ETV Bharat / state

কাকপথাৰত সেনা-আলফা(স্বা)ৰ মুকলি সংঘৰ্ষ: এজন নিহত

author img

By

Published : Jul 1, 2022, 2:55 PM IST

Updated : Jul 1, 2022, 3:52 PM IST

কাকপথাৰ দ-পথাৰৰ মাজগাঁৱত প্ৰচণ্ড গুলীয়াগুলী । আলফা(স্বা) আৰু সেনাবাহিনীৰ মাজত সংৰ্ঘষ । আলফা (স্বা)ৰ দুৰ্ধষ সদস্য ৰূপম অসমৰ নেতৃত্বত ৬ জনীয়া দলৰ সৈতে সংঘৰ্ষ (Gunbattle between ULFA I and security forces) । সংঘৰ্ষত আলফা(স্বা)ৰ এজন সদস্য নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে ৷

Fire exchange  between ULFA I and security forces
কাকপথাত সেনা-আলফা(স্বা)ৰ মুকলি সংঘৰ্ষ

তিনিচুকীয়া, 1 জুলাই: কাকপথাৰ দ-পথাৰৰ মাজগাঁৱত প্ৰচণ্ড গুলীয়াগুলী (Kakopathar in Tinsukia)। আলফা(স্বা) আৰু সেনাবাহিনীৰ মাজত সংৰ্ঘষ । আলফা (স্বা)ৰ দুৰ্ধষ সদস্য ৰূপম অসমৰ নেতৃত্বত ৬ জনীয়া দলৰ সৈতে সংঘৰ্ষ (Bullet exchange between ULFA I and security forces)।

দুয়োপক্ষৰ গুলীয়াগুলী, গ্ৰেণ্ডেড বিস্ফোৰণ । আলফা(স্বা)ৰ সদস্য আহত হোৱাৰ সন্দেহ । ভাৰতীয় সেনাৰ অসম ৰেজিমেন্টৰ কাকপথাৰ, ডিৰাক কেম্পৰ সেনাৰ সৈতে অভিযান অব্যাহত ।

কাকপথাৰত সেনা-আলফা(স্বা)ৰ মুকলি সংঘৰ্ষ

প্ৰাপ্ত তথ্য মতে, দ-পথাৰৰ ভোলা চাংমাই নামৰ লোকজনৰ ঘৰত আশ্ৰয় লৈ আছিল আলফা(স্বা)ৰ 6 জনীয়া দল এটা ৷ সেনা বাহিনীয়ৈ এই খবৰ লাভ কৰি ঘৰটোত অভিযান চলোৱাৰ পাচতেই উভয়পক্ষৰ মাজত প্ৰচণ্ড সংঘৰ্ষ সংঘটিত হয় (Gunbattle between ULFA-I and Indian Army) ৷ ৰূপম অসমৰ নেতৃত্বত থকা দলটোত ৰিংকু অসম, উদয় অসম আৰু মৃগাংক অসমকে ধৰি কেইবাজনো দুধৰ্ষ সদস্য আছিল বুলি সেনা আৰু আৰক্ষীয়ে সন্দেহ কৰিছে ৷

খবৰ অনুসৰি, নিৰাপত্তা বাহিনীৰ অভিযানৰ উমান পাই আত্মগোপনকাৰী আলফা(স্বা)ৰ দলটোৱে প্ৰথমে গ্ৰেণেডেৰে প্ৰতিপক্ষক আক্ৰমণ কৰাৰ পাচতেই এই সংঘৰ্ষৰ সূত্ৰপাত ঘটে ৷ সংঘৰ্ষত আলফা নেতা ৰূপম অসমৰ লগতে চাৰিজন সদস্য গুলীয়াগুলীবিদ্ধ হয় যদিও তাৰে তিনিজন সদস্য পলাই যাবলৈ সক্ষম হয় ৷ বিপৰীতে আন এজন গুলীবিদ্ধ সদস্য নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে ৷ নিহত আলফা(স্বা)ৰ সদস্যজন জ্ঞান অসম বুলি সন্দেহ কৰা হৈছে (ULFA cadre dead at Kakopathar) ৷

ইতিমধ্যে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী আৰু উজনি অসম মণ্ডলৰ আৰক্ষী উপ মহাপৰিদৰ্শক জিৎমল দলে ঘটনাস্থলীত উপস্থিত হৈছে ৷

মন কৰিবলগীয়া যে, ড৹ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ আসনত অধিস্থিত হোৱাৰ পাচত প্ৰথমবাৰৰ বাবে যুদ্ধ বিৰতিত থকা আলফা(স্বা) আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় ৷ ড৹ শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাচত আলফা(স্বা) আৰু চৰকাৰৰ মাজত এক নমনীয় পৰিৱেশৰ সৃষ্টি হৈছিল ৷ দুয়োপক্ষৰ মাজত আলোচনাৰ বাবেও এক বাতাবৰণৰ সৃষ্টি হৈছিল ৷

আলফা(স্বা)ৰ মুৰব্বী পৰেশ বৰুৱাইও বিষয়টোৰ সন্দৰ্ভত ইতিবাচক মনোভাৱ প্ৰকাশ কৰা পৰিলক্ষিত হৈছিল ৷ এনে এক সময়তে শুকুৰবাৰে তিনিচুকীয়াত সংঘটিত সংঘৰ্ষই স্বাভাৱিকতেই নেতিবাচক প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷

লগতে পঢ়ক: বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ উদ্ধৱ শিবিৰৰ

Last Updated : Jul 1, 2022, 3:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.