ETV Bharat / state

তেজপুৰত ইউনিফাইড কামাণ্ডৰ পৰ্যায়ৰ বৈঠক সম্পন্ন

author img

By

Published : Oct 27, 2020, 7:24 PM IST

কিছুদিন আগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত কেন্দ্ৰীয় চৰকাৰে আৰ‌মৰ্চ ফৰ্চ স্পেচিয়াল পাৱাৰ এক্ট পুনৰ প্ৰযোজ্য কৰিছে আৰু অসমৰ সীমান্তৱৰ্তী এলেকাত পূৰ্বাঞ্চলৰ এই ৰাজ্য সমূহ আৰু উগ্ৰপন্থীৰ কাৰ্যকলাপ যথেষ্ঠ বৃদ্ধি পাইছে । বৈঠকত এই বিষয়ে আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে ।

unified-commander-meet
তেজপুৰত ইউনিফাইড কামাণ্ডৰ পৰ্যায়ৰ বৈঠক সম্পন্ন

তেজপুৰ, ২৭ অক্টোবৰ : ৰাজ্যৰ শেহতীয়া আইন শৃংখলাজনিত বিষয়ৰ ওপৰত মঙ্গলবাৰে তেজপুৰ গজৰাজ কৰ্পছত এখন গুৰুত্ব পূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷

তেজপুৰ গজৰাজ কৰ্পছত অনুষ্ঠিত হোৱা এই বৈঠকত জি অ চি লেফ্টনেণ্ট জেনেৰেল শান্তনু দায়লৰ পৌৰাহিত্যত অনুষ্ঠিত এই বৈঠকত অসমৰ অতিৰিক্ত মুখ্য সচিব গৃহ বিভাগৰ জিষ্ণু বৰুৱা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ লগত ইউনিফাইড কামণ্ডৰ বিভিন্ন অপাৰেচন সংক্ৰান্তত বিশদভাৱে আলোচনা কৰা হয় । এই অপাৰেচন গ্ৰুপে ৰাজ্যৰ উগ্ৰপন্থী বিৰোধী এই অভিযানৰ আৰম্ভ হৈছিল ১৯৯০ আৰু তাৰ পিছতে তেজপুৰ সেনাৰ মুখ্যলয় চতুৰ্থ ক'ৰে মুখ্য ভূমিকা পালন কৰি আহিছে ।

unified-commander-meet
তেজপুৰত ইউনিফাইড কামাণ্ডৰ পৰ্যায়ৰ বৈঠক সম্পন্ন

আনহাতে, উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী সংগঠনৰ কাৰ্যকলাপৰ ওপৰতো চোকা দৃষ্টি নিক্ষেপ কৰে । বৈঠকত আইন শৃংখলাজনিত বিভিন্ন ক্ষেত্ৰৰ বিষয়ে আলোচনা কৰা হয় আৰু গৃহ সচিবৰ লগত সমগ্ৰ দিশত আলোচনা কৰে । বৈঠকত বৰ্ডাৰ চিকুৰীতি ফৰ্চ, কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ আৰু এছএছবিৰ বিষয়াসকলে অংশগ্ৰহণ কৰে ।

unified-commander-meet
তেজপুৰত ইউনিফাইড কামাণ্ডৰ পৰ্যায়ৰ বৈঠক সম্পন্ন

উল্লেখযোগ্য যে, কিছুদিন আগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত কেন্দ্ৰীয় চৰকাৰে আৰ‌মৰ্চ ফৰ্চ স্পেচিয়াল পাৱাৰ এক্ট পুনৰ প্ৰযোজ্য কৰিছে আৰু অসমৰ সীমান্তৱৰ্তী এলেকাত পূৰ্বাঞ্চলৰ এই ৰাজ্য সমূহ আৰু উগ্ৰপন্থীৰ কাৰ্যকলাপ যথেষ্ঠ বৃদ্ধি পাইছে । বৈঠকত এই বিষয়ে আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: অভিনেত্ৰী পায়েল ঘোষে আঠাৱালে নেতৃত্বাধীন আৰ.পি.আই দলত যোগদান কৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.