ETV Bharat / state

Crime in Tinsukia: ধৰ্ষণত অভিযুক্ত বিজেপি নেতাক গ্ৰেপ্তাৰৰ দাবী

author img

By

Published : Apr 26, 2023, 11:32 AM IST

অসম প্ৰদেশ কংগ্ৰেছৰ তিনিচুকীয়াত সংবাদমেল সম্বোধন (Congress press Meet in Tinsukia) ৷ নাবালিকা ধৰ্ষণকাৰী বিজেপি নেতা হোৱাৰ বাবেই গ্ৰেপ্তাৰ নকৰাৰ অভিযোগ ।

Congress press Meet in Tinsukia
অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

তিনিচুকীয়া, ২৬ এপ্ৰিল: মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই ধর্ষণ, বাল্যবিবাহ, মাদক দ্রব্য আদি বিষয়ত কঠোৰ নীতিৰে নিৰ্মূল কৰিবলৈ আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিছে । কিন্তু তাৰ পাচতো দৈনিক এই সামাজিক কু-কৰ্মবোৰ ৰোধ কৰিবলৈ আৰক্ষী প্ৰশাসনে বিফল হৈছে ।

শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ বৰডুবি আৰক্ষী থানাৰ অন্তৰ্গত এগৰাকী ১৩ বছৰীয়া কিশোৰীক ২০ মাৰ্চত ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে । পৰৱৰ্তী সময়ত পৰিয়ালবৰ্গই যোৱা ২১ মাৰ্চত বৰডুবি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আজি পৰ্যন্ত অভিযুক্ত সমুন্দ্ৰে ৰায়ক গ্ৰেপ্তাৰ নকৰাত সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠনৰ লগতে সচেতন ৰাইজ ৷ মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশমৰ্মে এটা সজাতি দলে ভুক্তভোগীৰ বাসগৃহত উপস্থিত হৈ পৰিস্থিতি বুজ লয় । লগতে এই দলটোৱে জিলা উপায়ুক্তক সাক্ষাৎ কৰি অতিসোনকালে দোষীক কৰায়ত্ব কৰাৰ দাবী জনায় (Congress demand for arrest rape accused) ৷

তাৰ পাচতে কংগ্ৰেছ ভৱনত এখন সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত কংগ্ৰেছ নেতাসকলে ধৰ্ষণত অভিযুক্ত সমুন্দ্ৰে ৰায়ক গ্ৰেপ্তাৰ কৰি ফাঁচী দিয়াৰ দাবী জনায় (Rape case in Tinsukia)। লগতে উক্ত ঘটনাৰ এমাহ উকলি যোৱাৰ পাচতো ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰাত তিনিচুকীয়া আৰক্ষী ব্যৰ্থ হোৱাত কংগ্ৰেছৰ নেতাসকলে ক্ষোভ প্ৰকাশ কৰি এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভুক্তভোগী আৰু ভুক্তভোগী পৰিয়ালটোক ন্যায় প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে ।

তিনিচুকীয়া জিলাৰ বৰডুবি আৰক্ষী থানাৰ অন্তৰ্গত থকা কাটানি গাঁৱৰ সমুন্দ্ৰে ৰায় (৫৩) নামৰ লোকজনে যোৱা ২০ মাৰ্চত একে গাঁৱৰ ষষ্ঠ শ্ৰেণীত অধ্য়য়নৰত এগৰাকী কিশোৰীক বলপূৰ্বকভাবে ভয় ভাবুকি দেখুৱাই ধৰ্ষণ কৰে বুলি ২১ মাৰ্চত পৰিয়লবৰ্গই বৰডুবি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় যে আৰক্ষী প্ৰশাসনৰ ওচৰত অত্যাধুনিক প্রযুক্তিবিদ্যা সা-সামগ্ৰী থকাৰ পাচতো তিনিচুকীয়া আৰক্ষী প্ৰশাসনৰ অৱহেলাৰ বাবে এজাহাৰ দাখিল কৰাৰ পাছতো আজিপৰ্যন্ত দোষীক গ্ৰেপ্তাৰ কৰা হোৱা নাই ।

অসম প্ৰদেশ কংগ্ৰেছে অতি সোনকালে ধৰ্ষণকাৰী সুমন্দ্ৰে ৰায়ক গ্ৰেপ্তাৰ কৰা, ধৰ্ষিতা নাবালিকাৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা আৰু সন্মানসহকাৰে নাবালিকাগৰাকীৰ শিক্ষা গ্ৰহণৰ ব্যৱস্থা কৰাৰ দাবী জনায় । অন্যথা অনাগত দিনত তিনিচুকীয়া জিলাত ৰাইজৰ সহযোগত কংগ্ৰেছে তীব্ৰ আন্দোলনৰ কার্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি শঁকীয়াই দিয়ে ৷

লগতে পঢ়ক:Barpeta moral policing case: বৰপেটা ৰোড কাণ্ডৰ সৈতে জড়িত 11 টাক গ্ৰেপ্তাৰ; কেইবাটাও পলাতক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.