ETV Bharat / state

লাইকা-দধীয়াবাসীৰ কাষত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা

author img

By

Published : Jan 1, 2021, 11:18 AM IST

Updated : Jan 1, 2021, 1:17 PM IST

লাইকা-দধীয়াবাসীক পুনৰ সংস্থাপনৰ দাবীৰে বিগত ১১ দিন ধৰি তিনিচুকীয়া লাইকা-দধীয়া অঞ্চলৰ প্ৰায় ১৪ শ পৰিয়ালে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সময়তে বৃহস্পতিবাৰে প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় আছুৰ নৱ নিৰ্বাচিত সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷

Aasu general secretary in tinsukia
লাইকা-দধীয়াবাসীৰ কাষত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা

তিনিচুকীয়া,1 জানুৱাৰী: ২১ ডিচেম্বৰৰ পৰা বিগত ১১ দিন ধৰি তিনিচুকীয়া লাইকা-দধীয়া অঞ্চলৰ প্ৰায় ১৪ শ পৰিয়ালে পুনৰ সংস্থাপনৰ দাবীত তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ এডোখৰ চৰকাৰী ভূমিত অস্থায়ী শিবিৰ স্থাপন কৰি ধাৰাবাহিকভাৱে কৰি অহা প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ এই অবিৰত প্ৰতিবাদী কাৰ্যসূচীত বৃহস্পতিবাৰে অংশ লয় আছুৰ নৱ নিৰ্বাচিত সম্পাদকগৰাকীয়ে ।

লাইকা-দধীয়াবাসীৰ কাষত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা
প্ৰতিবাদত অংশগ্ৰহণ কৰি লাইকা-দধিয়াবাসীক লৈ চৰকাৰক কোনো ৰাজনীতি নকৰিবলৈ সকীয়নি প্ৰদান কৰাৰ লগতে ৰাজনীতিৰ বাহিৰত থাকি অতি সোনকালে লোকসকলক পুনৰ সংস্থাপন কৰিবলৈ দাবী জনায় শংকৰজ্যোতি বৰুৱাই ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকত এখন কমিটি বনাই দিয়াৰ লগতে ৩১ জানুৱাৰীৰ পূৰ্বে সমস্যাটো সমাধান কৰিবলৈ নিৰ্দেশ দিয়া কাৰ্যক প্ৰকৃত ৰূপত কাৰ্যকৰী কৰিবলৈ দাবী জনায় আছুৰ সম্পাদক শংকৰজ্যোতিৰ লগতে টি এম পি কেৰ নেতৃত্বই ।লগতে পঢ়ক: ৰাইজৰ দলত যোগদান প্ৰাক্তন ছাত্ৰ নেতা দীপক শইকীয়াৰ
Last Updated : Jan 1, 2021, 1:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.