ETV Bharat / state

Palm Oil in Assam :অসমত ৩ লাখ হেক্টৰ বিঘা মাটিত পাম অইল খেতি কৰা হ'ব :মুখ্যমন্ত্ৰী

author img

By

Published : Aug 8, 2023, 8:28 PM IST

তৈল খেজুৰ ৰোপণ অনুষ্ঠানত বাবা ৰামদেৱ । উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ মাটি পাম অইল খেতিৰ বাবে উপযোগী ।

Assam CM on Palm Oil in Tinsukia
যোগগুৰু বাবা ৰামদেৱ

যোগগুৰু বাবা ৰামদেৱ

তিনিচুকীয়া, ৮ আগষ্ট: আজি তিনিচুকীয়াৰ ধলাত তৈল খেজুৰ ৰোপণৰ উদ্দেশ্যে এক অনুষ্ঠানৰ আয়োজন কৰা হয় । এই অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে যোগগুৰু বাবা ৰামদেৱ,ৰাজ্য চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাৰ উপৰি কেইবাগৰাকী বিশিষ্ট ব্য়ক্তিয়ে ৷ অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা প্ৰশাসন, পতঞ্জলি ফুডছ লিমিটেডৰ সহযোগত আয়োজন কৰা হয় এই তৈল খেজুৰ ৰোপণ অনুষ্ঠানৰ ।

তৈল খেজুৰ ৰোপণৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা,যোগগুৰু বাবা ৰামদেবৰ লগতে কৃষি মন্ত্ৰী অতুল বৰাই এই খেতিৰ জৰিয়তে কেনেদৰে লাভান্বিত হ'বলৈ পাৰি সেইবিষয়ে ব্য়াখ্য়া কৰে । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়,"ভাৰত চৰকাৰে গৱেষণা কৰি পাইছে যে উত্তৰ-পূৰ্বাঞ্চলৰ মাটি পাম অইল খেতিৰ বাবে উপযোগী ৷ প্ৰথমে এটা ধাৰণা আছিল যে মাটিৰ তলৰ পানী শুহি লয় বুলি ৷ কিন্তু এতিয়া সেয়া গৱেষণা কৰি প্ৰমাণ হৈছে যে উত্তৰ -পূৰ্বাঞ্চলত বৰষুণৰ পানীয়েই এই খেতিৰ বাবে যথেষ্ট ৷ আমি খাৰুৱা তেল বিদেশৰ পৰা আনিবৰ কাৰণে যেনেদৰে খৰচ কৰো তেনেদৰেই আমি ইন্দোনেছিয়া আৰু মালয়েছিয়াৰ পৰা পাম অইল আনিবলৈ খৰছ কৰো ৷ গতিকে আমি ৰাজ্যত পাম অইল খেতি কৰিবলৈ চাৰিটা কোম্পানীৰ সৈতে যোগাযোগ কৰিছো । তেনেদৰেই তিনিচুকীয়া,ডিব্ৰুগড়ত পতঞ্জলিৰ স'তে চুক্তি সম্পন্ন কৰা হৈছে ৷"

মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই কয়,"আমাৰ দেশত প্ৰায় ডেৰ লাখ কোটি টকা সমমূল্য়ৰ পাম অইল ইন্দোনেছিয়া আৰু মালয়েছিয়াৰ পৰা আমদানি কৰো । খাৰুৱা তেল আমদানি কৰিবৰ বাবে আমি যিমান ব্য়য় কৰো প্ৰায় সিমান পাম অইল আমদানি কৰিবৰ বাবে বৈদেশিক মুদ্ৰা খৰচ কৰো ।" মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পুনৰ কয় যে ভাৰত চৰকাৰে গৱেষণা কৰি উত্তৰ পূৰ্বাঞ্চলৰ মাটি পাম অইলৰ বাবে উপযুক্ত বুলি তথ্য় লাভ কৰিছে । সেইবাবে পাম অইলৰ খেতি উৎসাহিত কৰিবৰ বাবে নেচনেল অইল পাম মিছন নামেৰে এক মিছন প্ৰস্তুত কৰা হৈছে । এই মিছনৰ অধীনত অসমত ৩ লাখ হেক্টৰ বিঘা মাটিত আমি পাম অইল খেতি কৰিবলৈ সিদ্ধান্ত লৈছো ।

লগতে পঢ়ক:Oil Palm in Assam : পাম খেতিক লৈ যি প্ৰচাৰ চলিছে তাৰ বৈজ্ঞানিক সত্যতা নাই; অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.