ETV Bharat / state

CRPF Constable murder update: CRPF জোৱানক হত্যা কৰা দুই দুৰ্বৃত্তক আটক

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 4:55 PM IST

বৰডুমচাত চি আৰ পি এফ জোৱানক হত্যা কৰা ঘটনাই ৰাজ্যুজৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ নামচাই আৰু চাংলাং জিলাত অৰুণাচল আৰক্ষীৰ সৈতে যুটীয়া অভিযান চলাই তিনিচুকীয়া আৰক্ষীয়ে আৰু নামচাইৰ পৰা দুই হত্যাকাৰী অভিযুক্তক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

CRPF Constable murder update
CRPF জোৱানক হত্যা কৰা দুই দুৰ্বৃত্তক আটক

CRPF জোৱানক হত্যা কৰা দুই দুৰ্বৃত্তক আটক

তিনিচুকীয়া, ৭ ছেপ্টেম্বৰ: বুধবাৰে বিয়লি অসম-অৰুণাচলৰ সীমান্ত বৰডুমচাত এগৰাকী CRPF জোৱানক দুই দুৰ্বৃত্তই চোকা অস্ত্ৰৰে হানি-খুচি হত্যা কৰা ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ তাৰ পাচতে বৃহস্পতিবাৰে বৰডুমচাৰ ব্যৱসায়ী সকলে স্বতঃস্ফূর্তভাৱে ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখিছে ।

লগতে আজি বৃহস্পতিবাৰে হ’বলগীয়া সাপ্তাহিক বজাৰো বন্ধ ৰাখিছে ব্যৱসায়ীসকলে । এই ঘটনাৰ প্ৰতিবাদত বৰডুমচাৰ ব্যৱসায়ীসকলে স্বতঃস্ফূর্তভাৱে ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখিছে বুলি জানিবলৈ দিছে ।

ইফালে, আজি CRPF ৰ জোৱানগৰাকীৰ মৃতদেহ তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰিবৰ বাবে লৈ অহা হৈছে ৷ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিচতে বিশেষ বিমানেৰে জোৱানগৰাকীৰ মৃতদেহ তেওঁৰ জন্মভূমিলৈ প্ৰেৰণ কৰিব ৷

ইয়াৰ সমান্তৰালকে আজি এই ঘটনাৰ সন্দৰ্ভত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপে ক্ষিপ্ৰতাৰে তদন্তৰ বাবে অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাষ দাস আৰু মাৰ্ঘেৰিটাৰ SDPO হেমন্ত বড়োক দায়িত্ব প্ৰদান কৰে ৷ ইতিমধ্যে সমগ্ৰ ঘটনাৰ চিচিটিভি ফুটেজ সংগ্ৰহ কৰি দুই দুৰ্বৃত্তক চিনাক্ত কৰিছে আৰক্ষীয়ে ৷

লগতে নামচাই আৰু চাংলাং জিলাত অৰুণাচল আৰক্ষীৰ সৈতে যুটীয়া অভিযান চলাই তিনিচুকীয়া আৰক্ষীয়ে আৰু নামচাইৰ পৰা দুই হত্যাকাৰী অভিযুক্তক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ দুই দুৰ্বৃত্ত ক্ৰমে নামচাই জিলাৰ চাংলাই গাঁৱৰ চাও নিউটা মিন (২৬) আৰু জেংলাই গাঁৱৰ চাও আৰ্ভি খেন (২৫) বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

আনহাতে, নিহত হোৱা সুনীল কুমাৰ পাণ্ডে নামৰ 186 বেটেলিয়ানৰ CRPF জোৱানগৰাকীৰ সৈতে সংঘটিত হোৱাৰ সমগ্ৰ দৃশ্য বন্দী হৈছে CCTV কেমেৰাত ৷ কেমেৰাত বন্দী হোৱা দৃশ্য অনুসৰি, নিহত CRPF গৰাকীৰ সৈতে আছিল আন এগৰাকী অসামৰিক বেশত থকা CRPF জোৱান ৷ জোৱানজন আৰু দুৰ্বৃত্ত দুটাৰ মাজত হতাহতিৰ পৰিৱেশৰ সৃষ্টি হোৱাত তেনে সময়তে মটৰ চাইকেলখনত উঠি অহা এটা দুৰ্বৃত্তই অতৰ্কিতে জোৱানগৰাকী চোকা অস্ত্ৰৰে আক্ৰমণ কৰি সেই ঠাইৰ পৰা পলায়ন কৰে ৷

উল্লেখ্য যে, যিহেতু নামচাই অঞ্চলটো ড্ৰাগছ সৰবৰাহৰ ঘাটিস্বৰূপে জনা যায়, সেইবাবে এই দুই দুৰ্বৃত্তক ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকা বুলি স্থানীয় লোকে আশংকা কৰিছে ৷ এতিয়া ইয়াৰ পিচতে এই চিআৰপিএফ জোৱান দুজনৰ সৈতে দুয়ো যুৱকৰ কি কাৰণত শত্ৰুতা হ’ল সেয়া পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ৷

লগতে পঢ়ক: CRPF Constable murder update: বৰডুমচাকাণ্ডৰ CCTV ফুটেজ সংগ্ৰহ আৰক্ষীৰ; আটক হোৱা নাই দুৰ্বৃত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.