Man Elephant Conflict: গোৱালপাৰাত পুনৰ বনৰীয়া হাতীৰ মৃত্যু

author img

By

Published : Nov 24, 2022, 3:03 PM IST

Man Elephant Conflict

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Man Elephant Conflict in Assam)৷ নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা এখন জিলাত এজন লোকে হলেও প্ৰাণ হেৰুৱাইছে । বন্যহস্তীয়ে ক'ৰবাত যদি ঘৰ ভাঙিছে, আন ক'ৰবাত আকৌ খেতিপথাৰত বিস্তৰ ক্ষতিসাধন কৰিছে । খেতিপথাৰ তহিলং কৰাত খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া অৱস্থাৰো সৃষ্টি হৈছে ।

গোৱালপাৰা, ২৪ নৱেম্বৰ: জনসংখ্যা বৃদ্ধি,অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্য হস্তীৰ জাক নামি আহে সমতল ভূমিলৈ ৷ বনাঞ্চলৰ ভূমি সংকোচনৰ ফলত খাদ্য সংকটত পৰা বন্যহস্তীৰ জনাঞ্চললৈ প্ৰব্ৰজনে সৃষ্টি কৰি আহিছে সংঘাতৰ ৷ বিগত সময়ত ৰাজ্য়ৰ আন জিলাৰ লগতে ওদালগুৰি,গোলাঘাট,নগাঁও,বাক্সা,কোকৰাঝাৰ আৰু গোৱালপাৰা জিলাত হাতী-মানুহৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰিছে ৷

প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক বৃহৎ দুৰ্যোগৰ ৰূপত দেখা দিয়া হস্তী মানৱৰ সংঘাতত কেৱল মানুহৰেই যে প্ৰাণহানি হৈছে তেনে নহয়, সংঘাত বা আন আন কাৰণত খাদ্যৰ সন্ধানত নামি অহা বন্য হস্তীৰো প্ৰাণ গৈছে ৷ যাৰ ফলত হ্ৰাস পাইছে বন্যহস্তীৰ সংখ্যা ৷

ৰাজ্যত হাতী-মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতেই গোৱালপাৰাত পুনৰ বনৰীয়া হাতীৰ মৃত্যু হয় (Wild elephant death in Goalpara)। জিলাখনৰ লক্ষীপুৰৰ জয়ৰামকুছিৰ খেতি পথাৰত এটা বনৰীয়া হাতীৰ মৃত্যু হৈছে । জিলাখনৰ লক্ষীপুৰ চৈবাৰী জয়ৰামকুচিৰ খেতিপথাৰত মৃত্যু বনৰীয়া হাতীটোৰ । ধাননি পথাৰত ধান খাবলৈ অহাৰ সময়ত হাতীটোৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ।

বিগত কিছুদিন ধৰি মেঘালয় পাহাৰৰ পৰা নামি অহা এটা বনৰীয়া হাতীৰ বৃহৎ জাকে মুক্ত বিচৰণ কৰি আহিছে । কি কাৰণত বনৰীয়া হাতীটোৰ মৃত্যু হৈছে বৰ্তমানলৈ কাৰণ জানিব পৰা হোৱা নাই । বৰ্তমানে মৃত হাতীটোক বনৰীয়া হাতীৰ জাক এটাই আগুৰি ধৰি ৰাখিছে । উল্লেখ্য় যে এই জিলাখনত চলিত বৰ্ষত বৰ্তমানলৈ ৫ টাকৈ বনৰীয়া হাতীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

উল্লেখ্য় যে যোৱা অক্টোবৰতো গোৱালপাৰা জিলাৰ লক্ষীপুৰত বনৰীয়া হাতীৰ মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছিল (Elephant death at Goalpara)। একেদৰে ধাননি পথাৰত উদ্ধাৰ কৰা হৈছিল এটা হাতীৰ মৃতদেহ । সেই সময়ত স্থানীয় ৰাইজ আৰু বনবিভাগে খাদ্যত বিষক্ৰিয়া হৈ হাতীটোৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছিল ।

লগতে পঢ়ক:Lachit Divas 2022 : বৰপেটাত অসম বুৰঞ্জী বিষয়ক কুইজ প্ৰতিযোগিতাৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.