ETV Bharat / state

ক’ভিড ৰোগীৰ মৃত্যু সন্দৰ্ভত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত তদন্তৰ নিৰ্দেশ

author img

By

Published : Jun 11, 2021, 2:23 PM IST

Updated : Jun 11, 2021, 7:54 PM IST

ক’ভিড ৰোগীৰ মৃত্যুক লৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত উত্তেজনা
ক’ভিড ৰোগীৰ মৃত্যুক লৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত উত্তেজনা

ছদিন পিছত উদ্ধাৰ হোৱা ক’ভিড ৰোগীৰ মৃত্যুক লৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল(Tezpur Medical College)ত তদন্তৰ নিৰ্দেশ জাৰি শোণিতপুৰ জিলা উপায়ুক্তৰ ৷ এই ঘটনাক কেন্দ্ৰ কৰি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল(Tezpur Medical College)ত সৃষ্টি হৈছে এক চাঞ্চল্যৰ ৷

তেজপুৰ, ১১ জুন : শোণিতপুৰ জিলাৰ অন্তৰ্গত সৰুপাত গাঁৱৰ এগৰাকী ৬৫ বছৰীয়া ক’ভিড (Covid) ৰোগত আক্ৰান্ত মহিলাক আশাকৰ্মীৰ সহযোগিতাত পৰিয়ালে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু হঠাৎ ক’ভিড কক্ষৰ পৰা অন্তৰ্ধান হৈছিল ক’ভিড ৰোগীগৰাকী ৷ এই অভিযোগ উত্থাপন কৰিছিল সন্ধানহীন ক’ভিড ৰোগীৰ পৰিয়ালে ৷ এই বাতৰি সম্প্ৰচাৰ হৈছিল ইটিভি ভাৰতত ৷

ক’ভিড ৰোগীৰ মৃত্যুক লৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত উত্তেজনা
ক’ভিড ৰোগীৰ মৃত্যুক লৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত উত্তেজনা

ইটিভি ভাৰতৰ বাতৰিৰ পিছতেই শোণিতপুৰ জিলা উপায়ুক্তই এক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ জাৰি কৰিছে । জিলা উপায়ুক্ত ভূপেছ চন্দ্ৰ দাসে ইটিভি ভাৰতক ফোন যোগে জনাই এই তথ্য। উপায়ুক্ত গৰাকীয়ে কয় যে, ইতিমধ্যে এগৰাকী দণ্ডাধীশৰ জৰিয়তে সমগ্ৰ বিষয় সম্পৰ্কে তদন্তৰ নিৰ্দেশ দিয়া হৈছে ।

ক’ভিড ৰোগীৰ মৃত্যুক লৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত উত্তেজনা
ক’ভিড ৰোগীৰ মৃত্যুক লৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত উত্তেজনা

উল্লেখ্য যে, ভুক্তভোগী পৰিয়ালে এজাহাৰ দাখিল কৰাৰ পিছতেই তেজপুৰ চিকিৎসা মহাবিদ্যালয়(Tezpur Medical College)ৰ মৰ্গত ৯ জুনত উদ্ধাৰ হৈছিল ক’ভিড ৰোগীগৰাকীৰ মৃতদেহ ৷ ঘটনাৰ অভিযোগ অনুসৰি, বিগত ২৬ মে’ত তেজপুৰ সৰুপাটগাঁৱৰ ধনমণি গোৱালা নামৰ ৬৫ বছৰীয়া মহিলা গৰাকী ক’ভিডত আক্ৰান্ত হোৱাত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল (Tezpur Medical College)ৰ ক’ভিড কক্ষত ভৰ্তি কৰোৱা হয় ৷ বিগত ৩ জুনলৈকে তেওঁ কভিড কক্ষতে আছিল ৷ কিন্তু ৪ জুনৰ পৰা হঠাৎ ক’ভিড কক্ষত ৰোগীগৰাকীক তেওঁৰ পুত্ৰ কৰ্মেশ্বৰ গোৱালাই বিচাৰি নাপাই হুৱাদুৱা লগায় ৷

ক’ভিড ৰোগীৰ মৃত্যুক লৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত উত্তেজনা
ক’ভিড ৰোগীৰ মৃত্যুক লৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত উত্তেজনা

পুত্ৰৰ অভিযোগ, চিকিৎসালয় কতৃপক্ষই ধনমণি গোৱালা নামৰ কোনো ৰোগীয়ে চিকিৎসালয়ত ভৰ্তি হোৱা নাই মন্তব্য কৰে ৷ হাস্পতাল কতৃপক্ষৰ এই মন্তব্য শুনি ক’ভিড ৰোগী ধনমণি গোৱালাৰ পুত্ৰ আচৰিত হৈ পৰে ৷

ক’ভিড ৰোগীৰ মৃত্যু সন্দৰ্ভত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত তদন্তৰ নিৰ্দেশ

৪ জুনৰ পৰা মাতৃক বিছাৰি হাবাথুৰি খালে পুত্ৰই ৷ কিন্তু সন্ধান নাপালে মাতৃৰ ৷ সম্পূৰ্ণ ৫ টা দিন চিকিৎসালয় খনত মাতৃক বিচাৰি হাইৰান হৈ পৰে পুত্ৰ ৷ মাতৃ ধনমণিৰ মৃত্যু হ’ল নেকি ক’ভিডত সেয়াও নাজানিলে তেওঁৰ পুত্ৰই ৷ নজনালে চিকিৎসা মহাবিদ্যালয় কতৃপক্ষই ৷ কতৃপক্ষই ধনমনি গোৱালা নামৰ কোনো মহিলা চিকিৎসালয়ত ভৰ্তি হোৱাই নাই বুলি পৰিয়ালক কিয় মিছাকৈ ক’লে চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক আৰু চিকিৎসাকৰ্মী সকলে ?

অৱশেষত উপায়ন্তৰ হৈ ৯ জুনত পুৱা তেজপুৰ শালনীবাৰী আৰক্ষীৰ ওচৰত কৰ্মেশ্বৰ গোৱালাই দাখিল কৰে এজাহাৰ ৷ তাৰ পাচতেই হুৱাদুৱা লাগে চিকিৎসা মহাবিদ্যালয় খনত ৷ ৯ জুনৰ বিয়লি ধনমনিৰ মৃতদেহ উদ্ধাৰ হয় চিকিৎসা মহাবিদ্যালয় হস্পিতাল (Tezpur Medical College)ৰ মৰ্গত ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে বিয়লি প্ৰায় ১:৫৫ বজাত ধনমনি গোৱালাৰ মৃত্যু দেখুৱাইছে হাস্পতাল কতৃপক্ষই ৷ কিন্তু এতিয়াও ৰহস্যৰ আৱৰ্তত, বিগত ৫ দিনে ক’ত আছিল মৃত ধনমনি ? কিন্তু কিয় পৰিয়ালক জনোৱা নাছিল হাস্পতাল কতৃপক্ষই ?

এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ তদন্তৰ পিছতহে পোহৰলৈ আহিব সকলো তথ্য ।

লগতে পঢ়ক: গভীৰ সংকটত ৰঙিয়াৰ বাছৰ মালিক আৰু কৰ্মচাৰী

Last Updated :Jun 11, 2021, 7:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.