ETV Bharat / bharat

Viral Leave Application : দুদিন পিছত মোৰ মাৰ মৃত্যু হ'ব ! ভাইৰেল ছুটীৰ দৰ্খাস্ত

author img

By

Published : Dec 2, 2022, 8:09 PM IST

Etv Bharat
Etv Bharat

ছ'চিয়েল মিডিয়াৰ জগতখন অতি আচৰিত (Bihar viral Teacher News) । ইয়াত কেতিয়া কোনে শিৰোনাম দখল কৰা আৰম্ভ কৰে অনুমান কৰাটো অতি কঠিন । বৰ্তমান বিদ্যালয়ৰ পৰা ছুটী বিচাৰি লিখা এখন অনন্য আবেদন ভাইৰেল হৈ আছে । যিখন আবেদন লিখিছে বিহাৰৰ বাংকা জিলাৰ এজন শিক্ষকে (Banka viral Leave Application) । যিটো কথা শুনি আপুনিও হয়তো হাঁহি ৰখাব নোৱাৰিব পাৰে ।

নিউজ ডেস্ক, ২ ডিচেম্বৰ : ছ'চিয়েল মিডিয়াত কেতিয়া কি ভাইৰেল হয় একো ক'ব নোৱাৰি (Bihar viral Teacher News) । বহুসময়ত কথাবোৰ ইমানেই ধেমেলীয়া হয় যে সেয়া চাই পেটৰ নাৰী ডাল ডাল হোৱাৰ উপক্ৰম ঘটে । বিহাৰৰ বাংকা জিলাৰ পৰা এক অনন্য ঘটনা পোহৰলৈ আহিছে, যাৰ বিষয়ে জানি এতিয়া সকলোৱে আচৰিত হৈছে (Bihar viral Leave Application) । লগতে পাইছে হাঁহিৰ খোৰাকো । বিহাৰৰ বাঙ্কা জিলাৰ কাটোৰিয়াৰ এজন শিক্ষকৰ ছুটীৰ আবেদনে সকলোকে স্তম্ভিত কৰি তুলিছে । উক্ত আবোদনত তেওঁ লিখিছে, 'মাৰ দুদিন পিছত মৃত্যু হ'ব, ছুটী দিয়ক' (Banka School Teacher viral Leave Application) ।

viral application
viral application

দৰাচলতে বাংকা জিলাৰ ধোৰাইয়া আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত কচাৰী পিপ্ৰা গাঁৱৰ অজয় কুমাৰ নামৰ এজন ব্যক্তিৰ এখন আবেদন ভাইৰেল হৈছে । তাত তেওঁ লিখিছে, "মাননীয় প্ৰধান শিক্ষক মহোদয়, মই ইয়াৰ দ্বাৰা আবেদন জনাইছোঁ যে মোৰ মা 5 ডিচেম্বৰ সোমবাৰৰ নিশা 8 বজাত মৃত্যুবৰণ কৰিব । গতিকে মই তেওঁৰ অন্তিম সংস্কাৰৰ বাবে ৬ ডিচেম্বৰ আৰু ৭ ডিচেম্বৰলৈকে মোৰ বিদ্যালয়ত উপস্থিত থাকিম নোৱাৰিম । সেয়েহে মহোদয়ক অনুগ্ৰহ কৰি মোৰ ছুটীৰ আবেদন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ ।"

দুদিন পিছত মোৰ মাৰ মৃত্যু হ'ব ! ভাইৰেল ছুটীৰ দৰ্খাস্ত
দুদিন পিছত মোৰ মাৰ মৃত্যু হ'ব ! ভাইৰেল ছুটীৰ দৰ্খাস্ত

কেৱল সিমানেই নহয়, বৰাহাটৰ খাদিয়াৰা উৰ্দু বিদ্যালয়ৰ শিক্ষক ৰাজ গৌৰৱে লিখা আন এখন আবেদনো ভাইৰেল হৈ আছে । "৪ ডিচেম্বৰ আৰু ৫ ডিচেম্বৰত মই অসুস্থ হ'ম । যাৰ বাবে মই বিদ্যালয়লৈ আহিব নোৱাৰিম । সেয়েহে নৈমিত্তিক ছুটী অনুমোদিত হ'ব লাগে ।" তেওঁ কয় যে এই আবেদনখন ১ ডিচেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰে লিখা হৈছে ।

দুদিন পিছত মোৰ মাৰ মৃত্যু হ'ব ! ভাইৰেল ছুটীৰ দৰ্খাস্ত
দুদিন পিছত মোৰ মাৰ মৃত্যু হ'ব ! ভাইৰেল ছুটীৰ দৰ্খাস্ত

আনহাতে, কাটোৰিয়াৰ মজলীয়া বিদ্যালয় জামদাহৰ শিক্ষক নীৰজ কুমাৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষকলৈ নৈমিত্তিক ছুটী বিচাৰি আন এখন আবেদন কৰিছে । তাত তেওঁ লিখিছে, "মই ৭ ডিচেম্বৰত এখন বিবাহ অনুষ্ঠানত উপস্থিত থাকিবলৈ গৈ আছোঁ । মহোদয়ে জানে যে মই বিয়াৰ অনুষ্ঠানত উদৰ পূৰাই খাদ্য খাম আৰু তাৰ পিছত মোৰ পেট চলাটো খাটাং । সেয়েহে অনুগ্ৰহ কৰি তিনি দিন আগতে মোৰ আবেদনখনত অনুমোদন জনাওক ।"

দুদিন পিছত মোৰ মাৰ মৃত্যু হ'ব ! ভাইৰেল ছুটীৰ দৰ্খাস্ত
দুদিন পিছত মোৰ মাৰ মৃত্যু হ'ব ! ভাইৰেল ছুটীৰ দৰ্খাস্ত

এতিয়া আহোঁ মূল কথালৈ । আচলতে তেওঁলোকে এনে ধৰণৰ আবেদন লিখাৰ অন্তৰালত কি লুকাই আছে ? জানিব পৰা মতে, ভাগলপুৰৰ আয়ুক্ত দয়ানিধন পাণ্ডেৰ এক নিৰ্দেশৰ পিছত এনে আবেদন আহি আছে । উক্ত নিৰ্দেশত আয়ুক্তজনে কৈছিল যে আকস্মিক ঘটনাৰ আগতেই ছুটীৰ অনুমোদন লোৱাটো বাধ্যতামূলক । নিৰ্দেশটো জাৰি কৰা হৈছিল ২৯ নৱেম্বৰত । তাৰ পিছত ভাগলপুৰ জিলা শিক্ষা বিষয়া (Bhagalpur District Education Officer) আৰু বাংকা জিলা শিক্ষা বিষয়াই (Banka District Education Officer) এই সন্দৰ্ভত এখন নিৰ্দেশ-পত্ৰ জাৰি কৰিছিল । আৰু তাৰ পিছতে প্ৰশাসনিক আদেশ আৰু শিক্ষকসকলৰ আবেদন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে ।

viral applic দুদিন পিছত মোৰ মাৰ মৃত্যু হ'ব ! ভাইৰেল ছুটীৰ দৰ্খাস্তation
viral ap দুদিন পিছত মোৰ মাৰ মৃত্যু হ'ব ! ভাইৰেল ছুটীৰ দৰ্খাস্তplication

অৱশ্যে এই গোটেই নিৰ্দেশৰ আঁৰৰ কাহিনী বেলেগ । দৰাচলতে ভাগলপুৰ আয়ুক্তৰ দ্বাৰা জাৰি কৰা নিৰ্দেশটোত কোৱা হৈছিল যে যেতিয়া বিদ্যালয়সমূহ পৰীক্ষা কৰা হৈছিল তেতিয়া দেখা গৈছিল যে বিদ্যালয়সমূহৰ একাধিক শিক্ষকক একেলগে ছুটী দিয়া হয় । যাৰ ফলত বিদ্যালয়সমূহত পাঠদান প্ৰভাৱিত হয় । এনে পৰিস্থিতিত শিক্ষকসকলক একেলগে ছুটী দিয়া উচিত নহয় । নিৰ্দেশটোত এইটোও লিখা হৈছিল যে প্ৰধান শিক্ষকে খণ্ড উন্নয়ন বিষয়াৰ অনুমোদনৰ পিছতহে ছুটী অনুমোদন কৰিব লাগে ।

লগতে পঢ়ক :Mysterious death Guwahati : ৰহস্যজনকভাৱে বন্ধ কোঠাত উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.