ETV Bharat / state

তেজপুৰত ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেচনেলৰ গণ বিক্ষোভ

author img

By

Published : Sep 15, 2022, 5:07 PM IST

VPI
VPI

ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেচনেল, শোণিতপুৰ জিলা সমিতিয়ে আজি তেজপুৰ জয়মতী পথাৰৰ পৰা ক'ৰ্ট চাৰিআলিলৈ এক গণ বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে (Voters Party International protest at Tezpur) । বিভিন্ন অঞ্চলত থলুৱা লোকক উচ্ছেদ কৰি সেই ভূমি পুঁজিপতিক গটোৱাৰ বিৰুদ্ধে আজি এই প্ৰতিবাদ সাব্যস্ত কৰে ।

তেজপুৰ, ১৫ ছেপ্টেম্বৰ : ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেচনেল, শোণিতপুৰ জিলা সমিতিয়ে আজি তেজপুৰ জয়মতী পথাৰৰ পৰা ক'ৰ্ট চাৰিআলিলৈ এক গণ বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে (Voters Party International protest at Tezpur) । বিভিন্ন অঞ্চলত থলুৱা লোকক উচ্ছেদ কৰি সেই ভূমি পুঁজিপতিক গটোৱাৰ বিৰুদ্ধে আজি এই প্ৰতিবাদ সাব্যস্ত কৰে ।

তেওঁলোকে দাবী কৰে যে শোণিতপুৰ জিলাৰ বৰচলাত যোৱা ৩ ছেপ্টেম্বৰত শিঙৰি গাঁও পঞ্চায়তত অন্তৰ্গত ৩ নং চিতলমাৰীত পুঁজিপতিক সৌৰশক্তি (Solar Power Project) প্ৰকল্প স্থাপন কৰাৰ নামত ১০০০ বিঘা ভূমিত উচ্ছেদ কৰা ২৯৯ টা পৰিয়ালক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ দিয়াৰ দাবী জনায় (VPI demanded compensation to evicted victims) ।

তেজপুৰত ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেচনেলৰ গণ বিক্ষোভ
তেজপুৰত ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেচনেলৰ গণ বিক্ষোভ

শোণিতপুৰ জিলাত তথাকথিত বনভূমিৰ নামত খিলঞ্জীয়া জনজাতীয় লোক আদিবাসীসকলক আৰু চৰ-চাপৰিৰ নামত অন্য লোকসকলক উচ্ছেদ কৰি সেই ভূমি পুঁজিপতিক গতাই দিয়াৰ দৰে ঘৃণনীয় কাৰ্যকলাপ বান্ধ কৰাৰ আহ্বান জনাইছে ভোটাৰ পাৰ্টীয়ে । হাতে হাতে প্লে'-কাৰ্ড, বেনাৰ, ফেষ্টুন লৈ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে প্ৰতিবাদীসকল (VPI protest against eviction) ।

তেওঁলোকে জিলাখনৰ পাচনৈ নদীৰ পৰা জীয়াভৰলী নদীলৈকে উত্তৰ-পূব সীমান্ত ৰে'লৱে'ৰ পৰা অৰুণাচল প্ৰদেশৰ সীমান্তলৈকে বৃহৎ ভূমিত বসবাস কৰি থকা জনজাতীয় লোকসকলৰ উচ্ছেদৰ কুচক্ৰান্ত বন্ধ কৰি ইয়াৰ বাবে জড়িত এটা চক্ৰক চিনাক্তকৰণ কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে । শোণিতপুৰ জিলাৰ উপায়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ দলটোৰ সভাপতি চৰমসিং দৈমাৰী আৰু সম্পাদক বিফয় মিঞ্জয়ে ৮ টা দাবী সম্বলিত এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে (VPI memorandum to PM) ।

আনহাতে, বন নীতি, ২০১৬ত জনজাতীয় লোকৰ ভূমি অধিকাৰ আৰু সংৰক্ষিত অঞ্চল সম্পৰ্কে উচ্চতম ন্যায়ালয়ৰ ৰায়ক মানি উক্ত লোকসকলৰ বাবে নিৰ্ধাৰণ কৰি দিয়া ভূমি জৰীপৰ কাম খৰতকীয়াকৈ কৰি দশক ধৰি বাস কৰা লোকসকলক ভূমিৰ পট্টা প্ৰদান কৰাৰো দাবী জনায় । লগতে চাহ শ্ৰকমিকৰ দৈনিক মজুৰি ২৩২ টকাৰ পৰিৱৰ্তে ৫৫০ টকালৈ বৃদ্ধি কৰাৰ দাবী তোলে ।

লগতে পঢ়ক :মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে হৰিনমাৰ ধ্বনিৰে মুখৰিত বটদ্ৰৱা থান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.