ETV Bharat / state

Assam municipal election 2022:পৌৰসভা নিৰ্বাচনত আম আদমি পাৰ্টিয়ে আগবঢ়াব প্ৰতিদ্বন্দিতা

author img

By

Published : Feb 1, 2022, 1:29 PM IST

অসমৰ পৌৰসভা নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দল সাজু হৈছে । এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব আম আদমি পাৰ্টিয়ে (AAP to contest Assam municipal elections)। তিনিচুকীয়াত পৌৰসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এখন সমিতি গঠন কৰি ভৰত দাসক সভাপতিত্বৰ দায়িত্ব অৰ্পণ কৰা হৈছে ।

Assam municipal election 2022
পৌৰসভা নিৰ্বাচনত আম আদমি পাৰ্টিয়ে আগবঢ়াব প্ৰতিদ্বন্দিতা

তিনিচুকীয়া,১ ফেব্ৰুৱাৰী : সমাগত অসমৰ পৌৰসভা নিৰ্বাচন (Assam municipal election 2022)। ইতিমধ্যে শাসকীয় বিজেপিকে ধৰি সকলো বিৰোধী দল সাজু হৈ নিৰ্বাচনৰ বাবে । তিনিচুকীয়া জিলাত ৰাজনৈতিক দলসমূহে তৎপৰতা আৰম্ভ কৰিছে । ইয়াৰ মাজতে আম আদমি পাৰ্টিয়েও নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ সাজু হৈছে (AAP to contest Assam municipal elections)।

তিনিচুকীয়া জিলা সমিতিৰ সমন্বয়ক চিণ্টু বৰুৱাই উল্লেখ কৰা মতে জিলাখনত পৌৰসভাৰ কৰিবলগীয়া কাম যথেষ্ট পৰিমাণে আছে । কিন্তু এতিয়ালৈ সেই ধৰণৰ কাম হোৱা নাই । গতিকে পৌৰসভা এলেকাৰ উন্নয়নৰ প্ৰতিশ্ৰুতিৰে অহা নিৰ্বাচনত আম আদমি পাৰ্টিয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব । ইতিমধ্যে আম আদমি পাৰ্টি তিনিচুকীয়া জিলা সমিতিখন গঠন হৈছে বুলিও তেওঁ প্ৰকাশ কৰে ।

Assam municipal election 2022
পৰিবহণ বিষয়াক সম্বৰ্ধনা আম আদমি পাৰ্টিৰ

সমন্বয়ক চিণ্টু বৰুৱাই উল্লেখ কৰা মতে পৌৰসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এখন সমিতি গঠন কৰি ভৰত দাসক সভাপতিত্বৰ দায়িত্ব অৰ্পণ কৰা হৈছে । আম আদমি পাৰ্টিত যোগদানৰ বাবে ইতিমধ্যে এটা ফোন নম্বৰো মুকলি কৰিছে দলে । ইয়াৰ মাজতে তিনিচুকীয়া জিলা সমিতিৰ এটা সজাতি দলে তিনিচুকীয়া জিলাৰ পৰিবহণ বিষয়া (DTO) আৰু পৰিদৰ্শকক সাক্ষাৎ কৰি বিদায়ী সম্বৰ্ধনা জনোৱাৰ লগতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ।

লগতে পঢ়ক :Me Dam Me Phi: ধেমাজিত কেন্দ্ৰীয়ভাৱে আয়োজিত মে ডাম মে ফিত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.