে আহত হোৱা ঘটনাই সমগ্ৰ ডিগবৈত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে । আজি পুৱা প্ৰায় ৪.৩০ বজাত কমলা চেত্ৰী নামৰ ৭০ বছৰীয়া বৃদ্ধাগৰাকীয়ে পূজা কৰিবলৈ ফুল চিঙি থকাৰ অৱস্থাত হাতী জাকটোৱে হঠাতে আক্ৰমণ কৰে ৷ সৌভাগ্যৱশত হাতীৰ জাকটোৱে বৃদ্ধাগৰাকীক আক্ৰমণ কৰাৰ পাচত মৃত্যু হোৱা বুলি ঘটনাস্থলীতে পেলাই আঁতৰি যায় । হাতীৰ জাকটোৱে আঁতৰি যোৱাত স্থানীয় ৰাইজে বৃদ্ধাগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

উল্লেখ্য যে, বন্যহস্তীৰ জাকে দৈনিক দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান (Dehing patkai National Park)ৰ পৰা খাদ্যৰ সন্ধানত তৈল নগৰী ডিগবৈত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে । যাৰ ফলত মুলীয়াবাৰী, চি এম এইচ এৰিয়া, শান্তিপাৰা, চেণ্ট্ৰেল ডিগবৈ, এগ্ৰীমেন্ট লাইন, হাস্পাতাল তিলা, চিলং ৰ’ড, ষ্টেচন পাৰা ইত্যাদি অঞ্চলসমূহত আন্ধাৰ হোৱাৰ লগে লগে স্থানীয় লোকে বন্যহস্তীৰ আতংকত বিনিদ্ৰাৰে জীৱন অতিবাহিত কৰিব লগীয়া হয় । বিগত কেইবছৰধৰি তৈলনগৰী ডিগবৈত বন্যহস্তীৰ জাকে বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰি ঘৰ দুৱাৰ ভঙাৰ লগতে বহু লোকক আক্ৰমণ কৰি এক সন্ত্ৰাস সৃষ্টি কৰি আহিছে ।

ডিগবৈত বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাবে আহত বয়োজ্যেষ্ঠ মহিলা

তৈলনগৰী ডিগবৈত বন্যহস্তীয়ে আতংক সৃষ্টি কৰাৰ প্ৰধান কাৰণ হিচাপে গোলাইত যি হাতী দণ্ডি (elephant corridor) আছিল সেই হাতীদণ্ডীত ভাৰতীয় তেল নিগম অসম তেল সংমণ্ডলে অইল টাৰ্মিনেল (oil terminal) নিৰ্মাণ কৰাৰ লগতে হাতীৰ অহা যোৱা কৰা পথত পকী বেৰ নিৰ্মাণ কৰাত হাতীৰ দণ্ডী বন্ধ হৈ পৰে ৷

যাৰবাবে এতিয়া হাতীৰ জাকটোৱে বাট হেৰুৱাই জনাঞ্চলত প্ৰৱেশ কৰি মানুহক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে । বিগত তিনিবছৰত ডিগবৈ চহৰৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলত প্ৰায় ৮ জনৰ লোকৰ মৃত্যু হোৱাৰ লগতে বহুলোক গুৰুতৰভাৱে আহত হৈ চিৰদিনৰ বাবে ঘূণীয়া হৈ পৰিছে । স্থানীয় লোকে শীঘ্ৰে বন বিভাগ তথা অসম চৰকাৰে হাতী দণ্ডিসমূহ (elephant corridor)ৰ কাষত ঘৰ নিৰ্মাণ, ব্যৱসায় প্ৰতিষ্ঠান নিৰ্মাণ ,সংৰক্ষিত বনাঞ্চলত অবৈধ চাহ বাগানসমূহ উচ্ছেদ কৰাৰ লগতে হাতী দণ্ডি (elephant corridor)ত তেল সৰবৰাহ কৰা টাৰ্মিনেল নিৰ্মাণ কৰা ভাৰতীয় তেল নিগম অসম তেল সংমণ্ডলৰ ওপৰত অসম চৰকাৰে আইনী ব্যৱস্থা গ্ৰহণ কৰি হাতী দণ্ডীসমূহ মুকলি কৰাৰ লগতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰকৃতিপ্ৰেমীসকলে দাবী জনাইছে ৷ অন্যথা হাতী মানুহৰ সংঘাত দৈনিক বৃদ্ধি হৈ বহুলোকে বন্যহস্তীৰ আক্ৰমণত মৃত্যু মুখত পৰিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : স্বয়ং পিতৃয়ে আটক কৰিলে পুত্ৰহন্তাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.