ETV Bharat / state

Wild elephants in Tezpur: তেজপুৰত বন্যহস্তীৰ উপদ্ৰৱ, ধাননি পথাৰৰ লগতে বাসগৃহৰ ক্ষতিসাধন

author img

By

Published : Dec 1, 2022, 1:38 PM IST

Updated : Dec 1, 2022, 2:04 PM IST

তেজপুৰত বুধবাৰে নিশা দুটাকৈ বন্যহস্তীয়ে চলাই উপদ্ৰৱ । ধাননি পথাৰ অনিষ্ট কৰাৰ লগতে বিধ্বস্ত কৰে অঞ্চলটোৰ দুটাকৈ বাসগৃহ (Elephants destroy crops) ৷ প্ৰাপ্ত তথ্য অনুসৰি নিশাটোৰ ভিতৰত চহৰখনৰ তিনিটাকৈ স্থানত বন্যহস্তী দুটাই চলাইছিল উপদ্ৰৱ ৷ দেৱী সিং ঘাট, গঢ় দৌল, বেচেৰীয়া আৰু পখীয়াজাৰত একে সময়তে পৃথকে পৃথকে অহা বন্যহস্তীৰ জাকে চলাই উপদ্ৰৱ ৷

wild-elephant-destroyed-houses-in-tezpur
তেজপুৰত বন্যহস্তীৰ উপদ্ৰৱ, ধাননি পথাৰৰ লগতে ক্ষতিসাধন কৰে দুটাকৈ বাসগৃহ

তেজপুৰ, ১ ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Man Elephant Conflict in Assam)। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকে ক’ৰবাত যদি ঘৰ ভাঙিছে, ক’ৰবাত আকৌ তহিলং কৰিছে খেতি-পথাৰকে আদি কৰি বাৰীৰ পাচলি ৷ সমান্তৰালভৱে বন্যহস্তীৰ আক্ৰমণত বহু লোক নিহত হোৱাৰ লগতে আহত হৈছে অজশ্ৰজন ৷ শেহতীয়াকৈ তেজপুৰৰ কেইবাটাও স্থানত বিচৰণ কৰি থকা বন্যহস্তীয়ে নিদ্ৰা হৰিছে স্থানীয় লোকসকলৰ ।

কপালৰ ঘাম মাটিত পেলাই, হাড় ভগা শ্ৰম কৰি শ-শ কৃষকে পথাৰত কৰিছে ধানৰ খেতি ৷ কিন্তু চহা খেতিয়কসকলে এই খেতি চপাব নোৱাৰাৰ সংকাত ভুগিছে ৷ খেতিয়কসকলে মাথো হা-হুমুনিয়াহৰ মাজত দিন অতিবাহিত কৰিব লগা হৈছে ৷ কাৰণ সোণগুটি চপোৱাৰ সময়তে প্ৰতিবছৰে বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহে বনৰীয়া হাতীৰ জাক (Wild elephants destroy crops) । তাৰ পিছতেই এফালৰ পৰা খাই তহিলং কৰি যায় কৃষকৰ সপোন (Wild elephant terror)।

তেজপুৰৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বুধবাৰে নিশা দুটাকৈ বন্যহস্তীয়ে চলালে উপদ্ৰৱ । ধাননি পথাৰ অনিষ্ট কৰাৰ লগতে বিধ্বস্ত কৰে অঞ্চলটোৰ দুটাকৈ বাসগৃহ (Elephants destroy crops) ৷ প্ৰাপ্ত তথ্য অনুসৰি নিশাটোৰ ভিতৰত চহৰখনৰ তিনিটাকৈ স্থানত বন্যহস্তীয়ে চলাইছিল উপদ্ৰৱ ৷ দেৱী সিং ঘাট, গঢ় দৌল, বেচেৰীয়া আৰু পখীয়াজাৰত একে সময়তে পৃথকে পৃথকে অহা বন্যহস্তীৰ জাকে চলাই উপদ্ৰৱ ৷ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা অহা বন্যহস্তী জাকটোৱে কেইবাটাও ভাগত বিভক্ত হৈ সন্ত্ৰাসৰ সৃষ্টি কৰে (A herd of wild elephants enters village)।

ইফালে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অহা আন এটা হাতীৰ জাকে বিভিন্ন স্থানত ঘৰ-দুৱাৰ অনিষ্ট কৰাৰ লগতে খেতি-পথাৰো অনিষ্ট কৰা বুলি জানিব পৰা গৈছে । পৰৱৰ্তী সময়ত বন বিভাগৰ সহযোগত আটাইকেইটা বন্যহস্তীক সেই স্থানৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হয় । শোণিতপুৰ জিলাৰ উত্তৰ পাৰত বিগত সময়চোৱাত বন্যহস্তীয়ে খেতি-বাতি অনিষ্ট কৰাৰ লগতে বিনস্ত কৰিছে বহু বাসগৃহ ।

লগতে পঢ়ক: Man Elephant Conflict: গোৱালপাৰাত পুনৰ বনৰীয়া হাতীৰ মৃত্যু

Last Updated : Dec 1, 2022, 2:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.