ETV Bharat / state

Poor condition of govt school: শিক্ষক অবিহনে চলিছে কুজুপথাৰ প্ৰাথমিক বিদ্যালয়

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 5:03 PM IST

কুজুপথাৰ প্ৰাথমিক বিদ্যালয়ত ৪১ গৰাকী ছাত্ৰ- ছাত্ৰীৰ বিপৰীতে নাই এজনো শিক্ষক । শিক্ষা বিভাগৰ পয়ালগা প্ৰতিচ্ছবি ৷ শিক্ষক দিৱসত ছাত্ৰ-ছাত্ৰীয়ে হাতত উপহাৰ লৈ আহিছিল যদিও উভতিল নিৰাশ হৈ।

Kujupatha Primary School  running without teachers
কুজুপথাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি

কুজুপথাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি

তিনিচুকীয়া, ৮ ছেপ্তেম্বৰ: ৰাজ্য় চৰকাৰে শিক্ষা বিভাগক লৈ ঢাকঢোল বজোৱাৰ সময়তে এখন বিদ্য়ালয়ৰ এক পয়ালগা দৃশ্যই বিভাগটোৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে । এই বিদ্যালয়খন হৈছে তিনিচুকীয়া জিলাৰ কাকপথাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বৰডুমচাৰ কুজুপথাৰ প্ৰাথমিক বিদ্যালয় । ১৯৫৩ চনতে প্ৰতিষ্ঠা লাভ কৰা কুজুপথাৰ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী ৪১ গৰাকী আছে যদিও তাৰ বিপৰীতে নাই এগৰাকীও শিক্ষক । যিটো কাৰণে ৫ ছেপ্টেম্বৰ শিক্ষক দিৱসৰ দিনটোত শ্ৰদ্ধাৰ শিক্ষকলৈ বুলি ছাত্ৰ-ছাত্ৰীসকলে হাতত একোটি উপহাৰ লৈ আহিছিল যদিও নিৰাশ মনেৰে উভতিল ঘৰলৈ ৷ কিয়নো বিদ্যালয়লৈ নাহিল শিক্ষক ৷

স্থানীয় ৰাইজ তথা পৰিচালনা সমিতিয়ে উল্লেখ কৰা অনুসৰি, প্ৰায় দুমাহ পূৰ্বে কুজুপথাৰ প্ৰাথমিক বিদ্যালয়ত আছিল প্লাৱন দত্ত নামৰ এগৰাকী প্ৰধান শিক্ষক । প্লাৱন দত্ত বদলি হোৱাৰ পিছত কাকপথাৰ শিক্ষা খণ্ডই পুতুল গগৈ নামৰ এগৰাকী শিক্ষকক বিদ্যালয়খনত নিযুক্তি দিছিল । কিন্তু যোৱা ২০ আগষ্টৰ পৰাই বিদ্যালয়লৈ নাই যোৱা পুতুল গগৈ নামৰ শিক্ষকজন । ২০ আগষ্টত দিনৰ ১২ বজাত ছাত্ৰ-ছাত্ৰীক বিদ্যালয় ছুটী নিদিয়াকৈ ছাত্ৰ-ছাত্ৰীক অলপ পিছত ঘুৰি আহিম বুলি কোৱা পুতুল গগৈয়ে আজিলৈকে ঘুৰি নাহিল বিদ্যালয়লৈ ।

ইতিমধ্যে পুতুল গগৈ নামৰ শিক্ষকজনে অন্য এখন বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰিছে বুলি জানিব পৰা গৈছে । কিন্তু আজিলৈকে কুজুপথাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিক, চি আৰ চি বিষয়াক কোনো পত্ৰ দিয়া নাই গগৈয়ে । সমান্তৰালভাৱে এইখন বিদ্যালয়ত এগৰাকীও শিক্ষক নথকাকৈ কেনেকৈ বিভাগীয় কৰ্তৃপক্ষই অন্য বিদ্যালয়ত নিযুক্তি দিলে সেয়া ৰহস্যজনক ৷

তাৰ বিপৰীতে স্থানীয় এগৰাকী মহিলাই বিনা বেতনেৰে ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত শিক্ষা প্ৰদান কৰি আহিছে ৷ প্লাৱন দত্ত নামৰ শিক্ষকগৰাকী থকাৰ সময়ত নিজৰ পৰা সামন্য় ধন দিছিল যদিও বদলি হোৱাৰ পৰা একমাত্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ স্বাৰ্থত শিক্ষাদান কৰি আহিছে মহিলাগৰাকীয়ে ৷ গতিকে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ লগত হেতালি খেলা শিক্ষক পুতুল গগৈক নিলম্বনৰ দাবী জনাইছে কুজুপথাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ লগতে স্থানীয় সচেতন ৰাইজে ৷ সমান্তৰালভাৱে অতি সোনকালে বিদ্যালয়খনত দুগৰাকীকৈ শিক্ষক নিযুক্তি দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.