ETV Bharat / state

ৰাষ্ট্ৰীয় ৱাক' কিক বক্সিঙলৈ নিৰ্বাচিত তিনিচুকীয়াৰ ৭ গৰাকী বক্সাৰ

author img

By

Published : Jul 28, 2021, 11:48 AM IST

Updated : Jul 28, 2021, 1:56 PM IST

ৰাষ্ট্ৰীয় ৱাক' কিক বক্সিঙ প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হৈছে তিনিচুকীয়াৰ ৭ গৰাকী বক্সাৰ । ২৬ আগষ্ট পৰা ২৯ আগষ্টলৈ গোৱাত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা । ৰাষ্ট্ৰীয় ৱাক' কিক বক্সিং(National wako Kick Boxing) প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে অসমৰ পৰা ৰাওনা হ'ব ৯০ জনীয়া এটা দল ।

7 player from Tinsukia selected to national boxing competition
ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেললৈ নিৰ্বাচিত তিনিচুকীয়াৰ ৭ গৰাকী বক্সাৰ

তিনিচুকীয়া, ২৮ জুলাই : ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত দক্ষতা প্ৰদৰ্শনৰ সুযোগ লাভ কৰিছে তিনিচুকীয়া জিলাৰ খেলুৱৈয়ে । ৰাষ্ট্ৰীয় ৱাক' কিক বক্সিং(National wako Kick Boxing) প্ৰতিযোগিতাৰ বাবে জিলাখনৰ ৭ গৰাকী বক্সাৰ নিৰ্বাচিত হৈছে । ২৬ আগষ্ট পৰা ২৯ আগষ্টলৈ গোৱাত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা । ৰাষ্ট্ৰীয় ৱাক' কিক বক্সিঙ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে অসমৰ পৰা ৰাওনা হ'ব ৯০ জনীয়া এটা দল । তিনিচুকীয়াৰ পৰা ৱাক' কিক বক্সিং ফেডাৰেশ্যনৰ তিনিচুকীয়া জিলা সমিতিৰ উপ-সভাপতি এল ৰতন সিং আৰু সাধাৰণ সম্পাদক অৰবিন্দ পেটেলৰ নেতৃত্বত গোৱালৈ যাব খেলুৱৈসকল ।

বৰ্তমান এই ৭জনীয়া দলটোৱে প্ৰস্তুতি অব্যাহত ৰাখিছে । উল্লেখ্য যে, ৱাক' কিক বক্সিং ফেডাৰেশ্যনক ২০ জুলাইত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে স্বীকৃতি দিছে । চলিত মাহতে ৱাক' ইণ্ডিয়া কিক বক্সিং ফেডাৰেশ্যনক ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ে অনুমোদন দি ক্ৰীড়া হিচাপে স্বীকৃতি দিয়ে ।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেললৈ নিৰ্বাচিত তিনিচুকীয়াৰ ৭ গৰাকী বক্সাৰ

ৱাক' কিক বক্সিঙৰ প্ৰশিক্ষণপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলে আগন্তুক ২০২৪ চনত অলিম্পিক খেলৰ যোগ্যতা অৰ্জন কৰিলে প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ পাব বুলি অৰবিন্দ পেটেল আৰু উপ-সভাপতি এল ৰতন সিঙে জানিবলৈ দিয়ে ।

এই খেলুৱৈসকলে এতিয়া আশাৰ বতৰা কঢ়িয়াই আনিছে ক্ৰীড়াপ্ৰেমীলৈ । বক্সাৰ লাভলীনা বৰগোহাঁয়ে অলিম্পিকত অংশগ্ৰহণ কৰি সমগ্ৰ অসমবাসীলৈ গৌৰৱ কঢ়িয়াই অনাৰ সময়তে অসমৰ এই খেলুৱৈ কেইগৰাকীয়েও ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশ লোৱাৰ সুযোগ লাভ কৰাৰ বাবে তিনিচুকীয়াবাসী আনন্দিত হৈ পৰিছে । বক্সাৰকেইজনে প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শন আগবঢ়াব বুলি আশাবাদী ৱাক' কিক বক্সিং ফেডাৰেশ্যনৰ তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়াসকল ।

লগতে পঢ়ক:মিজো আৰক্ষীৰ বৰ্বৰতাক দুৰ্ভাগ্যজনক আখ্যা বিধায়িকা নন্দিতা গাৰ্লচাৰ

Last Updated : Jul 28, 2021, 1:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.