ETV Bharat / state

বাঘজান কাণ্ডৰ ক্ষতিগ্ৰস্ত পৰিয়ালক উপযুক্ত ক্ষতিপূৰণৰ দাবী

author img

By

Published : Jun 23, 2021, 10:21 PM IST

Baghjan fire incident
বাঘজান কাণ্ডৰ ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপুৰণৰ দাবীত বাঘজান-দীঘলটৰং উন্নয়ণ সমিতিৰ সংবাদমেল

ডুমডুমা প্ৰেছ ক্লাৱত বাঘজান-দীঘলতৰং উন্নয়ন সমিতিৰ সংবাদমেল ৷ বাঘজান কাণ্ড(Baghjan incident)ৰ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহ ক্ষতিপূৰণৰ পৰা সম্প্ৰতি বঞ্চিত হৈ থকাৰ অভিযোগ কৰি আয়োজন কৰা হয় এই সংবাদমেল ৷

ডুমডুমা, 23 জুন : উজনি অসমৰ তিনিচুকীয়া জিলাৰ বাঘজান গাঁৱত বিগত বৰ্ষ অৰ্থাৎ ২০২০ৰ ২৭ মে' তাৰিখে অইল ইণ্ডিয়া(Oil India)ৰ বাঘজানস্থিত BGR 5 No তৈল খাদত সংঘটিত হৈছিল এক ভয়ংকৰ বিস্ফোৰণ ৷ বিস্ফোৰণৰ ফলত খাদটোৰ পৰা অহৰহ নিৰ্গত হৈছিল তেল সংমিশ্ৰিত গেছ । পৰৱৰ্তী সময়ত ১৩ দিনৰ পাছত অৰ্থাৎ ৯ জুন তাৰিখে ভয়ংকৰ অগ্নিকাণ্ডই সমগ্ৰ বাঘজানক চানি ধৰিছিল । ইতিমধ্যে এই ঘটনাই এটা বছৰ সম্পূৰ্ণ কৰিলে ৷

বাঘজানৰ এই অগ্নিকাণ্ডৰ ফলত এক হাহাকাৰ পৰস্থিতিয়ে বিৰাজ কৰিছিল স্থানীয় বাসিন্দা সকলৰ মাজত ৷ গৃহহাৰা হৈছিল বহু পৰিয়াল ৷ কিন্তু পৰৱৰ্তী সময়ত বাঘজান কাণ্ড(Baghjan incident)ৰ ফলত ক্ষতিগ্ৰস্ত হোৱা বহু পৰিয়াল আজিও উপযুক্ত ক্ষতিপূৰণৰ পৰা বঞ্চিত হৈ থকাৰ অভিযোগ কৰিছে বাঘজান-দীঘলতৰং উন্নয়ণ সমিতি(Baghjan-Dighaltrang Development Committee)য়ে ৷ উন্নয়ন সমিতিয়ে জনোৱা মতে, অগ্নিকাণ্ড সংঘটিত হোৱা স্থানৰ পৰা ৩ৰ পৰা ৪ কি:মি: ব্যাসাৰ্ধৰ ভিতৰত থকা প্ৰায় ১৬০০ টা পৰিয়াল বাঘজানৰ অগ্নিকাণ্ড(Baghjan fire incident)ত ক্ষতিগ্ৰস্ত হৈছিল যদিও কেৱল মাত্ৰ ৬১২ টা পৰিয়ালকহে অইল ইণ্ডিয়া কৰ্তৃপক্ষই ক্ষতিপূৰণ প্ৰদান কৰিলে ৷

বাঘজান কাণ্ডৰ ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপুৰণৰ দাবীত বাঘজান-দীঘলটৰং উন্নয়ণ সমিতিৰ সংবাদমেল

অগ্নিকাণ্ডৰ ফলত প্ৰায় ১০০০ টা ক্ষতিগ্ৰস্ত পৰিয়াল ক্ষতিপূৰণৰ পৰা আজিও বঞ্চিত হৈ থকাৰ অভিযোগ কৰি বাঘজান-দীঘলতৰং উন্নয়ণ সমিতি(Baghjan-Dighaltrang Development Committee)য়ে বুধবাৰে ডুমডুমা প্ৰেছ ক্লাৱ(Doomdooma Press Club)ত এক সংবাদমেল(Pressmeet)ৰ আয়োজন কৰে ৷ সংবাদমেলত বাঘজান-দীঘলতৰং উন্নয়ণ সমিতি(Baghjan-Dighaltrang Development Committee)য়ে উল্লেখ কৰা অনুসৰি, চৰকাৰ তথা অইল ইণ্ডিয়া(Oil India) কৰ্তৃপক্ষই কেৱল মাত্ৰ আলোচনাৰ নামত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ক্ষতিপূৰণৰ পৰা বঞ্চিত কৰি ৰখাৰ অভিযোগ কৰিছে ৷

ইফালে, অইল ইণ্ডিয়া কৰ্তৃপক্ষই যিসকল লোকক ক্ষতিপূৰণ দিলে তাৰ তালিকা ৰাজহুৱা কৰিবলৈ দাবী জনায় ৷ ইয়াৰ লগতে অতি শীঘ্ৰেই ক্ষতিগ্ৰস্ত সকলো পৰিয়ালকেই উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ বাঘজান-দীঘলতৰং উন্নয়ণ সমিতি(Baghjan-Dighaltrang Development Committee)য়ে দাবী জনাইছে । অন্যথা ক্ষতিপূৰণৰ পৰা বঞ্চিত লোকসকলৰ সহযোগত তীব্ৰ আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰিছে বাঘজান-দীঘলতৰং উন্নয়ণ সমিতিয়ে ।
লগতে পঢ়ক : খালী আসন তিনিখন কিন্তু উপ-নিৰ্বাচন পাঁচটা‌ সমষ্টিত, কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.