ETV Bharat / state

CRPF Constable murder update: বৰডুমচাকাণ্ডৰ CCTV ফুটেজ সংগ্ৰহ আৰক্ষীৰ; আটক হোৱা নাই দুৰ্বৃত্ত

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 8:21 AM IST

CRPF Constable murder update
ৰাজহুৱা স্থানত হানি খুচি হত্যা কৰা হ’ল চি আৰ পি এফ কনিষ্টবলক

বৰডুমচাৰ ৰাজহুৱা স্থানত হানি খুচি হত্যা কৰা হ’ল চি আৰ পি এফ কনিষ্টবল সুনীল কুমাৰ পাণ্ডে (50)ক ৷ এই ঘটনাক কেন্দ্ৰ কৰি আজিও অব্যাহত আছে চাঞ্চল্য । ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা সংগ্ৰহ কৰিছে উক্ত ঘটনাৰ CCTV ফুটেজ ৷ অৱশ্যে বৰ্তমানো অভিযানকাৰী দলে আটক কৰিবলৈ সক্ষম হোৱা নাই বাইকত অহা দুই দুৰ্বৃত্তক ৷

ৰাজহুৱা স্থানত হানি খুচি হত্যা কৰা হ’ল চি আৰ পি এফ কনিষ্টবলক

তিনিচুকীয়া, 7 ছেপ্টেম্বৰ : বুধবাৰে তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৰ বৰডুমচাৰ মুকলি বজাৰত সংঘটিত হোৱা হত্যাকাণ্ডই তোলপাৰ লগাইছে ৰাজ্যত ৷ ইতিমধ্যে আৰক্ষীয়ে সংগ্ৰহ কৰিছে CCTV ৰ দৃশ্যাংশ ৷ এই CCTV ৰ দৃশ্যাংশৰ ভিত্তিতে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ লগতে বাইকত অহা দুই দুৰ্বৃত্তৰ সন্ধানত ইতিমধ্যে আৰক্ষীয়ে চলাইছে অভিযান ৷

সকলোৰে জ্ঞাত যে, বুধবাৰে তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৰ বৰডুমচাৰ মুকলি বজাৰত সংঘটিত হয় এক হত্যাকাণ্ড ৷ এই হত্যাকাণ্ডটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । জানিব পৰা মতে, নিহত লোকজন হৈছে চি আৰ পি এফৰ কনিষ্টবল সুনীল কুমাৰ পাণ্ডে (50) ৷

ঘটনাৰ বিৱৰণি অনুসৰি, কৰ্মসূত্ৰে অৰুণাচল প্ৰদেশৰ বৰডুমচাত থকা চি আৰ পি এফৰ কনিষ্টবল সুনীল কুমাৰ পাণ্ডে অৰুণাচল-অসমৰ সীমান্তৰ অৰুণাচলৰ চৰকাৰী গেট পাৰ হৈ অসমৰ বৰডুমচাত আবেলি সাধাৰণ পোছাকত বজাৰ কৰিবলৈ আহিছিল । তেওঁ যাৱতীয় বস্তু ক্ৰয় কৰি থাকোতেই এখন মটৰ চাইকেলত অহা দুজনীয়া দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৷ ফলত গুৰুতৰভাৱে আহত হয় কনিষ্টবলগৰাকী ৷

ইফালে এই ঘটনা সংঘটিত কৰিয়েই উক্ত স্থানৰ পৰা পলায়ন কৰে দুৰ্বৃত্তৰ দলটোৱে ৷ কেই মুহূৰ্তৰ ভিতৰতে সংটিত হোৱা এই ঘটনাক টলকিবই নোৱাৰিলে কোনো লোকে ৷ পৰৱৰ্তী সময়ত স্থানীয় লোক আৰু বৰডুমচা থানাৰ আৰক্ষী-অৰুণাচল আৰক্ষীৰ দলৰ তৎপৰতাত গুৰুতৰভাৱে আহত চি আৰ পি এফ কনিষ্টবলগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও মৃত্যু হয় কনিষ্টবলগৰাকীৰ ৷

নিহত কনিষ্টবলগৰাকী উত্তৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে ৷ ইফালে দিন-দুপৰতে এগৰাকী চি আৰ পি এফ কনিষ্টবলক হত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি উত্থাপন হৈছে ভিন্ন প্ৰশ্নৰ ৷ নিৰাপত্তাৰ দিশ সন্দৰ্ভতো স্থানীয় ৰাইজৰ মাজত বহু প্ৰশ্নৰ উদ্ৰেগ ঘটিছে ৷

শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, উক্ত ঘটনাৰ CCTV ৰ দৃশ্যাংশ সংগ্ৰহ কৰিছে যদিও বৰ্তমান পৰ্যন্ত আৰক্ষী, অৰ্ধসামৰিক বাহিনী, সেনা বাহিনীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই দুই দুৰ্বৃত্তক ৷ একাংশৰ মতে, দুই অভিযুক্ত ড্ৰাগছ সৰবৰাহকাৰী অথবা ড্ৰাগছ আসক্ত যুৱক আছিল ৷

কিন্তু চি আৰ পি এফ কনিষ্টবলগৰাকীৰ সৈতে দুই অভিযুক্তৰ কি শত্ৰুতা আছিল, সেয়া পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ৷

লগতে পঢ়ক : CRPF Jawan death: চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা CRPF জোৱানক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.