ETV Bharat / state

Injured wild elephant gets treatment: ৰামুৰ সহায়ত চাৰিদুৱাৰত চিকিৎসা প্ৰদান আঘাতপ্ৰাপ্ত এজনী বনৰীয়া হাতীক

author img

By

Published : Jul 9, 2022, 9:24 PM IST

ৰামুৰ সহায়ত চাৰিদুৱাৰত চিকিৎসা প্ৰদান আঘাতপ্ৰাপ্ত এজনী বনৰীয়া হাতীক
ৰামুৰ সহায়ত চাৰিদুৱাৰত চিকিৎসা প্ৰদান আঘাতপ্ৰাপ্ত এজনী বনৰীয়া হাতীক

শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ অঞ্চলত দীৰ্ঘদিন ধৰি আঘাত প্ৰাপ্ত অৱস্থাত বিচৰণ কৰি আছিল এজনী বনৰীয়া হাতীয়ে (Wild elephant was roaming injured in Chariduar) ৷ প্ৰকৃতিপ্ৰেমী দিলীপ নাথ আৰু সাংবাদিক পংকজ নাথৰ তৎপৰতাত শনিবাৰে ৰাজ্যিক চিৰিয়াখানাৰ চিকিৎসকৰ এটা দলে চিকিৎসা প্ৰদান কৰে আঘাত প্ৰাপ্ত বনৰীয়া হাতীজনীক (Injured wild elephant gets treatment) ৷

ৰঙাপৰা, 9 জুলাই : এজনী আঘাতপ্ৰাপ্ত বনৰীয়া হাতী ৷ দুৰ্বৃত্তৰ আক্ৰমণত সোঁ ভৰিত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈছিল হাতীজনী ৷ যাৰ বাবে বালিপৰা সংৰক্ষিত বনাঞ্চলৰ ভিতৰত আঘাত প্ৰাপ্ত মাইকী হাতীজনীয়ে বিষৰ যন্ত্ৰণা সহ্য কৰিব নোৱাৰি সোঁভৰিখন মাটিত চোঁচৰাই ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছিল (Wild elephant was roaming injured in Chariduar) ।

জানিব পৰা মতে, বিগত 28 জুনত চাৰিদুৱাৰৰ মোলান গাঁৱত এই হাতীজনীৰ আক্ৰমণত মৃত্যু হৈছিল এজনী বৃদ্ধাৰ(Wild Elephant attacked and killed an elderly woman) ৷ বনৰীয়া হাতীজনীৰ এই অৱস্থা প্ৰত্যক্ষ কৰি প্ৰকৃতিপ্ৰেমী দিলীপ নাথ আৰু সাংবাদিক পংকজ নাথে খবৰ দিয়ে বন বিভাগক ৷ এই খবৰ লাভ কৰি বন বিভাগৰ মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) এম যাদৱৰ তৎপৰতাত শনিবাৰে সেই স্থানত উপস্থিত হয় গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানাৰ পশু চিকিৎসক ডাঃ শংকৰ শৰ্মাৰ নেতৃত্বত এটা চিকিৎসকৰ দল ৷

ৰামুৰ সহায়ত চাৰিদুৱাৰত চিকিৎসা প্ৰদান আঘাতপ্ৰাপ্ত এজনী বনৰীয়া হাতীক

পাকে অভয়াৰণ্যৰ চিকিৎসক ডাঃ প্ৰাণজিৎ বসুমতাৰীৰ সহযোগ কৰে আমাৰাবাৰী-চাৰিদুৱাৰ বনকৰ্মীসকলৰ উপস্থিতিত ৰাজ্যিক চিৰিয়াখানাৰ চিকিৎসকৰ দলটোৱে আঘাপ্ৰাপ্ত বনৰীয়া হাতীজনীক ট্ৰেংকুলাইজ কৰাৰ বাবে চেষ্টা চলায় ৷ কিন্তু এই ক্ষেত্ৰত চিকিৎসকৰ দলটোৱে দুবাৰ চেষ্টা কৰিও বিফল হয় ।

পৰৱৰ্তী সময়ত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ মৰমৰ হাতী ৰামুক ঘটনাস্থলীলৈ অনা হয় ৷ ৰামুৰ সহযোগত বালিপৰা সংৰক্ষিত বনাঞ্চলৰ ভিতৰৰ ঘন হাবিৰ মাজত আশ্ৰয় লৈ থকা অসুস্থ বনৰীয়া হাতীজনীক ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয় চিকিৎসকৰ দলটোৱে ৷

তাৰ পাচত অসুস্থ বনৰীয়া হাতীজনীক চিকিৎসা প্ৰদান কৰে চিকিৎসকৰ দলটোৱে (Injured wild elephant gets treatment) ৷ জানিব পৰা মতে, পূৰ্বতকৈ বনৰীয়া হাতীজনীৰ স্বাস্থ্য কিছু উন্নত হৈছে ৷

লগতে পঢ়ক : নলবাৰীৰ ১ নং জয়সাগৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.