ETV Bharat / state

পি এম কিষান আঁচনিৰ নামত তিনিচুকীয়াত দুৰ্নীতি

author img

By

Published : May 9, 2020, 6:25 PM IST

পি এম কিষানৰ আঁচনিৰ নামত তিনিচুকীয়াত দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে ৷ হিতাধিকাৰীৰ পৰা আবেদনৰ সময়ত উৎকোচ লোৱাৰ অভিযোগ সভানেত্ৰী, ৱাৰ্ড সদস্যৰ বিৰুদ্ধে ৷

Corruption in tinsukiya kakopathar
পি এম কিষান আঁচনিৰ নামত তিনিচুকীয়াত দুৰ্নীতি

ডুমডুমা, 9 মে' : পি এম কিষানৰ আঁচনিৰ নামত তিনিচুকীয়াত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উখাপন হৈছে ৷ কাকপথাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বুঢ়ীদিহিং গাঁও পঞ্চায়তত সংঘটিত হৈছে এই দুৰ্নীতি ৷

অভিযোগ অনুসৰি, প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ তালিকা প্ৰস্তুত কৰোতে পঞ্চায়তখনৰ সভানেত্ৰীৰ লগতে ৱাৰ্ড সদস্যাই প্ৰতিজন আবেদনকাৰীৰ পৰা 200 টকাকৈ ধন উৎকোচ লোৱাৰ অভিযোগ উখাপন হৈছে ৷ আনকি টকা উৎকোচ লোৱাৰ পিছতো কোনো ধৰণৰ ধন লাভ নকৰাৰ অভিযোগ আবেদনকাৰীৰ ৷ যাৰবাবে বিভাগীয় কতৃপক্ষই উক্ত বিষয় সন্দৰ্ভত উচিত তদন্ত কৰোটো বিচাৰিছে ৷

পি এম কিষান আঁচনিৰ নামত তিনিচুকীয়াত দুৰ্নীতি

উল্লেখযোগ্য যে, পূৰ্বতেও মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত এই পঞ্চায়তখনত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁ‌চনিৰ আৱাস গৃহৰ আৱন্টিত ৪০ হাজাৰ টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ সভানেত্ৰীৰ বিৰুদ্ধে ৷

পি এম কিষান আঁচনিৰ নামত তিনিচুকীয়াত দুৰ্নীতি

লগতে পঢ়ক : ঘুৰ্ণী বতাহত পশ্চিম কাৰ্বি আংলঙত বিস্তৰ ক্ষতিসাধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.