Student arrested in Tezpur: তেজপুৰত নাবালিকাক ধৰ্ষণৰ অপচেষ্টা চলাই গ্ৰেপ্তাৰ দুই ছাত্ৰ

author img

By

Published : Dec 2, 2022, 9:32 PM IST

Updated : Dec 3, 2022, 2:13 PM IST

Student arrested in Tezpur

তেজপুৰত কিশোৰী ছাত্ৰীক ধৰ্ষণৰ চেষ্টা চলাই গ্ৰেপ্তাৰ দুই ছাত্ৰ ৷ কিশোৰীগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত দুই ছাত্ৰক গ্ৰেপ্তাৰ ৷ অভিযুক্ত ছাত্ৰ দুজন মাজগাঁৱৰ দুখন বেচৰকাৰী শিক্ষানুষ্ঠানৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ(Student arrested in Tezpur) ৷

তেজপুৰ, ২ ডিচেম্বৰ: তেজপুৰত এগৰাকী নাবালিকাক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগত শুকুৰবাৰে আৰক্ষীয়ে দুজন ছাত্ৰক গ্ৰেপ্তাৰ কৰে(Youth held for raping minor in Tezpur) ৷ কিশোৰীগৰাকী টিউচনৰ পৰা ঘৰলৈ উভতি অহা সময়তে অন্ধকাৰৰ সুযোগ লৈ নাবালক ছাত্ৰ দুজনে এই অপকৰ্ম সংঘটিত কৰাৰ চেষ্টা চলাইছিল ৷ কিন্তু সুবিধা বুজি কিশোৰীগৰাকীয়ে কোনোমতে সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ৷

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ২৯ নৱেম্বৰৰ সন্ধিয়া প্ৰায় ৭-৩০বজাত সংঘটিত হৈছিল এই ঘটনা ৷ কিন্তু এই ঘটনা পোহৰলৈ আহে বৃহস্পতিবাৰেহে ৷ তেজপুৰৰ মাজগাঁৱৰ এক আৱাসিক অঞ্চলৰ বাসিন্দা কিশোৰীগৰাকীয়ে বৃহস্পতিবাৰৰ বিয়লি এগৰাকী সহপাঠীৰ আগত সমগ্ৰ ঘটনা প্ৰকাশ কৰে ৷ কিশোৰীগৰাকী এই ঘটনাত ইমানেই আতংকিত হৈ পৰিছিল যে তেওঁ নিজৰ ঘৰতো থাকিবলৈ ভয় কৰা হৈছিল ৷

Student arrested in Tezpur
তেজপুৰত নাবালিকাক ধৰ্ষণৰ অপচেষ্টা চলাই গ্ৰেপ্তাৰ দুই ছাত্ৰ

কিশোৰীগৰাকীৰ বান্ধৱীয়ে এই বিষয়ে জানিব পাৰি পাছত নিৰ্যাতিতা কিশোৰীগৰাকীৰ অভিভাৱকক সমগ্ৰ ঘটনাৰ বিষয়ে সদৰী কৰে ৷ পৰিয়ালৰ লোকে লগে লগে স্থানীয় মহাভৈৰৱ আৰক্ষীক এই সন্দৰ্ভত অৱগত কৰে যদিও আৰক্ষীয়ে এইক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ৷ কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে আজি পুনৰ তেজপুৰ সদৰ থানাত অৱগত কৰাত আৰক্ষীয়ে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷

আৰক্ষীয়ে এজন অভিযুক্ত ছাত্ৰক চাৰিদুৱাৰৰ নিজা বাসগৃহ আৰু আনজনক মাজগাঁৱৰ নিজা বাসগৃহৰ পৰা কৰায়ত্ত কৰে ৷ অভিযুক্ত ছাত্ৰ দুজন উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ৷ তেওঁলোক মাজগাঁৱৰে দুখন বেচৰকাৰী শিক্ষানুষ্ঠানত অধ্যয়নৰত ৷

সম্প্ৰতি তেজপুৰ সদৰ থানাত ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ড বিধি U/S 341/354/354(A)/354(D)/376/511/34 IPC R/w sec.8/12/4/18 of POCSO ৰ অধীনত এটা গোচৰ (1232/22) ৰুজু কৰা হৈছে ৷ অভিযুক্ত ছাত্ৰ দুজনৰ এজন নাবালক হোৱাৰ বাবে আদালত হাজিৰ কৰি যোৰহাটৰ নাবালক কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে ৷ আনহাতে আনজন ছাত্ৰক শনিবাৰে আদালতত হাজিৰ কৰা হ’ব ৷

লগতে পঢ়ক: Viral Leave Application : দুদিন পিছত মোৰ মাৰ মৃত্যু হ'ব ! ভাইৰেল ছুটীৰ দৰ্খাস্ত

Last Updated :Dec 3, 2022, 2:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.