ETV Bharat / state

ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ

author img

By

Published : Jul 3, 2020, 10:44 AM IST

বন্যহস্তীৰ জাকে চাহ বাগিচাৰ বাংলু লাইনৰ ৰাজু মুনিয়া নামৰ এজন লোকৰ বাসগৃহটোও ভাঙি দিয়ে ।

Wild elephants create havoc in Rangpara
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ: দোকান-বাসগৃহ ভাঙি ক্ষতিসাধন

ৰঙাপৰা, 3 জুলাই : শোণিতপুৰ জিলাৰ ৰঙাপৰাত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ খাদ্যৰ সন্ধানত নিশা প্ৰায় 2 বজাত সোনাই-ৰূপাই অভয়াৰণ্যখনৰ পৰা ওলাই অহা তিনিটা বনৰীয়া হাতীয়ে ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰে । বনৰীয়া হাতীৰ জাকে তাৰাজুলি চাহ ফেক্টৰীৰ সমীপত থকা ৰাজেন্দ্ৰ দোগ্গাল নামৰ এজন লোকৰ সুলভ মূল্যৰ দোকানৰ এখন পকী বেৰ ভাঙি পেলায় । ইয়াৰ পাছত বন্যহস্তীৰ জাকে চাহ বাগিচাৰ বাংলু লাইনৰ ৰাজু মুনিয়া নামৰ এজন লোকৰ বাসগৃহটোও ভাঙি দিয়ে ।

ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ

ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিছাত প্ৰায়েই বন্য হাস্তীৰ জাকে উপদ্ৰৱ চলায় ৷ বন্য হাস্তীৰ উপদ্ৰৱত স্থানীয় ৰাইজে উজাগৰী নিশা কটাবলগীয়া হৈছে । বন বিভাগেও বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় লোকৰ ৷

ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ

লগতে পঢ়ক : বৰপেটাত বেকী আৰু ব্ৰহ্মপুত্ৰৰ পানীৰ সংহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.